জুবিন গাৰ্গৰ ৫৩সংখ্যক ওপজা দিনটো 'জাতীয় স্বাভিমান দিৱস' ৰূপে উদযাপন কৰিব কলিয়াবৰবাসীয়ে
'কাঞ্চনজংঘা' কথাছবিৰ দৃশ্যগ্ৰহণস্থলী হাতীমূৰাত উৎসৰ্গিত হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ৷ 'তুমি মোৰ মাথোঁ মোৰ' কথাছবিৰো দৃশ্যগ্ৰহণ হৈছিল কলিয়াবৰৰ 'ৰাইন’লেণ্ড'ত ৷

By ETV Bharat Entertainment Team
Published : November 17, 2025 at 1:28 PM IST
কলিয়াবৰ : সমগ্ৰ অসমক শোকস্তব্ধ কৰি মহাপ্ৰয়াণ ঘটা অমৃতকণ্ঠ, অসমৰ সাংস্কৃতিক জগতৰ সু-নিপুণ শিল্পী তথা বিৰল ব্যক্তিত্বৰ গৰাকী হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গৰ ১৮ নৱেম্বৰত ৫৩ সংখ্যক ওপজা দিন । প্ৰয়াত শিল্পীগৰাকীৰ কলিয়াবৰৰ সৈতে সাংস্কৃতিক জীৱনৰ আৰম্ভণিৰে পৰা এক সুকীয়া সম্পৰ্ক আছিল । হিয়াৰ আমঠুগৰাকীৰ অবৰ্তমানত সেই সম্পৰ্কক বাস্তৱ ৰূপ দিয়াৰ এক আন্তৰিক প্ৰয়াস কৰা হৈছে ৷
অহা ১৮ নৱেম্বৰ, মঙলবাৰে কলিয়াবৰৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানসমূহ আৰু ৰাইজৰ উদ্যোগত তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ ব্যৱস্থাপনাত প্ৰয়াত জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে 'জাতীয় স্বাভিমান দিৱস' নামেৰে এক কাৰ্যসূচী উদযাপনৰ দিহা কৰা হৈছে । সেই উপলক্ষে কুঁৱৰীটোলত জুবিন গাৰ্গৰ স্মৃতিত নৱনিৰ্মিত এক প্ৰাংগনত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিৱেদনৰ বাবে এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে উদ্যোক্তাসকলে ।
১৮ নৱেম্বৰৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ কলিয়াবৰীয়া বৰণীয়া সাংস্কৃতিক ৰূপৰেখাৰে আয়োজিত হ'ব এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । এই অনুষ্ঠানত ব্ৰহ্মা আদি কৰি জীৱ যত- ঘোষা, পাঁচশ গায়ন-বায়নৰ মংগলাচৰণ, তিনি হাজাৰ আই মাতৃৰ দিহানাম, জিকিৰ-জাৰি, অসমীয়াৰ লগতে বড়ো, কাৰ্বি, বাগানীয়া নেপালী, বঙালী ভাষাত 'মায়াবিনী' আৰু জুবিন গাৰ্গৰ কেইবাটাও জনপ্ৰিয় গীত পৰিৱেশন কৰা হ’ব । এই অনুষ্ঠানতে পৰিত্যক্ত হৈ থকা চৰকাৰী ভূমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত নামাংকন কৰি এই প্ৰাংগন ভৱিষ্যত প্ৰজন্মৰ বাবে উৎসৰ্গা কৰিব মন্ত্ৰী কেশৱ মহন্তই ।
এই অনুষ্ঠানতে জুবিন গাৰ্গক যুগমীয়া কৰি ৰাখিবলৈ ভৱিষ্যত পৰিকল্পনাৰ বিষয়সমূহ যুগুতাই প্ৰকাশ কৰা হ'ব এক পুস্তিকা । মুকলি হ'বলগীয়া প্ৰাংগনত জুবিন গাৰ্গৰ সৃষ্টিৰ চৰ্চা চলিব বুলি কলিয়াবৰবাসীৰে আশা কৰিছে । তদুপৰি, কলিয়াবৰৰ লুইতপাৰৰ হাতীমূৰাত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত এটি প্ৰতিমূৰ্তি শিল্পীগৰাকীৰ ৫৩ সংখ্যক ওপজা দিনত ৰাইজলৈ উৎসৰ্গা কৰা হ’ব ।

কলিয়াবৰৰ সৈতে জুবিন গাৰ্গৰ সংগীত জীৱনৰ আৰম্ভণিৰে পৰা এক সুকীয়া সম্পৰ্ক আছিল । কলিয়াবৰৰ কেইবাটাও প্ৰযোজক গোষ্ঠীৰ প্ৰযোজনাত বিহু, দিহানামত কণ্ঠদান কৰিছিল শিল্পীগৰাকীয়ে । কেইবাগৰাকীও কলিয়াবৰীয়া গীতিকাৰ-সুৰকাৰৰ লগত আছিল জুবিন গাৰ্গৰ সুমধুৰ সম্পৰ্ক । এই সম্পৰ্কক অধিক মধুৰ কৰি তুলিছিল তেখেতৰ 'তুমি মোৰ মাথোঁ মোৰ' আৰু 'কাঞ্চনজংঘা’ নামৰ কথাছবি দুখনে । 'তুমি মোৰ মাথোঁ মোৰ' কথাছবিখনৰ দৃশ্যগ্ৰহণ হৈছিল বুঢ়াপাহাৰস্থিত 'ৰাইন'লেণ্ড' নামৰ অসম চৰকাৰৰ সামাজিক বানানীকৰণৰ এক পৰিদৰ্শন বাংলোত ।
আনহাতে, 'কাঞ্চনজংঘা' কথাছবিখনৰ নিৰ্মাণৰ সময়ত কলিয়াবৰৰ হাতীমূৰাৰ শ্ৰীশ্ৰীদশভূজা দুৰ্গা দেৱালয়ৰ লগতে হাতীমূৰা অঞ্চলৰ এক আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল । এই স্থানতে দুটা দিন থাকি 'কাঞ্চনজংঘা'ৰ দৃশ্যগ্ৰহণ কৰিছিল জুবিনে । এই স্মৃতি যুগমীয়া কৰি তুলিবৰ বাবে স্থানীয় ৰাইজৰ সহযোগত স্থানীয় সমাজকৰ্মী কৃষ্ণ মহন্তৰ উদ্যোগত এই প্ৰতিমূৰ্তিস্থলীৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে । এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে এই প্ৰতিমূৰ্তি উৎসৰ্গা কৰা হ'ব জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিনত ।

এই সন্দৰ্ভত জুবিন গাৰ্গৰ 'কাঞ্চনজংঘা' কথাছবিত ৰাম নামৰ চণ্ডাল এজনৰ চৰিত্ৰত অভিনয় কৰা সঞ্জীৱ বুঢ়াগোঁহায়ে কয়, “২০১৮ চনত দুটা ৰাতি কলিয়াবৰৰ লুইতপাৰৰ মনোৰম পৰিৱেশৰ হাতীমূৰাত জুবিন গাৰ্গৰ সৈতে অভিনয় কৰিছিলোঁ । এই ঠাইত ঐতিহাসিক শ্ৰীশ্ৰী দশভূজা দুৰ্গা মন্দিৰ আছে । তাৰ কাষতে এই দৃশ্যগ্ৰহণ চলিছিল । জুবিন গাৰ্গৰ লগত বহু স্মৃতি জড়িত হৈ আছে । তেখেতৰ 'মিছন চাইনা'ত মই সহকাৰী পৰিচালক আছিলো । 'কাঞ্চনজংঘা'ত অভিনয়ৰ সুযোগ পাইছিলো । যোৱা বৰ্ষত 'চিকাৰ' কথাছবিতো অভিনয় কৰিবলৈ সুযোগ পাইছিলো, যিখন ছবিয়ে এইবাৰ ইণ্ডিয়ান পেন'ৰামাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে ।’’
‘‘দুটা দিন হাতীমূৰাৰ সেই মনোৰম পৰিৱেশত জুবিনদাৰ সৈতে অভিনয় কৰিছিলো । সেই স্থানতে তেখেতৰ স্মৃতিত তেখেতৰ অনুৰাগীসকলে অহা ১৮ নৱেম্বৰৰ ওপজা দিনটোত প্ৰতিমূৰ্তি উন্মোচন কৰিব বুলি জানি সুখ পাইছো । তেখেতসকলক ধন্যবাদ জনাইছো । দাদাৰ স্মৃতিসমূহ আমাৰ মনত সদায় থাকিব । তেওঁৰ সৃষ্টিশীল প্ৰতিভাক এনেদৰেই জীয়াই ৰাখিব লাগিব ।” তেওঁ কয় ৷

আনহাতে, জুবিনদাৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ লগত জড়িত উদ্যোক্তা গকুল নাথে কয়, “হাতীমূৰা দুৰ্গা মন্দিৰৰ পাদদেশতেই জুবিনদাৰ প্ৰতিমূৰ্তি অহা ১৮ নৱেম্বৰত তেওঁৰ ওপজা দিনত উন্মোচন কৰা হ'ব । হাতীমূৰাৰ এই স্থানতে 'কাঞ্চনজংঘা' কথাছবিৰ দুদিন দৃশ্যগ্ৰহণ হৈছিল । তাৰ স্মৃতিতেই কলিয়াবৰ তথা হাতীমূৰাৰ ৰাইজৰ সহযোগত স্থানীয় সমাজকৰ্মী কৃষ্ণ মহন্তৰ উদ্যোগত জুবিনদাৰ প্ৰতিমূৰ্তিস্থলীৰ নিৰ্মাণকাৰ্য চলি আছে । জুবিনদাৰ কলিয়াবৰৰ লগত সম্পৰ্ক পুৰণি, তেওঁৰ প্ৰযোজিত-পৰিচালিত প্ৰথম ছবি 'তুমি মোৰ মাথোঁ মোৰ' ৰ দৃশ্যগ্ৰহণ কলিয়াবৰৰ বুঢ়াপাহাৰৰ ঘোঁৰাকাটিত থকা অসম সামাজিক বনানীকৰণৰ পৰিদৰ্শন বাংলো 'ৰাইন'লেণ্ড'ত কৰা হৈছিল । গতিকে, তেখেতৰ অকাল মৃত্যুৰ পিছত এই প্ৰথম ওপজা দিনটোত স্থানীয় বিধায়ক তথা মন্ত্ৰীৰ ব্যৱস্থাপনাত, স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠান আৰু কলিয়াবৰ ৰাইজৰ উদ্যোগত কুঁৱৰীটোলত জুবিন গাৰ্গৰ স্মৃতিত এখনি প্ৰাংগন মুকলি কৰা হ'ব ।”

কলিয়াবৰৰ ৰাইজ এতিয়া ব্যস্ত হৈ পৰিছে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ওপজা দিন উদযাপনৰ বাবে ।
লগতে পঢ়ক : শ্বিলঙৰ চেৰী ব্ল'জম ফেষ্টিভেলত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

