মৰ্মিতা মিত্ৰলৈ জুবিন ভগ্নীৰ অনুৰোধ
জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধকৈ পৰিৱেশন কৰিবলৈ অনুৰোধ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰক । এক ফেচবুক পোষ্ট যোগে এই আহ্বান জনালে জুবিন ভগ্নী পামী বৰঠাকুৰে ।

By ETV Bharat Entertainment Team
Published : April 17, 2026 at 3:20 PM IST
গুৱাহাটী : জুবিনবিহীন প্ৰথমটো বিহুত প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে বাৰুকৈ অনুভৱ কৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ শূন্যতা । উজনিৰ পৰা নামনিলৈ এইবাৰ প্ৰতিখন বিহুত তেওঁৰ প্ৰতিটো কালজয়ী গীতেৰে স্মৰণ কৰা হৈছে প্ৰাণৰ শিল্পীগৰাকীক ।
ইফালে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যৰ একাংশ শিল্পীয়ে এইবাৰ বিহুত অনুষ্ঠান নকৰাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে যিসকল কণ্ঠশিল্পীয়ে অনুষ্ঠান কৰিছে তেওঁলোকে মঞ্চত প্ৰাণৰ শিল্পীগৰাকীৰ গীতসমূহ পৰিৱেশন কৰা পৰিলক্ষিত হৈছে ।
প্ৰাণৰ শিল্পীগৰাকীৰ অৱৰ্তমানত তেওঁৰ গীতসমূহ পৰিৱেশন কৰি শ্ৰদ্ধাঞ্জলি জনাইছে সকলোৱে । আনহাতে ইয়াৰে মাজতে সামাজিক মাধ্যমত বহু কণ্ঠশিল্পীয়ে শিল্পীগৰাকীৰ গীতসমূহ বিকৃতভাৱে পৰিৱেশন কৰাৰ এক অভিযোগ উত্থাপন হৈছে । বিশেষকৈ অভিযোগ উত্থাপন হৈছে পশ্চিম বংগৰ পৰা আহি জুবিন গাৰ্গৰ গীত গাই অসমত জনপ্ৰিয়তা লাভ কৰা গায়িকা মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে ।
জুবিন গাৰ্গৰ কালজয়ী গীতসমূহ সঠিকভাৱে পৰিৱেশন কৰাৰ বিপৰীতে বিকৃতভাৱে উপস্থাপন কৰাৰ অভিযোগ উত্থাপন কৰিছে জুবিন অনুৰাগীয়ে । অৱশ্যে মৰ্মিতাৰ বিৰুদ্ধে এই অভিযোগ নতুন নহয় । জুবিন গাৰ্গৰ গীত গাই জনপ্ৰিয় হোৱা বংগীয় কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও শিল্পীগৰাকীৰ গীত শুদ্ধকৈ পৰিৱেশন নকৰাৰ অভিযোগ উত্থাপন হৈছিল । জুবিন গাৰ্গৰ অনুৰাগীসকলে শিল্পীগৰাকীৰ অৱৰ্তমানত তেওঁৰ গীতসমূহ শুদ্ধকৈ পৰিৱেশন কৰাটো বিচাৰিছে ।
এই সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে । সামাজিক মাধ্যমৰ এক পোষ্ট যোগে পামীয়ে উল্লেখ কৰে, “সকলো শিল্পী-কলাকুশলী যিসকলে জুবিন দাৰ গীতসমূহ এইবাৰ ব'হাগৰ মঞ্চত অতি শ্ৰদ্ধা আৰু মৰমেৰে perform কৰিছে, তেওঁৰ সৃষ্টিৰাজিক সন্মান জনাইছে, সেই সকলোলৈকে আমাৰ পৰিয়ালৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ যদিও ধন্যবাদ এটি সৰু শব্দ মাথোঁ । মৰ্মিতা মিত্ৰলৈ বিশেষ অনুৰোধ জনাইছোঁ যাতে জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধভাৱে মঞ্চত পৰিবেশন কৰে, কাৰণ জুবিন গাৰ্গৰ সৃষ্টিৰাজি শুদ্ধভাৱে জনতাৰ মাজত, নতুন প্ৰজন্মৰ মাজত প্ৰচলিত হ'ব লাগিব । Experimentation on musical compositions and improvisation on existing compositions must be very scientifically done and shall maintain the original flavour of the compositions. My best wishes are with her.”
আনহাতে জুবিন ফেন ক্লাবৰ সাধাৰণ সম্পাদক পিকু বৰগোঁহায়েও এক পোষ্ট যোগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “জুবিন দাৰ গান গোৱাৰ আগত গানৰ গুণগত মানদণ্ড বজাই ৰাখক মৰ্মিতা মিত্ৰ, জুবিন দাৰ চিৰসেউজ গীতসমূহ বিনষ্ট নকৰিব লগতে জুবিন গাৰ্গক ব্যৱসায়ৰ আহিলা হিচাপে ব্যৱহাৰ কৰা বন্ধ কৰক , শেষবাৰৰ বাবে সকীয়াই দিলোঁ ৷”
সামাজিক মাধ্যমত বহু ঋণাত্মক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ৷ খঙত অগ্নিশৰ্মা হৈ পৰিছে জুবিন অনুৰাগী ৷ অৱশেষত মৰ্মিতা মিত্ৰইও নিজৰ মনৰ কথা প্ৰকাশ কৰে সামাজিক মাধ্যমৰ জৰিয়তে ৷ তেওঁ লিখিছে, “ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ, বা Dr-Palmee Borthakur 🙏❤️
মই নিজকে ধন্য অনুভৱ কৰিছোঁ যে আপুনি মোক আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছে ।
এগৰাকী অগ্ৰজ হিচাপে আপুনি মোক যিবোৰ দিশ আঙুলিয়াই দিছে, সেইবোৰ মই নিশ্চয়ভাৱে মনত ৰাখিম আৰু অনাগত দিনত মানি চলিবলৈ চেষ্টা কৰিম । মোৰ অজানিতে হোৱা ভুলবোৰ আগলৈও আঙুলিয়াই দিব বুলি মই আশাবাদী । আগতে মোৰ ভুলবোৰ শুধৰাবলৈ দাদা আছিল, কিন্তু এতিয়া তেওঁ কায়িকভাৱে আমাৰ মাজত নাই । সেইবাবে আপোনালোক আৰু অসমৰ মৰমিয়াল জনতাই মোৰ ভুলবোৰ শুধৰাই দিব বুলি আশা ৰাখিছোঁ ।
কোৱা হয়- মানুহ মাত্রেই ভুল কৰে, আৰু মোৰো অজানিতে ভুল হ’ব পাৰে । কিন্তু অসমবাসীয়ে মনত আঘাত পোৱা কোনো কাম মই কেতিয়াও নকৰোঁ । নিজৰ ভণ্টি হিচাপে মোক আশীৰ্বাদ কৰি আগুৱাই যোৱাত সহায় কৰিব বুলি মই গভীৰভাৱে বিশ্বাস কৰোঁ ।
শ্ৰদ্ধাৰে,
মৰ্মিতা মিত্ৰ
#JusticeForZubeenGarg”
লগতে পঢ়ক : সোণাপুৰৰ জুবিন সমাধিক্ষেত্ৰত ঢুলীয়া-বিহুৱতীয়ে দিলে বিহুৰ পৰশ, জুবিন গাৰ্গলৈ শ্ৰদ্ধা

