ETV Bharat / entertainment

কাজিৰঙাত পৰ্যটকেও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হৈ জ্বলালে চাকি

কাজিৰঙাত পৰ্যটকেও অংশ ল’লে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৷ কৰিলে বন্তি প্ৰজ্বলন, গালে মায়াবিনী ৷

zubeen garg death one month Tourists also lit candles at the tribute ceremony in Kaziranga
জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : October 20, 2025 at 11:00 AM IST

2 Min Read
Choose ETV Bharat

কাজিৰঙা : দেশৰ ভিন্ন প্ৰান্তৰ পৰ্যটকৰ অংশগ্ৰহণেৰে শিল্পী জুবিন গাৰ্গক সুঁৱৰি দেওবাৰে সন্ধিয়া কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ অসমৰ লগতে কৰ্ণাটক, মহাৰাষ্ট্ৰ আদিৰ শতাধিক পৰ্যটকৰ উপস্থিতিৰে অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উদ্যানৰ কৰ্মীবৃন্দৰ লগতে পৰ্যটকেও বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে ন্যায়ৰ আহ্বান জনায় ৷

দেওবাৰে সন্ধিয়া অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আৱেগপূৰ্ণ পৰিৱেশত উদ্যানৰ সংগীত শিল্পীসকলৰ লগতে পৰ্যটকসকলেও জুবিন গাৰ্গৰ অমৰ সৃষ্টি ‘মায়াবিনী’ গীতত সমস্বৰে কণ্ঠ নিগৰালে ৷

জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান (ETV Bharat Assam)

উদ্যানখনৰ পৰিচালকৰ দায়িত্বত থকা ৰঞ্জন ফুকনে কয়, “হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰয়াণৰ এমাহ হ’ল যদিও এয়া বিশ্বাস কৰিব পৰা নাই যে তেওঁ নোহোৱা হ’ল ৷” তেওঁ কায়িকভাৱে নাথাকিলেও তেওঁৰ সৃষ্টিৰাজি, তেওঁৰ সত্ত্বা সদায় জীয়াই ৰাখিম বুলি প্ৰকাশ কৰি তেওঁ কয়, “অৰ্কিড উদ্যানলৈ শিল্পীগৰাকী পূৰ্বে বহুবাৰ আহিছে, উদ্যানত বহুসময় কটাইছে ৷ উদ্যানৰ কৰ্মীসকলে তেওঁক বহু কাষৰ পৰাই পাইছে ৷ গতিকে এনে পৰিৱেশত সকলোৱেই ব্যথিত ৷” তেওঁ পুনৰ কয়, “উদ্যানলৈ অহা পৰ্যটকসকলেও জুবিন গাৰ্গৰ বিয়োগৰ কথা জানি শোক প্ৰকাশ কৰিছে ৷”

ফুকনে লগতে কয়, “আমি জুবিন যুগৰ প্ৰজন্ম ৷ আমাৰ সুখ-দুখ, হাঁহি-কান্দোন, আধ্যাত্মিকতা সকলোতে জুবিন গাৰ্গৰ সংগীতেৰেই সময় পাৰ কৰি আহিছোঁ, জী আহিছোঁ ৷ জুবিন গাৰ্গৰ মৃত্যুক এতিয়াও মানি ল’ব পৰা নাই ৷ সেয়ে আজিও কওঁ ‘জাষ্টিছ ফ’ৰ জুবিন গাৰ্গ’ ৷”

Zubeenzubeen garg death one month Tourists also lit candles at the tribute ceremony in Kaziranga
জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান (Photo : ETV Bharat Assam)

ইফালে, কৰ্ণাটকৰ পৰা অহা এগৰাকী পৰ্যটকে শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কয়, “কাজিৰঙা অৰ্কিড উদ্যানলৈ আহি গম পালো প্ৰসিদ্ধ গায়ক জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ হ’ল ৷ ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমিও অংশ লৈ তেওঁৰ আত্মাৰ শান্তিৰ বাবে চাকি জলাও, প্ৰাৰ্থনা কৰো ৷ পৰ্যটকগৰাকীয়েও শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুত ন্যায় কামনা কৰে ৷

উল্লেখ্য, কাজিৰঙাৰ দুৰ্গাপুৰ গাঁৱত অৱস্থিত অৰ্কিড উদ্যানত পৰ্যটন বৰ্ষৰ প্ৰতি সন্ধিয়া পৰ্যটকৰ বাবে অনুষ্ঠিত হয় অসমৰ পৰম্পৰাগত কেতবোৰ জনগোষ্ঠীয় নৃত্য-গীতেৰে সমৃদ্ধ সাংস্কৃতিক অনুষ্ঠান ৷ এই অনুষ্ঠান উপভোগ কৰিবলৈ প্ৰতিটো সন্ধিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ দেশী-বিদেশী পৰ্যটকে ভিৰ কৰে ৷

লগতে পঢ়ক : আৰু কিমান দিন ! ২ নিযুত অসমীয়াই বিচাৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়