ETV Bharat / entertainment

কাহিলীপাৰাৰ বকুল জোপাৰ কাষতে উন্মোচন প্ৰাণৰ শিল্পীৰ আবক্ষ মূৰ্তি

ঘৰৰ পদূলিত সদায় আজিৰে পৰা সদায় থাকিব গৰিমাৰ জুবিন ৷ পিতৃয়েও কাষতে পাব বৰপুত্ৰক ৷

ZUBEEN GARG KAHILIPARA BIRTHDAY
উন্মোচন প্ৰাণৰ শিল্পীৰ আৱক্ষ মূৰ্তি (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : November 18, 2025 at 1:53 PM IST

|

Updated : November 18, 2025 at 2:53 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : প্ৰাণৰশিল্পী জুবিন গাৰ্গৰ অবর্তমানত আজি প্ৰথমটো ওপজা দিন । তেওঁৰ অনুপস্থিতিত অগণন অনুৰাগীয়ে চকুলো টুকি শিল্পীগৰাকীৰ গীত আৰু স্মৃতি সামৰি তেওঁৰ ওপজা দিনটো উদযাপন কৰিছে । পূৰ্বৰ দৰেই নিশাৰ পৰাই জুবিনদাৰ জন্মদিন বুলি অনুৰাগীসকল ব্যস্ত হৈ আছে ৷ সকলোৱে গাত পাতি লৈছে ভিন্ন কাম ৷ সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈও অগণন সোঁত জুবিন অনুৰাগীৰ ৷

মঙলবাৰে মাজনিশাই জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহৰ লগতে তেওঁৰ ষ্টুডিঅ'ত অনুৰাগীসকলে উদযাপন কৰে ওপজা দিন । আনহাতে আজি পুৱা শিল্পীগৰাকীৰ কাহিলীপাৰাস্থিত বাসগৃহত পুৱাৰে পৰা আয়তীসকলে দিহানাম গাই ওপজা দিনটোত জুবিন গাৰ্গলৈ প্ৰণিপাত জনাইছে । গায়ন-বায়নৰ খোল-বাদনেৰে মুখৰিত হৈ পৰে কাহিলিপাৰাৰ বাসগৃহৰ চৌহদ ।

উন্মোচন প্ৰাণৰ শিল্পীৰ আবক্ষ মূৰ্তি (ETV Bharat Assam)

ইফালে বাসগৃহৰ পদূলিত থকা তেওঁৰ প্ৰিয় বকুল জোপাৰ কাষতে উন্মোচন কৰা হয় প্ৰাণৰ শিল্পীগৰাকীৰ আবক্ষ মূৰ্তি । পিতৃ কপিল বৰঠাকুৰে উন্মোচন কৰে জুবিনৰ আবক্ষ মূৰ্তিটো । লগতে উপস্থিত থাকে পত্নী গৰিমা শইকীয়া গাৰ্গ, পৰিয়ালবৰ্গৰ লগতে অজস্ৰ গুণমুগ্ধ । জয় জুবিনদা ধ্বনি দিয়ে সকলোৱে ৷

ZUBEEN GARGZUBEEN GARG KAHILIPARA BIRTHDAY
উন্মোচন প্ৰাণৰ শিল্পীৰ আবক্ষ মূৰ্তি (Photo : ETV Bharat Assam)

মূৰ্তিটো উন্মোচনৰ পাছতে পিতৃয়ে চুই চাই পুত্ৰ গল্ডীক । আৱক্ষ মূৰ্তিটো সাজি উলিওৱা শিল্পী জ্যোতিশংকৰ ভটাচাৰ্যই কয়, "গোটেই কামখিনি মোৰ দলটোৰ সদস্যসকলে একেলগে মিলি সম্ভৱ কৰি তুলিছে। বহুত চেষ্টা কৰি সম্পূৰ্ণ কৰিছো । প্ৰথম অৱস্থাত হৈ উঠা নাছিল । পিছলৈ আমি সফল হ’লো । মোৰ সহকৰ্মী বন্ধু মঞ্জিত কলিতা, হীৰকজ্যোতি ডেকাৰ লগতে গোটেই দলটোৱে কষ্ট কৰি এই কামখিনি কৰিছে । এইখিনি কষ্ট কৰি আজি এই ৰূপ দিয়াত সফল হৈছো ।"

লগতে পঢ়ক : জন্মদিনৰ প্ৰাকক্ষণত জুবিনৰ বাসগৃহত জুবিনৰ প্ৰতিমূৰ্তি স্থাপন

লগতে পঢ়ক : আজীৱন কাহিনী লিখাৰ প্ৰতিশ্ৰুতিৰে গৰিমাই গল্ডীক যাচিলে জন্মদিনৰ শুভেচ্ছা

Last Updated : November 18, 2025 at 2:53 PM IST