ETV Bharat / entertainment

নিশাই জুবিন ক্ষেত্ৰ পালেহি বাংলা গায়িকা, অনুৰাগীৰ মাজত মানস ৰবীনে গালে মায়াবিনী, ৫৩ক লৈ চলিছে মহৎ কাৰ্য

আজি ঈশ্বৰপুত্ৰৰ ওপজা দিন ৷ সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ দুখৰ মাজতো অনুৰাগীৰ মাজত উছাহৰ ঢল ৷

zubeen garg birthday celebration fans gather at sonapur zubeen khetra sing mayabini
সোণাপুৰৰ জুবিন ক্ষেত্ৰ দৃশ্য এয়া (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : November 18, 2025 at 12:41 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী/শ্ৰীভূমি : ঘড়ীৰ কাটাই নিশাৰ ১২ বজাৰ সংকেত দিয়াৰ লগে লগে সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ চৌদিশে গুঞ্জৰিত হ'ল ‘জয় জুবিনদা’, ‘হেপ্পী বাৰ্থ ডে’ৰ ধ্বনি । ইয়াৰ সমান্তৰালকৈ মায়াবিনী শীৰ্ষক গীতৰ সুৰে-সুৰে অনুৰাগীয়ে কাটিলে কেক । প্ৰাণৰ শিল্পীৰ অবৰ্তমানত এয়া প্ৰথমটো ওপজা দিন উদযাপন ।

এক আৱেগিক পৰিৱেশ, শিল্পীগৰাকীৰ অবৰ্তমানত তেওঁৰ আলোকচিত্ৰ সন্মুখত ৰাখি উদযাপন কৰা এই জন্মদিনত অনেকৰ দুচকুত নিগৰিল অশ্ৰুৰ টোপাল । কোনোবাই আলোকচিত্ৰত অৰ্পন কৰিলে গামোচা, কোনোবাই সানি দিলে কেক… তেনেকৈয়ে নিশাই উদযাপিত হ'ল প্ৰাণৰ শিল্পীগৰাকীৰ ওপজাদিন ।

সোণাপুৰৰ পৰা ওপজা দিন উদযাপনৰ পৰিৱেশ (ETV Bharat Assam)

অজস্ৰ অনুৰাগীৰ মাজত থাকিল কণ্ঠশিল্পী মানস ৰবীন, অজয় ফুকনসহ অনেক জন । প্ৰাণৰ শিল্পীৰ ওপজা দিনটোৰ প্ৰাকক্ষণত ‘জয় জুবিন দা’ শীৰ্ষক গীতটোৰ শুভ মুক্তি দিয়ে কণ্ঠশিল্পী অজয় ফুকনে ।

জন্মদিনৰ প্ৰাকক্ষণত কলকাতাৰ পৰা আহি জুবিন ক্ষেত্ৰত উপস্থিত হোৱা বাংলা গায়িকা বৰ্ষা সেন গুপ্তাই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয়, “এই পবিত্ৰ ভূমিলৈ আহিম আহিম বুলিও আহিব পৰা নাছিলো, যদিও দাদাৰ ওপজা দিনটোৰ প্ৰাকক্ষণত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনাও । জুবিন দা যেতিয়াই কলকাতাত উপস্থিত হয় তেতিয়াই মোক বিচাৰে, কথা পাতে । দাদাৰ পৰা মই বহুত শিকিছো । জুবিন দাৰ দৰে কোনো হ'ব নোৱাৰে, জুবিনদা ভগৱান । আজি ইয়ালৈ আহি মনত শান্তি পাইছো । আৰু নো কি কম জুবিনদা আজীৱন আমাৰ মাজত জীয়াই থাকিব ।”

zubeen garg birthday celebration fans gather at sonapur zubeen khetra sing mayabini
জুবিন ক্ষেত্ৰলৈ দুখৰ মাজতো অনুৰাগীৰ মাজত উছাহৰ ঢল (Photo : ETV Bharat Assam)

জুবিনৰ কণ্ঠত পশ্চিম বংগত অত্যন্ত জনপ্ৰিয় বাংলা গীত 'মন মানে না…… গুণ গুণাই প্ৰাণৰ শিল্পীগৰাকীক সোঁৱৰণ কৰে বৰ্ষাই ।

ইপিনে আজি বিশেষ দিনটোত জুবিন ক্ষেত্ৰ পৰিচালনা সমিতি, জুবিন মেনিয়েক্স আৰু ডিমৰীয়াৰ ৰাইজে প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিনটো বিশেষভাৱে উদযাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে । জুবিন মেনিয়েক্সৰ কৰ্মকৰ্তা সৌৰভ বৰুৱাই জনোৱা মতে, পুৱা ডিমৰীয়াৰ বিভিন্ন স্থানত গছপুলি ৰোপণৰ লগতে ৰক্তদানৰ কাৰ্যসূচী হাতত লোৱা হৈছে ।

zubeen garg birthday celebration fans gather at sonapur zubeen khetra sing mayabini
অনুৰাগীৰ জুবিনলৈ মৰম (Photo : ETV Bharat Assam)

ইয়াৰ সমান্তৰালকৈ মঙলবাৰে সন্ধিয়া জুবিন ক্ষেত্ৰত পাঁচ হাজাৰ মাটিৰ চাকিৰ লগতে পাঁচশ আকাশ বন্তি জ্বলোৱা হ'ব । নিশা ডিমৰীয়াৰ স্থানীয় শিল্পীৰ গীত-মাতৰ অনুষ্ঠানৰ লগতে প্ৰদৰ্শন কৰা হ'ব এখন ভাওনা । ইয়াৰ বাহিৰেও অনেক অনুৰাগীয়ে প্ৰিয় ব্যক্তিগৰাকীৰ জন্মদিনটো উদযাপন কৰাৰ বাবে সাজু হৈছে ।

ইপিনে অন্য দিনবোৰৰ দৰে প্ৰাণৰ শিল্পীগৰাকীৰ অবৰ্তমানত প্ৰথমটো জন্মদিনৰ আগদিনা বিয়লিভাগত গোলাঘাটৰ পৰা পদযাত্ৰা কৰি দুগৰাকী যুৱক অনুৰাগী আৰু প্ৰাণৰ শিল্পীগৰাকীৰ পুৰণি গৃহৰ পৰা পদযাত্ৰা কৰি দুগৰাকী মহিলা অনুৰাগী সন্ধিয়া উপস্থিত হয় । তেওঁলোকে উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই কান্দোনত ভাগি পৰে আৰু প্ৰিয় শিল্পীৰ ন্যায়ৰ বাবে এই পদযাত্ৰা কৰা বুলি মন্তব্য কৰে । উল্লেখ্য যে, অন্য দিনবোৰৰ দৰে আজিও পুৱাৰে পৰা যথেষ্ট সংখ্যক অনুৰাগী উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনায় ।

আনহাতে শ্ৰীভূমিতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰা হৈছে ।‌ জুবিন অবিহনে ৰাজ্যবাসীয়ে প্ৰথমবাৰৰ বাবে উদযাপন কৰিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন । শ্ৰীভূমিত জুবিন গাৰ্গ স্মৃতি মঞ্চৰ ব্যৱস্থাপনাত আজি শম্ভূসাগৰ পাৰ্কত উদযাপন কৰা হয় জুবিন গাৰ্গৰ জন্মদিন ৷

শ্ৰীভূমিৰ পৰা ওপজা দিন উদযাপনৰ পৰিৱেশ (ETV Bharat Assam)

আজিৰ দিনটোৰ সৈতে সংগতি ৰাখি ৫৩ গৰাকী শিল্পীয়ে পৰিৱেশন কৰে জুবিন গাৰ্গৰ মায়াবিনী গীতটি । লগতে ৫৩ গৰাকী দুখীয়া লোকৰ হাতত তুলি দিয়া হয় শীত বস্ত্ৰ । এই কাৰ্যসূচীত জুবিন গাৰ্গৰ শৈশৱৰ দুই বন্ধু আৰু শৈশৱৰ শিক্ষয়িত্ৰী মিঠু মিছ উপস্থিত থাকে ।

লগতে পঢ়ক : নিশাই ১০০১ গছি বন্তি প্ৰজ্বলন কৰি উদযাপন মহানায়কৰ ৫৩ সংখ্যক জন্মদিন‌

লগতে পঢ়ক : আজীৱন কাহিনী লিখাৰ প্ৰতিশ্ৰুতিৰে গৰিমাই গল্ডীক যাচিলে জন্মদিনৰ শুভেচ্ছা