ETV Bharat / entertainment

আজীৱন কাহিনী লিখাৰ প্ৰতিশ্ৰুতিৰে গৰিমাই গল্ডীক যাচিলে জন্মদিনৰ শুভেচ্ছা

ঈশ্বৰপুত্ৰৰ জন্মদিন ৷ তেওঁৰ কায়িক অনুপস্থিতিত পত্নী গৰিমাই লিখিলে, ‘কুশলে থাকা’ ৷

zubeen garg birthday wife garima saikia garg shares old pictures with late singer in a heartfelt note
গৰিমাই গল্ডীক যাচিলে জন্মদিনৰ শুভেচ্ছা (Photo : Garima Saikia Garg Facebook)
author img

By ETV Bharat Entertainment Team

Published : November 18, 2025 at 10:53 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি 53 সংখ্যক জন্মদিন ৷ শিল্পী জুবিনৰ জন্মদিন মানে অসমত এটা উৎসৱৰ নিচিনা ৷ সমগ্ৰ ৰাজ্যজুৰি তেওঁৰ জন্মদিন উদযাপনৰ প্ৰস্তুতি চলে ৷ সকলোৰে ওচৰলৈ যোৱাতো শিল্পীগৰাকীৰ পক্ষে সম্ভৱ নহৈছিল, কিন্তু জুবিনক এই বিশেষ দিনটোত তেওঁক লগ পাওক বা নাপাওক, অনুৰাগীয়ে তেওঁৰ জন্মদিন উদযাপন কৰিবই ৷

সাক্ষাৎকাৰ এটাত জুবিনে নিজেই কৈছিল যে নিশা 12 বজাৰ পৰা প্ৰায় 32 টা মান কেক কাটিবলগীয়া হয় তেওঁ, যাৰ বাবে শেষত পলাই দিয়ে ৷ পিছে এইবাৰ ! এইবাৰ কি ? এইবাৰ দেখোন নাই ঘৰৰ মানুহজন ! কিবা উকা উকা পৰিৱেশ ৷ কিন্তু নাই বুলিলেই জানো নাইকিয়া হয় ! নাই কায়িকভাৱে, আছে মন-মগজুত-হৃদয়ত আৰু বৈ থাকিব চিৰদিন ৷

জুবিনবিহীন প্ৰথমটো জন্মদিন উদযাপনৰ প্ৰস্তুতিও চলিছে পূৰ্ণগতিত ৷ ঠায়ে ঠায়ে তেওঁৰ প্ৰতিমূৰ্তি উন্মোচন হোৱাৰ লগতে আজিৰ দিনটোৰ ভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হ’ব অসমৰ বিভিন্ন স্থানত ৷ জুবিন অনুৰাগীয়ে কেৱল কেকেই নাকাটে, জুবিনে কোৱাৰ দৰে জীৱ-জন্তুক মৰম কৰাৰ পৰা আৰ্তজনক সহায় কৰালৈকে তেওঁৰ প্ৰতিটো আদৰ্শই অনুকৰণ কৰে ৷

সামাজিক মাধ্যমত জন্মদিনৰ শুভেচ্ছা জনাই বহু পোষ্ট দেখিবলৈ পোৱা গৈছে ৷ পত্নী গৰিমা শইকীয়া গাৰ্গেও শ্বেয়াৰ কৰিছে কেবাখনো পুৰণি ফটো ৷ কেপশ্যনত লিখিছে, “এই জনমৰ পৰা জন্মান্তৰলৈকে আমি আমাৰ কাহিনী লিখি যাম Goldie...Happy birthday ! কুশলে‌ থাকা 🙏🙏 ৷" অনুৰাগীয়ে প্ৰশংসাৰে উপচাই পেলাইছে গৰিমাৰ পোষ্টটো ৷ কেৱল মৰম আৰু মৰম যাচিছে প্ৰিয় শিল্পীগৰাকীলৈ ৷

উল্লখ্য যে, কলা নিৰ্দেশক জ্যোতিশংকৰ বৰুৱাৰ তত্বাৱধানত নিৰ্মাণ কৰি উলিওৱা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো শিল্পীগৰাকীৰ কাহিলীপাৰাস্থিত বাসগৃহত তেওঁৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি উন্মোচন কৰা হ’ব ৷

প্ৰতিমূৰ্তিটো সন্দৰ্ভত সবিশেষ জানিবলৈ তলৰ লিংকটোত ক্লিক কৰক-

জন্মদিনৰ প্ৰাকক্ষণত জুবিনৰ বাসগৃহত জুবিনৰ প্ৰতিমূৰ্তি স্থাপন

লগতে পঢ়ক : নিশাই ১০০১ গছি বন্তি প্ৰজ্বলন কৰি উদযাপন মহানায়কৰ ৫৩ সংখ্যক জন্মদিন‌