ETV Bharat / entertainment

জুবিন হত্য়া গোচৰৰ ফাষ্টট্ৰেক আদালতত সাক্ষ্য দিলে সৃজনী ভাস্ব মহন্তই

জুবিন গাৰ্গ হত্যাৰ গোচৰত শনিবাৰে সাক্ষ্যদান প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কন্যা তথা শ্যামকানু মহন্তৰ ভতিজীৰ ৷

Zubeen Garg Murder Case: Srijani Bhaswa Mahanta Testifies in Court
জুবিন গাৰ্গ হত্যাৰ গোচৰত সাক্ষ্যদান সৃজনী ভাস্ব মহন্তৰ (Photo : IANS/ETV Bharat)
author img

By ETV Bharat Entertainment Team

Published : August 29, 2026 at 4:17 PM IST

|

Updated : August 29, 2026 at 5:19 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : আদালতত চলি আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া । শনিবাৰে বিশেষ ফাষ্টট্ৰেক আদালতত শিল্পীগৰাকীৰ হত্যাৰ গোচৰৰ সাক্ষ্যদান কৰে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কন্যা তথা শ্যামকানু মহন্তৰ ভতিজী সৃজনী ভাস্ব মহন্তই ।

সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰদান কৰি সৃজনী ভাস্ব মহন্তই কয়, "সামাজিক মাধ্যমত মোৰ যিটো প’ষ্ট আপোনালোক সকলোৱে দেখিছে, সেই বিষয়ে আলোচনা কৰা হৈছে । সকলোৱে দেখিছে মই কি লিখিছিলোঁ । নতুনকৈ মোৰ একো ক’বলগীয়া নাই । ন্যায় সকলোৱে পাব লাগে । জুবিন গাৰ্গক মই সৰুৰে পৰা লগ পাইছোঁ । সিদ্ধাৰ্থ শৰ্মাক মই চিনি নাপাওঁ ।"

সৃজনী ভাস্ব মহন্তৰ ভাষ্য (ETV Bharat)

আনহাতে শ্যামকানু মহন্ত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছে নে নাই এই সন্দৰ্ভত আপুনি কি ভাবে বুলি কৰা এক প্ৰশ্নৰ উত্তৰত সৃজনীয়ে কয়, "মই কি ভাবো সেইটো গুৰুত্বপূৰ্ণ নহয় ।"

আপোনালোকে এনেধৰণৰ প্ৰশ্ন কৰা বন্ধ কৰক বুলি সাংবাদিকক উভতি ধৰিলে সৃজনীয়ে । সকলোৰে ঘৰুৱা কথাৰ পৰা উৰ্ধত থাকি জুবিনৰ বিষয়টো আলোচনা কৰাৰ দৰকাৰ আছে বুলি উল্লেখ কৰি সৃজনীয়ে সকলোকে বৰমূৰীয়াসকলক প্ৰশ্ন কৰিবলৈ কয় ৷

উল্লেখ্য যে, জুবিনৰ মৃত্যুৰ পাছত সামাজিক মাধ্যমত খুৰাক শ্যামকানু মহন্তৰ মুখা খুলিছিল সৃজনী ভাশ্ব মহন্তই । খুৰাক শ্যামকানু মহন্তই জুবিন গাৰ্গক পণ্য সামগ্ৰী বুলি কোৱা কথা সামাজিক মাধ্যমত এক প’ষ্টযোগে উল্লেখ কৰিছিল সৃজনীয়ে । যাৰ বাবে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত সাক্ষী হিচাপে সৃজনীক অন্তর্ভুক্ত কৰিছিল এছ আই টিয়ে ৷

আনহাতে সৰ্বোচ্চ ন্যায়ালয়ে সকাহ নিদিলে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্তক । ১২ অক্টোবৰলৈকে কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত ৷

লগতে পঢ়ক : কাৰাগাৰতে থাকিব লাগিব হার্টথ্রব জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্ত, ১২ অক্টোবৰলৈ অপেক্ষা

Last Updated : August 29, 2026 at 5:19 PM IST