ETV Bharat / entertainment

জুবিনে ন্যায় পাবই লাগিব : জে পি দাস

বিশিষ্ট সংগীতশিল্পী জে পি দাসেও বিচাৰিলে জুবিনৰ ন্যায় । 'দেৰিয়ে হওক লাগিলে, কিন্তু ন্যায় নোপোৱাকৈ যেন নাথাকে'- এই মন্তব্য জে পি দাসৰ ।

zubeen garg must get justice says veteran singer composer j p das
জে পি দাসে বিচাৰিলে জুবিনৰ ন্যায় (photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : October 15, 2025 at 7:03 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ বিহীন ২৭ দিন । শিল্পীগৰাকীৰ ন্যায়ৰ বাবে যুঁজিবলগীয়া হৈছে প্ৰতিগৰাকী অসমীয়াই । সামাজিক মাধ্যমত ইতিমধ্যে শিল্পীগৰাকীৰ ন্যায় বিচাৰি আৰম্ভ হৈছে ডিজিটেল আন্দোলন ।

বাতৰি লিখাৰ মুহূৰ্তলৈকে 9 লাখ 97 হাজাৰ লোকে #JusticeForZubeenGarg লিখি ন্যায় বিচাৰিছে । ইয়াৰ মাজতে বহুজনে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া লেহেমীয়া হোৱা বুলি অভিযোগ কৰিছে ।

জে পি দাসে বিচাৰিলে জুবিনৰ ন্যায় (ETV Bharat Assam)

বিশিষ্ট সংগীতশিল্পী জে পি দাসেও বিচাৰিলে শিল্পীগৰাকীৰ বাবে ন্যায় । তদন্ত সন্দৰ্ভত জে পি দাসে কয়, “জয়ন্ত হাজৰিকাৰ লগতে শিল্পীৰ যিটো মাইলেজ সেইটো জুবিন গাৰ্গৰো আছিল । আইনে নিজৰ সময় ল’বই । দেৰিয়ে হওক কিন্তু ন্যায় নোপোৱাকৈ যেন নাথাকে । নোহোৱাকৈ থাকিলে ৰাইজ জাগ্ৰত হ'ব । তেতিয়া ৰাইজে আদালত খুলিব আৰু ৰাইজে আদালত খুলিলে খুব বিপদজনক আদালত হ'ব । নতুন প্ৰজন্মই যদি এৰিও দিয়ে, ন্যায় কিন্তু পাব লাগিব । আমাৰ বয়সৰ মানুহখিনিয়ে ন্যায় বিচাৰিছে । দোষীসকলক মাটিত পুতি মাৰিব লাগে । শ্লো পইজন যিদৰে জুবিনক কৰিছে, সিহঁতকো তেনেদৰে কৰিব লাগিব । মাটিৰ ভিতৰত সোমাই পৃথিৱীখন দেখি থাকিব আৰু লাহে লাহে মৰি থাকিব ।”

লগতে তেওঁ কয়, “জুবিনৰ স্থান কোনেও ল’ব নোৱাৰে । কিন্তু জুবিনৰ গানবোৰ জীয়াই ৰাখিবলৈ দ্বিতীয় জুবিন ওলাব লাগিব । জুবিনৰ গান গাব লাগিব, কিন্তু জুবিনৰ গান গাই গাই অনুষ্ঠানত বেছি পইচা খুজিব নোৱাৰিব । জুবিন গাৰ্গে ফুটবল খুব ভাল পাইছিল । গতিকে জুবিন গাৰ্গৰ নামত যদি চৰকাৰে এখন ফুটবল একাডেমী খোলে, তেতিয়া ফুটবলৰ ফালেও জুবিনৰ নামটো আগবাঢ়িব ।”

উল্লেখ্য যে, আজি পুৱাৰ ভাগত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু 2 দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যক । আজি এই এছ আই টিৰ জিম্মাৰ ম্যাদ উকলি যোৱাত কটকটীয়া নিৰাপত্তাৰ মাজেৰে আদালত হাজিৰ কৰোৱা হয় পাঁচজনক । আৰক্ষীৰ জিম্মাৰ অন্তত আদালতে 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে 5 অভিযুক্তক ।

লগতে পঢ়ক : আমি নেভাগৰো... আমি নেপাহৰো! ন্যায় আমাক লাগিবই... শিল্পী সমাজে আৰম্ভ কৰিলে ডিজিটেল প্ৰতিবাদ