ETV Bharat / entertainment

প্ৰায় ৪ ফুট উচ্চতাৰ কেক কাটি প্ৰাণৰ শিল্পীগৰাকীৰ ওপজা দিন উদযাপন অনুৰাগীৰ

জুবিনবিহীন প্ৰথমটো ওপজা দিন । গীতে-মাতে সোঁৱৰণ শিল্পীগৰাকীক । প্ৰায় চাৰি ফুট উচ্চতাৰ ২৫ কিলোগ্ৰাম ওজনৰ এটা কেক কাটি ওপজা দিন উদযাপন অনুৰাগীৰ ।

Zubeen garg birthday a fan named rakesh singh cuts a 25kg cake feeds 700 people in guwahati
প্ৰায় চাৰি ফুট উচ্চতাৰ ২৫ কিলোগ্ৰাম ওজনৰ এটা কেক কাটি ওপজা দিন উদযাপন অনুৰাগীৰ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : November 18, 2025 at 6:04 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন । শিল্পীগৰাকীৰ শূন্যতাৰ মাজতে ওপজা দিন উদযাপন অনুৰাগীৰ । জুবিন গাৰ্গ অবিহনে অনুৰাগীয়ে পূৰ্বতকৈও বেছি উদ্যমেৰে ওপজা দিন উদযাপন কৰা পৰিলক্ষিত হৈছে ৷

পূৰ্বৰ দৰে এইবাৰো নিশাই হাতত কেক লৈ জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হয় অনুৰাগী । মাথো অনুৰাগীৰ মাজত কেক কাটিবলৈ নাছিল জুবিন গাৰ্গ । উপস্থিত সকলোৱে চকুলোৰে প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰে ।

প্ৰায় চাৰি ফুট উচ্চতাৰ ২৫ কিলোগ্ৰাম ওজনৰ এটা কেক কাটি ওপজা দিন উদযাপন অনুৰাগীৰ (ETV Bharat Assam)

ইফালে, ৰাকেশ সিঙ নামৰ শিল্পীগৰাকীৰ এগৰাকী অনুৰাগীয়ে বিশেষধৰণে উদযাপন কৰিলে তেওঁৰ ওপজা দিনটো । প্ৰাণৰ শিল্পীগৰাকীলৈ শ্রদ্ধাঞ্জলি জনাই প্ৰায় চাৰি ফুট উচ্চতাৰ ২৫ কিলোগ্ৰাম ওজনৰ এটা বিশেষ থীম কেক কাটি ওপজা দিন উদযাপন কৰিলে সিঙে । লগতে প্ৰায় ৭০০ জন লোকৰ বাবে দিনৰ আহাৰৰ ব্যৱস্থাও কৰে অনুৰাগীগৰাকীয়ে । মহানগৰীৰ ছয়মাইলস্থিত স্বাগতা এনভিছনত অনুষ্ঠিত হয় এই অনুষ্ঠান ।

Zubeen garg birthday a fan named rakesh singh cuts a 25kg cake feeds 700 people in guwahati
প্ৰায় ৪ ফুট উচ্চতাৰ কেক (Photo : ETV Bharat Assam)

এই সন্দৰ্ভত ৰাকেশ সিঙে কয়, “২০২৫ চনত জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ’ল, সেইবাবে আমি জুবিন দাৰ বাবে এটা ২৫ কেজি ওজনৰ কেক বনালো । জুবিন দা আমাৰ মাজত নথকা এইটো প্ৰথমটো ওপজা দিন । ৰাইজে কিমান মিছ কৰি আছে আমি দেখিছো । জুবিন দাই এটা পৰিৱেশ সৃষ্টি কৰি থৈ গৈছে অসমত । আজি সকলো ৰাইজে জুবিন দাৰ ওপজা দিন উদযাপন কৰিছে । জুবিন দা যে আমাৰ মাজত নাই সেইটো অনুভৱ হোৱা নাই । জুবিন দাৰ ওপজা দিন উপলক্ষে আমি এটা কেক কাটিলো, লগতে প্ৰায় ৭০০ গৰাকী লোকক আমি জুবিন দাৰ ওপজা দিন উপলক্ষে দুপৰীয়াৰ আহাৰ খুৱাম । জুবিন দা আমাৰ মনত সদায় জীয়াই থাকিব । ছিংগাপুৰ যোৱাৰ পূৰ্বে জুবিন দাই আমাৰ প্ৰতিষ্ঠানটো মুকলি কৰি থৈ গৈছিল । জুবিন দাক ভাল পাঁও আৰু আজীৱন ভাল পাই থাকিম ।”

Zubeen garg birthday a fan named rakesh singh cuts a 25kg cake feeds 700 people in guwahati
প্ৰায় চাৰি ফুট উচ্চতাৰ ২৫ কিলোগ্ৰাম ওজনৰ এটা কেক কাটি ওপজা দিন উদযাপন অনুৰাগীৰ (Photo : ETV Bharat Assam)

উল্লেখ্য যে, মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় প্ৰাণৰ শিল্পীগৰাকীৰ ওপজা দিন ।

লগতে পঢ়ক : কাহিলীপাৰাৰ বকুল জোপাৰ কাষতে উন্মোচন প্ৰাণৰ শিল্পীৰ আবক্ষ মূৰ্তি