সোণৰ কণী দিয়া এটা হাঁহ ! জুবিনৰ সহপাঠীয়ে কিয় ক’লে এইদৰে ?
জুবিনৰ সহপাঠী, গ্ৰুপ মেনেজাৰ জয়ন্ত বৰদলৈৰ মুখেৰে জানো আহক জুবিন গাৰ্গৰ বিষয়ে বহু নজনা কথা ৷

By ETV Bharat Entertainment Team
Published : December 11, 2025 at 5:30 PM IST
যোৰহাট : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰায়সমূহ কথা অসমবাসীয়ে জানেই ৷ জুবিনে নিজেই কৈ ফুৰে কথাবোৰ সাধাৰণভাৱে ৷ এতিয়া তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ সৈতে কটোৱা সময়ৰ কথা বহুতেই সামাজিক মাধ্যম নতুবা বিভিন্ন সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰিছে ৷ সেইবোৰ শুনাৰ পাছত এনেকুৱা অনুভৱ হয়, তাৰকা হৈয়ো জুবিন সাধাৰণ মানুহৰ সৈতে কিমান সংযোগ হৈ আছিল ৷
ই টিভি ভাৰতৰ এই বিশেষ প্ৰতিবেদনত জুবিনৰ যোৰহাটৰ বন্ধু এগৰাকীয়ে ক’লে বহুত কথা ৷ জুবিনৰ সৈতে মহাবিদ্যালয়ত একেলগে অধ্যয়ন কৰাৰ লগতে জুবিন গাৰ্গ টীমৰ গ্ৰুপ মেনেজাৰ হিচাপে আছিল তেওঁ ৷ নাম জয়ন্ত বৰদলৈ ৷
জয়ন্ত বৰদলৈয়ে ক'লে জুবিনে মহাবিদ্যালয়ত পঢ়ি থকা সময়ৰ কথা, কিদৰে মিউজিক ক্ষেত্ৰখনত আগবাঢ়ি গৈছিল তেওঁ ৷ জুবিনৰ সহপাঠী তথা গ্ৰুপ মেনেজাৰ জয়ন্ত বৰদলৈৰ ভাষ্য, “মই জুবিনৰ সহপাঠী আছিলোঁঁ, আমি দুয়োজন যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ১৯৮৮ ৰ পৰা ১৯৯০ বেটছৰ ছাত্ৰ আছিলোঁ, দুয়ো বিজ্ঞান শাখাৰ ছাত্র আছিলোঁঁ ৷ সেই সময়ত মেট্ৰিক পাছ কৰি আমি যেতিয়া জগন্নাথ বৰুৱা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিলো, ঠিক তাৰ পাছতে আমি কলেজৰ পৰা এটা পিকনিকলৈ গৈছিলো বৰশিললৈ, তেতিয়াই জুবিন আৰু মোৰ মাজত ঘনিষ্ঠতা বৃদ্ধি হৈছিল ।”
জয়ন্ত বৰদলৈয়ে লগতে কয়, “আমি ক্লাছলৈ যাওতে কেতিয়াবা কেতিয়াবা দেৰি হৈছিল, সেয়েহে ক্লাছত আমাৰ ঠিকনা হৈ পৰিছিল ক্লাছৰ শেষৰখন বেন্স । তেনেদৰেই ক্লাছত মোৰ আৰু জুবিনৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পালে, আমি দুয়োজনে কাৰ কিহৰ প্ৰতি ধাউতি আছিল সেই বিষয়ত কথা পাতিছিলো ।''

জুবিনে হায়াৰ ছেকেণ্ডাৰীত ফেইল কৰিছিল
“আমি যেতিয়া জে বি কলেজত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিলোঁ, তেতিয়া আমাৰ ৰসায়ন বিজ্ঞান(chemistry)ৰ ব্যৱহাৰিক বিষয়ত (Practical) ত আমি দুয়ো ফেইল হৈছিলোঁ ৷ ব্যৱহাৰিক বিষয়ৰ নম্বৰ কলেজৰ পৰা দিয়ে আৰু সেয়েহে অহা বছৰ পৰীক্ষা দিবলৈ আমি প্ৰস্তুতি আৰম্ভ কৰিলোঁ, যাৰ ফলত আমাৰ মাজত ব্যৱধান আহি পৰিছিল ।”
জুবিনে উৎপল শৰ্মা হ'ব বিচাৰিছিল
লগতে তেওঁ কয়, “জুবিনে যেতিয়া মিউজিক শুনে, মিউজিক কৰে, তেতিয়া জুবিনে উৎপল শৰ্মা হ'ব বিচাৰিছিল আৰু উৎপল শৰ্মা আছিল জুবিনৰ সম্পৰ্কীয় ককায়েক । উৎপল শৰ্মা জুবিন গাৰ্গৰ সপোনৰ সুৰ, মায়া আৰু অনামিকাৰ সময়ত আছিল, তেতিয়া তেওঁ এৰেঞ্জমেণ্ট কৰিছিল কাৰণ তেওঁ ভাল এৰেঞ্জাৰ আছিল । উৎপল শৰ্মাৰ বিষয়ে মই জুবিনৰ পৰা জানিব পাৰিছিলো, কিন্তু উৎপল শৰ্মাৰ বিষয়ে অসমৰ মানুহে ভালকৈ নাজানে ৷ জুবিনে আৰম্ভণিৰ সময়ৰ পৰাই সকলোকে আপোন বুলি ভাবিছিল ।”

জুবিনৰ কণ্ঠ
“যেতিয়া আমি হায়াৰ ছেকেণ্ডাৰীত ফেইল কৰিছিলোঁ, পুনৰ পৰীক্ষা দিয়ালৈ আমাৰ হাতত বহুত সময় আছিল, তেতিয়া তেওঁ মিউজিক কৰিছিল আৰু সেই সময়ত মই তেওঁৰ লগতে আছিলোঁ, তেনেকৈয়ে ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ বাবে প্ৰায়েই তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ । জুবিনে কেনেকৈ গান নিৰ্মাণ কৰে, কেনেকৈ গানখিনি সুৰ কৰে সেয়া আমি দেখিছোঁ ৷”
“জুবিনে যেতিয়া গান গাই, বাদ্যযন্ত্ৰ একো নালাগে ৷ আমি তেওঁৰ এতিয়া ৰেকৰ্ডেড ভইচহে শুনিছো, তেতিয়া আমি তেওঁৰ প্ৰকৃত মাতত গান শুনিছিলো, কণ্ঠটো ইমানেই শুৱলা আছিল যে হাৰমনিয়ামখন লৈ এনেই গাই দিলেই হৈ যায় ৷ আজিকালি গান এটাত যি যি ব্যৱহাৰ কৰা হয় সেইখিনি সেই সময়তেই জুবিনৰ কণ্ঠতে আছিল ।”
“জুবিনৰ যেতিয়া অনামিকা এলবামটো ওলাইছিল, তেতিয়াৰ পৰাই মাকৰ নিৰ্দেশ অনুসৰি জুবিনৰ একাউণ্ট চাইছিলো আৰু জুবিনৰ গ্ৰুপটোৰ গ্ৰুপ মেনেজাৰ হিচাপে আছিলোঁ ৷ গ্ৰুপটো তেনেদৰেই সাধাৰণভাৱে চলাই লৈ গৈছিলো, কাৰণ তেওঁ সকলোকে বিনা বাধায়ে সকলোবোৰ কৰিবলৈ এৰি দিছিল ।”
লগতে তেওঁ কয় যে জুবিনে হীৰুদাৰ কবিতা ব্যাখ্যা কৰিছিল, জুবিনৰ ঘৰত সততে হীৰুদাৰ কবিতা পুথি পোৱা গৈছিল । জুবিনে নিজেই মুক্তিৰ গান গাইছিল কিন্তু আজি জুবিনে মুক্তি পালেনে বুলি তেওঁ প্ৰশ্ন কৰে ?
জুবিনৰ মেনেজাৰৰ সন্দৰ্ভত বৰদলৈ কয় যে জুবিন সেইসকলৰ বাবে কেৱল এটা সামগ্ৰীৰ দৰে আছিল যাক লৈ তেওঁলোকে ব্যৱসায় কৰিলে ৷
লগতে পঢ়ক : কাহিনী ঢেৰ, জুবিনৰ অজ্ঞাতে এটা এটা গানৰ বিনিময়ত লোৱা হৈছিল বহু টকা

