ETV Bharat / entertainment

দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম- জুবিনে যেন উদ্ধাৰ কৰি থৈ গ’ল জাতিটো

গাঁৱে গাঁৱে হ’ব ছবিগৃহ ৷ জুবিন গাৰ্গৰ সপোন সাৰ্থকৰ দিশে ৷ নৱেম্বৰ মাহৰ শেষৰ ফালে টীয়কত শুভাৰম্ভ হ'ব এটি অত্যাধুনিক ছবি গৃহ ৷

cinema
নৱেম্বৰ মাহৰ শেষৰ ফালে টীয়কত শুভাৰম্ভ হ'ব এটি অত্যাধুনিক ছবি গৃহ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : November 22, 2025 at 10:59 AM IST

3 Min Read
Choose ETV Bharat

টীয়ক : টীয়কত এটি ছবিগৃহৰ অভাৱ বহুদিনৰ পৰা সকলোৱে অনুভৱ কৰি আহিছিল ৷ এই অভাৱ পূূৰণ কৰিবলৈ বহুসময়ত বহুজন সংস্কৃতিবান ব্যক্তি আগবাঢ়ি আহিছে ৷ অৱশেষত এই সপোন পূৰণ কৰিবলৈ সক্ষম হ’ল এগৰাকী উদ্যমী মহিলা ৷

টীয়কৰ হেপী গগৈ নামৰ এগৰাকী উদ্যমী মহিলাই টীয়কৰ কানুপুখুৰী অঞ্চলত এটি অত্যাধুনিক ছবিগৃহৰ নিমাৰ্ণ কাৰ্য চলাই আছে আৰু নৱেম্বৰ মাহৰ শেষৰফালে ছবি গৃহটো মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে ৷ ছবি গৃহটোৰ শুভাৰম্ভণিক লৈ সমগ্ৰ টীয়কৰ ছবিপ্ৰেমী ৰাইজ অধিক উৎকণ্ঠাত আছে ।

নৱেম্বৰ মাহৰ শেষৰ ফালে টীয়কত শুভাৰম্ভ হ'ব এটি অত্যাধুনিক ছবি গৃহ (ETV Bharat Assam)

উল্লেখ্য যে, নিজৰ পৰিয়ালৰ সকলো ব্যস্ততাৰ মাজতে সমাজত নিজৰ পৰিচয় তথা নিজকে স্বাৱলম্বী কৰি তুলিবলৈ এইগৰাকী মহিলাই কিবা এটা ব্যৱসায় কৰিবলৈ মনত এটা হেঁপাহ পুহি ৰাখিছিল ৷ তেওঁ নিজৰ ব্যৱসায়ৰ জৰিয়তে আন দহগৰাকী যুৱক-যুৱতীকো সংস্থাপন দিয়াৰ কথা ভাবি আছিল ।

যিহেতু টীয়ক এখন নৱগঠিত নগৰ, ন্যূনতম সকলো সা-সুবিধা আছে যদিও অৱসৰ বিনোদনৰ বাবে বৰ বিশেষ একো সুবিধা নাই ৷ বিশেষকৈ অসমীয়া চিনেমা আদি উপভোগ কৰিবলৈ কোনো ব্যৱস্থা নাছিল, সেয়ে এই অভাৱ পূৰণ কৰিবলৈ বিগত জানুৱাৰী মাহৰ পৰা চিকিৎসক স্বামী ডাঃ প্ৰাঞ্জল চুতীয়াৰ পূৰ্ণ সমৰ্থন কানুপুখুৰীত এই ছবিগৃহটোৰ স্থাপনৰ ব্যৱস্থা কৰিছে হেপী গগৈয়ে ।

হেপী গগৈয়ে কয়, "আশা কৰিছিলো হিয়াৰ আমঠু জুবিন গাৰ্গৰ হতুৱাই শুভাৰম্ভ কৰিম ছবি গৃহটি । হঠাৎ হাৰ্টথ্ৰবগৰাকীৰ মৃত্যুৱে সকলো সপোন তচনচ কৰি পেলালে, মই হতাশগ্ৰস্ত হৈ পৰিছিলো । কিন্তু ৰাইজৰ সঁহাৰি তথা জুবিন গাৰ্গৰ শেষ আৰু সপোনৰ ছবি ৰৈ ৰৈ বিনালে টীয়কৰ ৰাইজেও যাতে উপভোগ কৰিব পাৰে, তাৰ বাবে বৰ্তমান দিনে ৰাতিয়ে কাম অব্যাহত ৰাখিছো ৷”

তেওঁ লগতে কয়, “চোটু মহাৰাজ নামৰ মুম্বাইৰ এটি প্ৰতিষ্ঠানৰ সৈতে চুক্তিবদ্ধ কৰি ১০০ আসনযুক্ত অত্যাধুনিক এই ছবিগৃহটিৰ প্ৰায় ৯০% কাম সম্পূৰ্ণ কৰিছো আৰু অতি কম সময়ৰ ভিতৰত বাকী কামবোৰো সম্পূৰ্ণ কৰি এই নৱেম্বৰ মাহৰ শেষলৈ ৰৈ ৰৈ বিনালে ছবিখনৰ প্ৰদৰ্শনেৰে শুভাৰম্ভ কৰিম । লগতে স্থানীয় যুৱক-যুৱতীৰ সংস্থাপনৰ ব্যৱস্থা কৰিছো ।"

এগৰাকী মহিলা হৈ কানুপুখুৰীৰ দৰে গ্ৰামাঞ্চলত এনেকুৱা ব্যতিক্ৰমী ব্যৱসায় বা প্ৰকল্প আৰম্ভ কৰিবলৈ সাহস কৰা কাৰ্যক এতিয়া সকলোৱে আদৰণি জনাইছে আৰু সফলতা কামনা কৰিছে সকলোৱে ।

ইপিনে হেপী গগৈৰ স্বামী ডাঃ প্ৰাঞ্জল চুতীয়াই কয়, "এওঁৰ কিবা এটা কৰাৰ বৰ হেঁপাহ আছিল । টীয়কৰ কানুপুখুৰীৰ দৰে গ্ৰামাঞ্চলত চিনেমা হল খোলাটো বৰ সহজ নহয় । মই তেওঁক সুধিছিলো পাৰিবানে, তেওঁ একেষাৰে পাৰিম বুলি ক'লে । এই সাহসেৰেই তেওঁ আগবাঢ়ি গৈছে ৰাইজৰ আশীৰ্বাদত । সম্পূৰ্ণ কাম-কাজ বৰ্তমান এওঁৱেই চাই আছে । আশা কৰো ৰাইজৰ সঁহাৰি পাম আৰু আমি সফল হ'ম ।"

লগতে পঢ়ক : আৰু কেইটামান দিন আছে, জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে হাংগামা হ’ব : খগেন গগৈ