আই এম ডি বিত জনপ্ৰিয়তাৰ শীৰ্ষত থকা ১০ খন অ’ টি টি ছিৰিজ
এই বছৰ অ’ টি টি প্লেটফৰ্মত আহিছে ইখনৰ পিছত সিখনকৈ মনোগ্ৰাহী ৱেব ছিৰিজ । শীৰ্ষ ১০ ত থকা অ’ টি টি ছিৰিজৰ বিষয়ে জানি লওক-

By ETV Bharat Entertainment Team
Published : December 25, 2025 at 4:30 PM IST
হায়দৰাবাদ : মনোৰঞ্জন জগতত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা অ’ টি টি প্লেটফৰ্ম দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছে । প্ৰতিজন দৰ্শক আৰু চিনেমাপ্ৰেমীয়ে নিজৰ নিজৰ সুবিধা অনুসৰি প্ৰিয় চিনেমা আৰু ধাৰাবাহিক চোৱাৰ আনন্দ আৰু স্বাধীনতা উপভোগ কৰিছে ।
প্ৰতি বছৰৰ দৰে এইবাৰো বিভিন্ন অ’ টি টি প্লেটফৰ্মত ভিন্ন ধাৰাৰ ছিৰিজে মুক্তি লাভ কৰে ৷ দৰ্শকৰ সন্মুখত বিভিন্ন সোৱাদৰ কাহিনী আছে উপভোগ কৰিব পৰাকৈ । আই এম ডি বিৰ জনপ্ৰিয়তা ৰেংকিং অনুসৰি কোনবোৰ চিনেমা আৰু ধাৰাবাহিক আগবাঢ়ি আছে চাওঁ আহক ।
The Ba***ds of Bollywood
IMDb ৰ জনপ্ৰিয়তা ৰেংকিঙৰ মতে, পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ প্ৰথম চিনেমা ‘দ্য বেডছ অফ বলীউড’ এ প্ৰথম স্থান দখল কৰিছে । এই ধাৰাবাহিকখন বছৰৰ আটাইতকৈ ডাঙৰ অ’ টি টি চমক । ধাৰাবাহিকখনৰ মুক্তিৰ আগতেই ইয়াক লৈ দৰ্শক উত্তেজিত হৈ আছিল । ধাৰাবাহিকখনে মনোৰঞ্জন উদ্যোগৰ ভিতৰৰ পৰা বিভিন্ন কাহিনীক উজ্জ্বল কৰি তুলিছে । ইয়াৰ উপৰিও শ্বাহৰুখ খান, ছলমান খান আৰু আমিৰ খানৰ কেমিঅ’ই অনুৰাগীক আচৰিত কৰি তোলে । নেটফ্লিক্সত ষ্ট্ৰীমিং হৈ থকা এই ধাৰাবাহিকখনে প্ৰায় ৩৯ হাজাৰ ভোটৰ ভিত্তিত আইএমডিবিত ১০ৰ ভিতৰত ৭.৬ ৰেটিং লাভ কৰিছে ।
Black Warrant
জানুৱাৰী মাহত নেটফ্লিক্সত মুক্তি পোৱা এই ধাৰাবাহিকখনে প্ৰথম খণ্ডৰ পৰাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে । ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শশী কাপুৰৰ নাতি জাহান কাপুৰে । তিহাৰ কাৰাগাৰৰ পটভূমিত নিৰ্মিত এই ধাৰাবাহিকখন । এজন নতুন জেল অধীক্ষকে সু-উদ্দেশ্যৰে চাকৰিত যোগদান কৰে । তেওঁ অতি সোনকালেই উপলব্ধি কৰে যে দুৰ্নীতিৰ শিপা গভীৰভাৱে শিপাই আছে । ধাৰাবাহিকখনৰ প্ৰতিটো খণ্ডতে কঠিন সিদ্ধান্ত আৰু নৈতিক সংঘাতৰ দৃশ্য দেখা যায় । আইএমডিবিৰ প্ৰায় ৭,৮০০ ভোটৰ ভিত্তিত ‘ব্লেক ৱাৰেণ্ট’ৰ ৰেটিং হৈছে ৭.৯ ।
Paatal Lok season 2
প্ৰথম ছিজনৰ পাঁচ বছৰৰ পাছত অৱশেষত মুক্তি পালে পাতাল লোক ছিজন ২ । এই ছিজনক লৈ আশা যথেষ্ট আছিল । নিৰ্মাতাসকলে দৰ্শকক নিৰাশ নকৰিলে । এই ধাৰাবাহিকখনে পুনৰবাৰ অপৰাধ, ৰাজনীতি আৰু মানৱ দুৰ্বলতাক উজ্জ্বল কৰি তোলে । চিত্ৰনাট্যখন আগৰ দৰেই শক্তিশালী । এই ছিজনটোৱে ৭৪ হাজাৰ ভোটৰ ভিত্তিত আইএমডিবিত ৮.৩ ৰেটিং লাভ কৰিছে ।
Panchayat season 4
সামাজিক মাধ্যমত অন্যতম চৰ্চিত ধাৰাবাহিক পঞ্চায়ত । প্ৰতিবাৰৰ দৰে এইবাৰো ফুলেৰা গাঁৱৰ ৰাইজে দৰ্শকৰ আশা পূৰণ কৰাত সফল হৈছে । ফলত এই ধাৰাবাহিকখন পুনৰ হিট হয় । IMDb ৰ পঞ্চায়ত ছিজন ৪ এ ১ লাখ ১৫ হাজাৰতকৈ অধিক ভোটৰ সমৰ্থনত লাভ কৰিছে ৯.০ ৰেটিং ।
Khauf
প্ৰাইম ভিডিঅ’ত মুক্তি পোৱা ‘খৌফ’ ধাৰাবাহিকখনত ভয় আৰু আৱেগৰ মিশ্ৰণ দেখিবলৈ পোৱা গৈছে । দিল্লীৰ হোষ্টেলৰ এটা কোঠাক কেন্দ্ৰ কৰি কাহিনীটো ঘূৰি থাকে । কোঠাটোত এটা ভয়ংকৰ অতীত লুকাই আছে । তাত বাস কৰা এগৰাকী যুৱতীয়ে অদ্ভুত পৰিঘটনাৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰে । ৫৪০০ ভোটৰ ভিত্তিত আইএমডিবিত ‘খৌফ’ এ লাভ কৰিছে ৭.৪ ৰেটিং ।
Special OPS season 2
Special Ops Season 2 বছৰৰ অন্যতম প্ৰত্যাশিত ধাৰাবাহিক আছিল । কে কে মেননে পুনৰবাৰ ডিটেক্টিভ হিম্মত সিং হিচাপে সকলোৰে হৃদয় জয় কৰিছে । গোটেই ধাৰাবাহিকখনতে উত্তেজনা আছিল । জিঅ’ হটষ্টাৰত ষ্ট্ৰীমিং হৈ থকা এই ধাৰাবাহিকখনে আইএমডিবিত ৪৩ হাজাৰৰো অধিক ভোট লাভ কৰি ৮.৬ ৰেটিং লাভ কৰিছে ।
Khakee: The Bengal Chapter
‘খাকীঃ দ্য বেংগল চেপ্টাৰ’ ধাৰাবাহিকখনত ২০০০ চনৰ আৰম্ভণিতে বংগত ঘটি থকা অপৰাধ আৰু ৰাজনীতিৰ ওপৰত আলোকপাত কৰা হৈছে । বাস্তৱ পৰিঘটনাৰ ওপৰত আধাৰিত এই ধাৰাবাহিকখন নেটফ্লিক্সত উপলব্ধ ৷ দৰ্শকে যথেষ্ট ভাল পাইছে । প্ৰায় ৬ হাজাৰ ১০০ ভোটৰ ভিত্তিত IMDb ত ৭.৫ ৰেটিং লাভ কৰিছে খাকীঃ দ্য বেংগল চেপ্টাৰে ।
The Family Man season 3
যেতিয়া মনোজ বাজপেয়ী শ্ৰীকান্ত তিৱাৰীৰ চৰিত্ৰত পৰ্দালৈ ঘূৰি আহে, অনুৰাগীসকল প্ৰেমত নপৰাকৈ থাকিব নোৱাৰিলে । প্ৰতিবাৰৰ দৰেই মনোজ বাজপেয়ীৰ আচৰিত অভিনয় । জয়দীপ আহলাৱত আৰু নিম্ৰত কৌৰৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰে তেওঁ । এই ধাৰাবাহিকখনে ১ লাখ ১০ হাজাৰতকৈ অধিক ভোটৰ সমৰ্থনত আইএমডিবিত ৮.৭ ৰেটিং লাভ কৰিছে ।
Criminal Justice: A Family Matter
এই তালিকাত স্থান লাভ কৰিছে পংকজ ত্ৰিপাঠীৰ ‘ক্ৰিমিনেল জাষ্টিচ - এ ফেমিলি মেটাৰ’ এ । কাহিনীটো ঘূৰি থাকে এটা পৰিয়ালৰ সৈতে জড়িত ৰহস্যময় হত্যাকাণ্ডৰ গোচৰৰ আশে-পাশে । প্ৰতিটো খণ্ডই নতুন নতুন টুইষ্ট আৰু টাৰ্ণ আনে । ৯৬০০ ভোটৰ সৈতে ১০ৰ ভিতৰত ৭.৭ ৰেটিং লাভ কৰিছে এই ধাৰাবাহিকখনে ।
Mandala Murders
এই ধাৰাবাহিকখনৰ প্ৰযোজনা যশ ৰাজ ফিল্মছৰ । এই ধাৰাবাহিকখন জুলাই মাহত নেটফ্লিক্সত মুক্তি পাইছিল । কাহিনীটো ঘূৰি থাকে এখন নিস্তব্ধ চহৰত সংঘটিত হোৱা এক অদ্ভুত হত্যাকাণ্ডৰ ওপৰত । পুৰণি বিশ্বাস, আচাৰ-ব্যৱহাৰ আৰু গোপনীয়তা ক্ৰমান্বয়ে চৰ্চালৈ আহে । প্ৰায় ৬ হাজাৰ ১০০ ভোটৰ ভিত্তিত আইএমডিবিত ৬.৫ ৰেটিং লাভ কৰিছে এই ধাৰাবাহিকখনে ।
লগতে পঢ়ক : মুখ্য চৰিত্ৰত অভিনয় নকৰাৰ পিছতো যিসকল অভিনেতাই বুটলিলে প্ৰশংসা

