ETV Bharat / entertainment

জুবিন হত্যাৰ SIT তদন্ত : চি আই ডিৰ কাৰ্যালয়ত জুবিনৰ পূৰ্বৰ মেনেজাৰ টাৰছেম মিট্টাল

কেইবাঘণ্টা ধৰি জেৰা টাৰছেম মিট্টালক । এছ আই টিৰ সন্মুখত হাজিৰ জুবিন গাৰ্গৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰযোজক তথা বন্ধু শ্যামন্তক গৌতম ৷

Zubeen garg Death case: Ex manger Tarsame Mittal appears before SIT
চি আই ডিৰ কাৰ্যালয়ত জুবিনৰ পূৰ্বৰ মেনেজাৰ টাৰছেম মিট্টাল (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : November 7, 2025 at 5:36 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: দুৰ্ভাগ্যজনক মৃত্যুৰ ৪৮ দিনৰ পিছত জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ টাৰছেম মিট্টালক তলব 'জুবিন হত্যা’ গোচৰৰ তদন্তকাৰী এছ আই টিৰ । শুকুৰবাৰে পুৱা উলুবাৰীৰ চি আই ডিৰ কাৰ্যালয়ত SIT-ৰ সন্মুখত উপস্থিত হয় টাৰছেম মিট্টাল ৷

উল্লেখ্য যে, টাৰছেম মিট্টালৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ সৈতে চিনাকি হৈছিল জুবিন গাৰ্গ ৷ টাৰছেম মিট্টাল আছিল জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ । বহু বছৰ ধৰি জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে থকাৰ পিছত টাৰছেম মিট্টালে জুবিন গাৰ্গৰ পৰা আঁতৰি গৈ স্থায়ীভাৱে মুম্বাইত নিজা ব্যৱসায় বৃদ্ধি কৰি গৈছিল ৷ তেতিয়াই মিট্টালে মেনেজাৰ পদটোৰ বাবে জুবিন গাৰ্গক চিনাকি কৰি দিছিল সম্প্ৰতি কলংকিত নায়কত পৰিণত হোৱা সিদ্ধাৰ্থ শৰ্মাক ৷ পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ মেনেজাৰৰূপে তেওঁৰ মৃত্যুৰ সময়লৈকে সিদ্ধাৰ্থই কাৰ্যনিৰ্বাহ কৰিছিল ।

চি আই ডিৰ কাৰ্যালয়ত জুবিনৰ পূৰ্বৰ মেনেজাৰ টাৰছেম মিট্টাল (ETV Bharat Assam)

জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্তৰূপে সিদ্ধাৰ্থ ৰঙাঘৰৰ আলহী হোৱাৰ লগে লগে ৰাজ্যজুৰি জুবিনৰ একালৰ মেনেজাৰ টাৰছেম মিট্টালকো তদন্তৰ আওঁতালৈ আনিবলৈ দাবী উত্থাপিত হৈ আহিছে ৷ অৱশেষত জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ৪৮ দিনৰ পিছতহে SIT ৰ তলবৰ পিছত SIT ৰ সন্মুখত সোধ-পোছৰ বাবে হাজিৰ হ’ল টাৰছেম মিট্টাল ৷

মিট্টালৰ উপৰিও শুকুৰবাৰে SIT ৰ তলবমৰ্মে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হৈছে জুবিন গাৰ্গৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে'ৰ প্ৰযোজক তথা জুবিন গাৰ্গৰ বন্ধু শ্যামন্তক গৌতম । আনহাতে জুবিন ফেনক্লাবৰ সম্পাদক পিকু বৰগোঁহায়ো আজি চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয় ৷ মন কৰিবলগীয়া যে জুবিন ফেনক্লাবে সমগ্ৰ অসমতে পাইৰেচীৰ বিৰুদ্ধে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আছে ৷

লগতে পঢ়ক : অভিনেতা ধৰ্মেন্দ্ৰ চেতিয়াৰ সৈতে আধৰুৱা হৈ ৰ’ল জুবিনৰ এটা প্ৰকল্প