প্ৰসেনজিৎ লাহনে কৈ গ’ল আৰম্ভণিৰ সময়ৰ কথা, বিধায়কে কৰিলে ৰক্তদান
জুবিন গাৰ্গৰ সংগীত যাত্রাৰ আৰম্ভণিৰ বিষয়ে ক’লে তেওঁ সহপাঠী প্ৰসেনজিৎ লাহনে । জুবিনদাক সুঁৱৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰিলে ৰক্তদান ।

By ETV Bharat Entertainment Team
Published : November 18, 2025 at 6:59 PM IST
যোৰহাট : অসমীয়াৰ আবেগ হিয়াৰ আমঠু, হাৰ্টথ্ৰৱ জুবিন গাৰ্গ বিহীন তেওঁৰ ৫৩ সংখ্যক জন্মদিন সমগ্ৰ ৰাজ্যৰ লগতে তেওঁ গৃহচহৰ যোৰহাটতো বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় । জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিনত যোৰহাট জিলা বিজেপিয়ে জুবিন গাৰ্গে দি যোৱা আৰ্দশৰে ‘জীৱন সুৰভি’ নামেৰে যোৰহাটৰ মুক্তিযোদ্ধা ভৱনত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে, শতাধিক লোকে জুবিন গাৰ্গৰ ওপজা দিনত ৰক্তদান কৰে ।
আজি জুবিন গাৰ্গৰ ওপজা দিনত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰক্তদান কৰি কয়, “জুবিন দাৰ স্মৃতিত আজি মই ৰক্তদান কৰিলোঁ, আজিৰ সৈতে মই ৫৭ বাৰ ৰক্তদান কৰিছোঁঁ, সুখী অনুভৱ কৰিছোঁ, জুবিন দাই দি যোৱা আৰ্দশৰে মোৰ লগতে যুৱচামো আগবাঢ়ি যাব ।”
আনহাতে যোৰহাট প্ৰেছ ক্লাবত অসম গণ পৰিষদৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত জুবিন গাৰ্গৰ জন্মদিনটো ‘জাতীয় স্বাভিমান দিৱস’ হিচাপে পালন কৰা হয় । আজি উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি জুবিন গাৰ্গৰ সহপাঠী, কণ্ঠশিল্পী প্ৰসেনজিৎ লাহনে কয়, “আজি তেওঁৰ শুভ দিনটোত মই প্ৰাৰ্থনা কৰিছোঁ যে তেওঁ য’তেই আছে কুশলে থাকক, শান্তিৰে থাকক ।”

উল্লেখ্য যে, আজিৰ পৰা তিনিবছৰৰ আগত যোৰহাটত জুবিন গাৰ্গে ৫০ সংখ্যক জন্মদিন উদযাপন কৰিছিল, সেই কথা সুঁৱৰি প্ৰসেনজিৎ লাহনে কয়, “আজিৰ পৰা তিনিবছৰৰ আগতে যোৰহাটবাসীৰ সহযোগত জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন উদযাপন কৰা হৈছিল, সেই অনুষ্ঠানটোৰ মই সাংস্কৃতিক দায়িত্বত আছিলো, আমি যোৰহাটৰ ৰাইজ সঁচাই সৌভাগ্যশালী যে জুবিন গাৰ্গৰ দৰে শিল্পীক জন্ম দিবলৈ সক্ষম হৈছিলোঁ, সংগীতৰ ক্ষেত্রখনলৈ যোৰহাটৰ পৰাই তেওঁ ওলাই গৈছিল ৷”

তেওঁ লগতে আৰু কয়, “জুবিন গাৰ্গ গুৱাহাটীলৈ যোৱাৰ আগতেই যোৰহাটত তেওঁ প্ৰায় শতাধিক গান ৰচনা কৰিছিল আৰু সুৰৰে সজাইছিল । যোৰহাট অনাতাঁৰ কেন্দ্ৰত গীত গাইছিল, সেইবোৰৰ সাক্ষী মই আছিলোঁ ৷ মই সহপাঠী আছিলোঁ, মোৰ পৰম প্ৰাপ্তি যে জুবিন গাৰ্গৰ দৰে শিল্পী এজনক শূন্যৰ পৰা ভগৱান হোৱা দেখিলো ।”

তাৎপৰ্যপূৰ্ণ যে, জুবিন গাৰ্গৰ গৃহচহৰ যোৰহাটৰ বিভিন্ন প্ৰান্তত মহান শিল্পীগৰাকীৰ ওপজা দিন উদযাপন কৰা হৈছে ।
লগতে পঢ়ক : নিশাই জুবিন ক্ষেত্ৰ পালেহি বাংলা গায়িকা, অনুৰাগীৰ মাজত মানস ৰবীনে গালে মায়াবিনী, ৫৩ক লৈ চলিছে মহৎ কাৰ্য

