জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষিপ্ৰ বিচাৰ প্ৰক্ৰিয়াত সাক্ষ্য দিলে ছিংগাপুৰৰ পৰীক্ষিত শৰ্মাই
জুবিন গাৰ্গ মৃত্যুৰ গোচৰৰ বিচাৰ: প্ৰথমবাৰৰ বাবে আদালতত হাজিৰ হ’ল য়টত উপস্থিত থকা প্ৰবাসী অসমীয়া, লিপিবদ্ধ কৰিলে সাক্ষ্য ৷

By ETV Bharat Entertainment Team
Published : September 2, 2026 at 6:10 PM IST
হায়দৰাবাদ : ছিংগাপুৰৰ অসম সন্থাৰ সৈতে জড়িত পৰীক্ষিত শৰ্মাই বুধবাৰে গুৱাহাটীৰ বিশেষ ফাষ্ট ট্ৰেক আদালতত হাজিৰ হৈ অসমীয়াৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নিজৰ সাক্ষ্য লিপিবদ্ধ কৰে । ছিংগাপুৰৰ অসম সন্থাৰ সৈতে জড়িত পৰীক্ষিত শৰ্মা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আদালতত শাৰীৰিকভাৱে হাজিৰ হৈ সাক্ষ্যদান কৰা প্ৰথমগৰাকী প্ৰবাসী অসমীয়া ।
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ লাজাৰছ দ্বীপৰ সমীপত যিখন য়টত জুবিন গাৰ্গ আছিল, সেই পাৰ্টীত পৰীক্ষিত শৰ্মা শিল্পীগৰাকীৰ নিচেই কাষতে উপস্থিত আছিল ৷ ঘটনাৰ দিনা তেওঁ কাষতে থকা হেতুকে তেওঁৰ চকুৰে দেখা সাক্ষ্যক সমগ্ৰ গোচৰটোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰমাণ হিচাপে গণ্য কৰা হৈছে ।
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ লাজাৰছ দ্বীপৰ সমীপত য়টত সাগৰ ভ্ৰমণ কৰিবলৈ গৈছিল জুবিন ৷ লগত আছিল আন বহুতো অসমীয়া ৷ ভ্ৰমণৰ সময়তে সাঁতুৰিবলৈ গৈ ৫২ বছৰীয়া গাৰ্গৰ মৃত্যু হয় বুলি বাতৰি প্ৰকাশ পাইছিল । উল্লেখ্য যে, উত্তৰ-পূব ভাৰত মহোৎসৱৰ চতুৰ্থ সংস্কৰণৰ বাবে তেওঁ ছিংগাপুৰলৈ গৈছিল ।
জুবিনৰ মৃত্যুৰ খবৰে অসমত তোলপাৰ লগাইছিল, ব্যাপক হাৰত প্ৰতিবাদো হৈছিল ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ ওচৰত একাধিক অভিযোগনামা দাখিল হয় আৰু অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দল গঠন কৰি এই ঘটনাৰ তদন্ত আৰম্ভ কৰা হয় । ৰাজ্যজুৰি পঞ্জীয়ন হোৱা ৬০টাতকৈও অধিক এফআইআৰ পিছত একেলগ কৰি চিআইডিলৈ স্থানান্তৰিত কৰা হয় ।
২০২৫ চনৰ ডিচেম্বৰ মাহত এছ আই টিয়ে ৭জন অভিযুক্তৰ নাম উল্লেখ কৰি চাৰ্জশ্বীট দাখিল কৰিছিল । ইয়াৰে চাৰিজন -- নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বেণ্ডমেট শেখৰ জ্যোতি গোস্বামী আৰু গায়ক অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হয় ।
আন অভিযুক্ত হৈছে গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ আৰু তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী নন্দেশ্বৰ বৰা আৰু প্ৰবীণ বৈশ্য ।
এই গোচৰৰ দৈনন্দিন কাৰ্যবিধিৰ বাবে চলিত বৰ্ষৰ মাৰ্চ মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক বিশেষ ফাষ্ট ট্ৰেক আদালত (ক্ষীপ্ৰ বিচাৰ প্ৰক্ৰিয়া) গঠন কৰিছিল । মে’ মাহত সাতজন অভিযুক্তৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ উত্থাপন কৰা হৈছিল, যিয়ে বিচাৰৰ পথ মুকলি কৰিছিল ।
বিগত ৮ জুনৰ পৰা আৰম্ভ হৈছিল এই বিচাৰ প্ৰক্ৰিয়া, দৈনিক সাক্ষীক সোধা-পোছা কৰা হৈছিল । চলিত বৰ্ষৰ মাৰ্চ মাহত ছিংগাপুৰৰ কৰ'নাৰ্ছ আদালতে ৰায়দান দিয় যে, দুৰ্ঘটনাৱশতঃ পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ ।
হত্যা বা সতীৰ্থই ইচ্ছাকৃতভাৱে উদ্ধাৰ নকৰাৰ অভিযোগ সন্দৰ্ভতো কোনো তথ্য-প্ৰমাণ পোৱা নাই । জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ ফাউল প্লে' হোৱা নাই বুলি ক'ষ্ট গাৰ্ডে দিয়া তথ্যকো আদালতে সমৰ্থন কৰিছে । তাৰ পিছতো অসমত এই বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে ।
তেওঁৰ মৃত্যুৰ পিছত উদ্ভৱ হোৱা অভিযোগসমূহ ভাৰতীয় কাৰ্যবিধিয়ে পৰীক্ষা কৰি আছে । ১৪ আগষ্টলৈকে গোচৰটোত তালিকাভুক্ত ৩৯৪ জন সাক্ষীৰ ভিতৰত ৯৪ জনক বিচাৰ বিভাগে পৰীক্ষা কৰিছিল ৷ ছিংগাপুৰৰ কেইবাজনো সাক্ষী এতিয়াও হাজিৰ হ’বলৈ বাকী আছে ।
উচ্চতম ন্যায়ালয়েও অসম চৰকাৰক এই বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে কৰিবলৈ আহ্বান জনাইছে । বিশেষকৈ য়টত প্ৰত্যক্ষভাৱে উপস্থিত থকাৰ বাবে পৰীক্ষিত শৰ্মাৰ উপস্থিতিক গুৰুত্বসহকাৰে লোৱা হৈছে । বৰ্তমান তেওঁৰ জবানবন্দীৰ সবিশেষ আৰু কাৰ্যবিধিৰ সময়ত তেওঁক সোধা প্ৰশ্নৰ বাবে অপেক্ষা কৰি থকা হৈছে ।
লগতে পঢ়ক : জুবিন হত্য়া গোচৰৰ ফাষ্টট্ৰেক আদালতত সাক্ষ্য দিলে সৃজনী ভাস্ব মহন্তই

