জুবিনে বিচৰাৰ দৰেই বিশ্বমানৰ হৈ পৰিছে অসমীয়া চিনেমা, বিদেশত স্ক্ৰীণিং 'ৰৈ ৰৈ বিনালে'ৰ
প্ৰাণৰ শিল্পীগৰাকীৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ আন্তৰ্জাতিক প্ৰদৰ্শনী উপভোগ কৰিবলৈ সাজু হৈছে প্ৰবাসী অসমীয়া । ১৫ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ছবিখনৰ বিদেশ যাত্ৰা ।

By ETV Bharat Entertainment Team
Published : November 13, 2025 at 5:42 PM IST
গুৱাহাটী : অসমৰ প্রাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি 'ৰৈ ৰৈ বিনালে' পূৰ্ণগতিত চলি আছে অসমত ৷ আন কোনো ভাষাৰ ছবি প্ৰয়োজন সাপেক্ষে মুক্তি নিদিয়াৰ সিদ্ধান্ত লৈছে ছবিগৃহসমূহৰ কৰ্তৃপক্ষই ৷ ৰাজ্যৰ লগতে বহিঃৰাজ্যতো একেদিনাই মুক্তি লাভ কৰা ছবিখনৰ এতিয়া বিদেশত স্ক্ৰীণিং হ’ব ৷ ১৫ নৱেম্বৰৰ পৰা বিদেশত সগৌৰৱে চলিব জুবিন গাৰ্গৰ ড্ৰীম প্ৰজেক্ট 'ৰৈ ৰৈ বিনালে' । অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ দুখৰ মাজতে ছবিখন উপভোগৰ বাবে সাজু হৈছে সাত সাগৰ তেৰ নদীৰ সিপাৰে বাস কৰা প্ৰৱাসী অসমীয়াসকল ৷
ছবিখন ১৫ নৱেম্বৰত কানাডাৰ টৰণ্ট’ৰ লগতে আমেৰিকাৰ নৰ্থ কেৰ’লাইনাত প্ৰদৰ্শন কৰা হ’ব ৷ তাৰোপৰি, ১৬ নৱেম্বৰত ডুবাইৰ লগতে ইলিনয়ৰ ছিকাগ’, মিছিগানৰ ডেট্ৰইট, জৰ্জিয়াৰ আটলাণ্টা, টেক্সাছৰ অ’ষ্টিন আৰু ডালাছত প্ৰদৰ্শিত হ’ব ছবিখন ৷
আনহাতে ৭ ডিচেম্বৰত নিউজাৰ্চি আৰু বষ্টনত ছবিখনৰ বিশেষ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে । ৮ ডিচেম্বৰত ছান ফ্ৰান্সিছক’ৰ বে এৰিয়াত ‘ৰৈ ৰৈ বিনালে’ চাবৰ বাবে সাজু হৈছে প্ৰৱাসী অসমীয়াসকল ৷ ইফালে ছিয়াটলত ১৩ আৰু ১৪ ডিচেম্বৰত ছবিখন প্ৰদৰ্শন কৰাৰ বিষয়ে আলোচনা চলি আছে যদিও এতিয়ালৈ তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই ৷ লছ এঞ্জেলছতো ডিচেম্বৰ নতুবা জানুৱাৰী মাহত চিনেমাখন প্ৰদৰ্শন কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে ৷
উল্লেখ্য যে, অসমীয়া ছবি এখনে মুক্তি লাভ কৰাৰ পাছত বিদেশত ছবিখনৰ প্ৰদৰ্শনৰ বাবে প্ৰায় তিনি মাহৰ পৰা ছয় মাহ সময় অপেক্ষা কৰিবলগীয়া হয় ৷ এইক্ষেত্ৰত মুক্তিৰ ১৫ দিনৰ ভিতৰতে আমেৰিকাত মুক্তি পাবলৈ গৈ থকা ‘ৰৈ ৰৈ বিনালে’ হ'ব প্ৰথমখন অসমীয়া ছবি ৷ ইয়াৰ আৰঁত ছবিখনৰ পৰিচালক ৰাজেশ ভূঞা আৰু প্ৰযোজক শ্যমন্তক গৌতম, গৰিমা শইকীয়া গাৰ্গৰ লগতে সমগ্ৰ টীমৰ কষ্ট জড়িত হৈ আছে ৷ মুক্তিৰ পূৰ্বৰ পৰাই বহুকেইটা অভিলেখ সৃষ্টি কৰা ছবিখনৰ ক্ষেত্ৰত এইটো অন্য এক অভিলেখ ।
৩১ অক্টোবৰত ৰাজ্যৰ লগতে দেশৰ সকলো প্ৰান্ততে মুক্তি লাভ কৰা জুবিন গাৰ্গ অভিনীত অন্তিমখন ছবি তথা অসমৰ প্ৰথমখন মিউজিকেল ড্ৰামাই ইতিমধ্যে সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছে ৷ দেশবাসীৰ পাছতে এতিয়া অধীৰ আগ্ৰহেৰে ‘ৰৈ ৰৈ বিনালে’ চাবলৈ ৰৈ আছে সকলো প্ৰৱাসী অসমীয়া ।
লগতে পঢ়ক : কলকাতাতো একেই আবেগৰ ঢল, ৰৈ ৰৈ বিনালে উপভোগ কৰিলে শতাধিক লোকে

