2025 বৰ্ষটোত অসমীয়া মনোৰঞ্জন জগতখনৰ পৰা হেৰাই যোৱা বৰেণ্য় ব্য়ক্তিসকল
2025 বৰ্ষটোৱে অসমীয়াক বহুত দিলে, কিন্তু কোনো অসমীয়াই পাহৰিব নোৱৰাকৈ লৈ গ’ল জুবিন গাৰ্গক ৷ লগতে আমি হেৰুৱালো আৰু বহুতো নমষ্য শিল্পীক ৷

By ETV Bharat Entertainment Team
Published : December 10, 2025 at 2:02 PM IST
হায়দৰাবাদ : এগৰাকী অসমীয়া হিচাপে 2025 চনটোৰ কথা নিশ্চয়কৈ কোনেও কেতিয়াও নাপাহৰে, কাৰণ - জুবিন গাৰ্গ ৷ জুবিন গাৰ্গৰ মৃত্যুৱে যি পৰিস্থিতিৰ সৃষ্টি কৰিলে, ইতিহাসৰ পাতত সেয়া চিৰিদিনৰ বাবে খোদিত হৈ ৰ’ল ৷ এই বছৰটোৱে কাঢ়ি নিলে প্ৰতিগৰাকী অসমীয়াই আজীৱন গৌৰৱ কৰিব পৰাকৈ থকা সম্পদটি- জুবিন গাৰ্গ ৷ এই জুবিন নামৰ সত্তাটো চিৰিদিনৰ বাবে হেৰাই যোৱা কথাটো অসমীয়া ৰাইজে যে কেতিয়াও পাহৰি নাযায়, সেয়া শিল্পীগৰাকীৰ প্ৰতি থকা মৰমেই দেখুৱালে ৷
প্ৰাণভৰি ভালপোৱা এটা উশাহৰ অপমৃত্যু ! ক’ত কি যে হৈ গ’ল এই মৃত্যুৰ পাছত ৷ শ্মশানথলী ৰূপান্তৰিত হৈ পৰিল মন্দিৰলৈ ৷ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে তাত প্ৰাৰ্থনা কৰে ৷ বহুতে মনৰ ভিতৰতে কল্পনা কৰি থকা বৰ অসমখন মৃত্যুৰ দিনাই গঢ়ি থৈ গ’ল জুবিনে ৷ জুবিনক অসমীয়াই প্ৰাণভৰি ভাল পায়, সেয়া সকলোৱে জানে, কিন্তু তেওঁৰ মৃত্যুৰ দিনা অসমীয়াই যে কেৱল এগৰাকী শিল্পীয়েই হেৰুওৱা নাছিল, সেই কথাও বিশ্বই জানিলে ৷ জুবিন নাইকিয়া মানে মানুহে হেৰুৱালে ঘৰৰে সন্তান এগৰাকী ৷ আজি বিশ্বজুৰি সকলোৰে মুখে মুখে- শিল্পীক কেনেকৈ ভাল পাব লাগে অসমীয়াৰ পৰা শিকা, চোৱা এখন ৰাজ্যই এগৰাকী শিল্পীক কিদৰে শ্ৰদ্ধা যাচিছে ৷ পৃথিৱীয়ে চৰ্চা কৰিব পৰাকৈ জুবিন আছিল অসমীয়াৰ বাবে ৷
পিছে কেৱল জুবিনেই নহয়, বছৰৰ আৰম্ভণি মাহটোৰ পৰা আমি বহুকেইগৰাকী বিশিষ্ট শিল্পীক হেৰুৱালো ৷ বছৰৰ শেষত উভতি চাওঁ আহক 2025 বৰ্ষটোৱে আমাক কিমান কোঙা কৰিলে-
চলচ্চিত্ৰ প্ৰযোজক সাংস্কৃতিক কৰ্মী পৰাণ বৰবৰুৱা :
2 জানুৱাৰীত বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক তথা সাংস্কৃতিক কৰ্মী পৰাণ বৰবৰুৱাৰ দেহাৱসান ঘটে ৷ হৃদৰোগত আক্রান্ত হৈ মৃত্যু হয় বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85 বছৰ ৷ 1939 চনৰ 1 ছেপ্টেম্বৰত যোৰহাটত জন্মগ্ৰহণ কৰা পৰাণ বৰবৰুৱা এগৰাকী সুদক্ষ খেলুৱৈৰ লগতে এগৰাকী সফল চলচ্চিত্ৰ প্ৰযোজক আছিল ।
চলচ্চিত্ৰ তথা টেলিভিছন ক্ষেত্ৰৰ সৈতে জড়িত পৰাণ বৰবৰুৱাই কেইবাখনো পূৰ্ণদৈৰ্ঘৰ চলচ্চিত্ৰ, তথ্যচিত্ৰ আৰু দূৰদৰ্শনৰ কেইবাখনো জনপ্ৰিয় ধাৰাবাহিক প্ৰযোজনা কৰিছিল । অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ প্ৰযোজক হিচাপে তেওঁৰ আছিল বিশেষ অৱদান । বৰবৰুৱাই প্ৰযোজনা কৰা অসমীয়া ছবিসমূহৰ ভিতৰত এখন উল্লেখনীয় ছবি আছিল 'সুৰুয' । 1992 চনত তেওঁ প্ৰযোজনা কৰে দূৰদৰ্শনৰ সৰ্বাধিক জনপ্ৰিয় ধাৰাবাহিক 'বৃকোদৰ বৰুৱাৰ বিয়া' ।
1993 চনত তেওঁ প্ৰযোজনা কৰা 'ছাউণ্ড অফ দ্য ডায়িং কালাৰ্ছ' নামৰ তথ্যচিত্ৰখনে নন ফিচাৰ শাখাত শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে বিবেচিত হৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে । 2003 চনত দূৰদৰ্শনৰ ধাৰাবাহিক 'মেজৰ চাহেব' তেওঁ প্ৰযোজনা কৰিছিল । ইয়াৰ পিছত 2010 চনত সূৰ্য হাজৰিকা পৰিচালিত 'শ্ৰীমন্ত শংকৰদেৱ' চলচ্চিত্ৰখনো তেওঁ প্ৰযোজনা কৰে । তেওঁ প্ৰযোজনা কৰা আন এখন উল্লেখনীয় তথ্যচিত্ৰ আছিল 'ইকোজ অফ ছানশ্বাইন' ।
প্ৰবীণ অভিনেত্ৰী-কণ্ঠশিল্পী জ্ঞানদা কাকতি :
প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতিয়ে শ্বিলঙৰ বেথানি হাস্পতালত 8 জানুৱাৰীত শেষ নিশ্বাস ত্যাগ কৰে ৷ দীৰ্ঘদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ আছিল অভিনেত্ৰীগৰাকী । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 93 বছৰ । বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ মৃত্যুবৰণ কৰে অভিনেত্ৰীগৰাকীয়ে ।
জ্ঞানদা কাকতিয়ে মাতৃৰ পৰা সংগীত আৰু পিতৃৰ পৰা লাভ কৰিছিল অভিনয়ৰ আদিপাঠ । শৈশৱতে লাভ কৰিছিল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সান্নিধ্য । বিবাহৰ পিছতহে স্বামীৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে 1948 চনত প্ৰবীণ ফুকন পৰিচালিত ‘পাৰঘাট’ ছবিখনত অভিনয় কৰি অসমীয়া ছবিজগতত খোজ পেলাইছিল তেওঁ । জ্ঞানদা কাকতিয়ে নায়িকা হিচাপে অভিনয় কৰা অসমীয়া ছবিকেইখন হৈছে - ‘পিয়লি ফুকন’, ‘সৰাপাত’, ‘লখিমী’, ‘ৰঙা পুলিচ’, ‘পূবেৰুণ’, ‘চাকনৈয়া’, ‘পূৱতি নিশাৰ সপোন’, ‘নৰকাসুৰ’, ‘আমাৰ ঘৰ’, ‘ওপৰ মহলা’, ‘শেষ বিচাৰ’, ‘প্ৰিয়জন’ আৰু ‘ৰাগ-বিৰাগ’ ৷ পুৰণি চলচ্চিত্ৰ মহোৎসৱ ‘বাৰ্লিন চলচিত্ৰ মহোৎসৱ’ত 1960 চনত কাকতি অভিনীত ‘পূবেৰুণ’ ছবিখন ভাৰতীয় ছবি হিচাপে প্ৰতিযোগিতা শাখাত প্ৰদৰ্শিত হৈছিল । পূবেৰুণ ছবিখনৰ বাবে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত তেওঁ ৰাষ্ট্ৰপতিৰ পৰা ৰূপৰ পদক লাভ কৰিবলৈও সক্ষম হৈছিল । আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী অভিনেত্ৰী আছিল জ্ঞানদা কাকতি ৷
1987 চনত ‘প্ৰথম ৰাগিনী’ ছবিৰ বাবে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল জ্ঞানদা কাকতিয়ে । আকাশবাণী গুৱাহাটী-শ্বিলং কেন্দ্ৰৰ প্ৰথমগৰাকী ঘোষিকা আছিল কাকতি । তেওঁ দুটামান গ্ৰামোফোন ৰেকৰ্ডতো গান গাইছিল, লগতে বহুকেইখন নাটকৰ আৱহ সংগীতত কণ্ঠদান কৰিছিল । অসম চৰকাৰৰ তৰফৰ পৰা শিল্পী পেন্সন লাভ কৰা অভিনেত্ৰীগৰাকীয়ে 2002 চনত ‘কলাগুৰু বিষ্ণুৰাভা বঁটা’ লাভ কৰিবলৈ সক্ষম হৈছিল ।
কণ্ঠশিল্পী ৰাজীৱ শদিয়া :
এইবছৰ ভোগালীৰ উৰুকাৰ দিনাই আহিছিল গণশিল্পী ৰাজীৱ শদিয়াৰ দেহাৱসানৰ খবৰটো ৷ উৰুকাৰ দিনা অৰ্থাৎ 13 জানুৱাৰীৰ দিনা নেদেখাজনে কাঢ়ি লৈ গ’ল জাতি-মাটিৰ গান গাই ভাল পোৱা 40 বছৰীয়া শিল্পী ৰাজীৱ শদিয়াক ৷ উকা হৈ পৰিল অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন । অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ সময়তে শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পী ৰাজীৱ শদিয়াই ৷ উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ দুৱাৰমৰাৰ ‘ৰসবাৰী পৰ্যটন মেলা’ত গীত গাই থকাৰ মাজতে হঠাৎ ঢলি পৰি অসুস্থ হৈ পৰিছিল শিল্পীগৰাকী । তাৰ পাছত ততাতৈয়াকৈ ৰাজীৱ শদিয়াক ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিংহোমলৈ লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়, কিন্তু চিকিৎসকে বচাব নোৱাৰিলে তেওঁৰ প্ৰাণ ৷
ৰাজীৱ শদিয়াই দেশ আৰু মাটিৰ বাবে আপোচবিহীনভাৱে গান গাইছিল, যিয়ে সদায় তেওঁক ৰাইজৰ বুকুত জীয়াই ৰাখিব । অসমীয়া সংগীতজগতত বিশেষ কোনো চিন্তা-চেতনা নথকা, টুলুঙা শব্দৰে কিছুমান বিজতৰীয়া গান-বাজনা গাই থকাসকলৰ মাজত অসমীয়া সংগীতৰ ঐতিহ্য কঢ়িয়াই লৈ গৈছিল ৰাজীৱ শদিয়াই ।
তবলাবাদক আবিৰ বৰগোহাঞি :
বিশিষ্ট তবলাবাদক তথা ফটোগ্ৰাফাৰ আবিৰ বৰগোহাঞিৰ পৰলোকপ্ৰাপ্তি ঘটে 19 জানুৱাৰীত ৷ ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হৈ কিছুদিন ধৰি যোৰহাটৰ মিছন হাস্পতালত চিকিৎসাধীন হৈ আছিল তেওঁ ৷ পিছে চিকিৎসাই সুফল নেদেখুৱালে ৷ মাতৃ, পত্নী, কন্যাৰ লগতে অনুৰাগীক কন্দুৱাই জীৱন নাটৰ সামৰণি মাৰে তেওঁ 53 বছৰ বয়সত ৷
আবিৰ বৰগোহাঞিয়ে ভাতখাণ্ডে সংগীত বিদ্যাপীঠ লক্ষ্ণৌৰ পৰা 1987 চনত তবলা বিশাৰদ ডিগ্ৰী লাভ কৰি পৰৱৰ্তী সময়ত শ্ৰীমন্ত শংকৰদেৱ সংগীত মহাবিদ্যালয়, চুকাফা চাৰু কলা সংগীত বিদ্যালয়, নৃত্য মঞ্জিৰা নৃত্য বিদ্যালয়, সৌমাৰ সংগীত বিদ্যালয়ৰ সৈতে জড়িত হৈ পৰিছিল । পিছৰ পৰ্যায়ত তেওঁ প্ৰাচীন কলা কেন্দ্ৰৰ তবলাৰ এক্সটাৰ্নেলৰ দায়িত্ব গ্ৰহণ কৰি সুচাৰুৰূপে দায়িত্ব পালন কৰি গৈছিল । তবলাবাদক হিচাপে সমগ্ৰ ৰাজ্যতে বিশেষভাৱে সুপৰিচিত আছিল আবিৰ বৰগোহাঞি ৷ তেওঁ তবলাৰ সমান্তৰালকৈ ফটোগ্ৰাফীতো নিজৰ এক পৰিচয় এৰি থৈ গৈছে ।
গায়িকা বীণা ভাগৱতী :
ষাঠী-সত্তৰ দশকত 'ৰহদৈ ঐ এয়া নিৰ্মলা নদীৰে ঘাট', 'উকুলি-মুকুলি কুকুলিতে খেলা', 'চেনাই মই আজিও পাহৰা নাই', 'কিয় চুচুক-চামাক কৈ', 'জীৱন ভৰা দুখৰ বোজা' আদিকে ধৰি অনেক জনপ্ৰিয় গীতেৰে দৰ্শকৰ মন জয় কৰা সুকণ্ঠী গায়িকা বীণা ভাগৱতীয়ে 3 ফেব্ৰুৱাৰীত গুৱাহাটীৰ জু-ৰোডৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত কণ্ঠশিল্পীগৰাকীৰ বয়স আছিল 88 বছৰ । 1937 চনৰ 12 ডিচেম্বৰত কামৰূপৰ পলাশবাৰীত জন্মগ্ৰহণ কৰা ভাগৱতীয়ে সৰুৰে পৰাই এটা সংগীতমধুৰ সাংস্কৃতিক পৰিৱেশত ডাঙৰ-দীঘল হৈছিল ৷ পাঁচ বছৰ বয়সতে তাহানিৰ 'আৱাহন'ৰ লেখক প্রয়াত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ওচৰত গান শিকিবলৈ আৰম্ভ কৰিছিল । মাতৃ প্ৰয়াত আনিমা গোস্বামী আৰু মোমায়েক প্রয়াত যোগেন কটকীৰ পৰা সংগীতৰ শিক্ষা লৈ শৈশৱৰ পৰাই বিভিন্ন সভা-সমিতিত গীত গাই শিল্পী জীৱনৰ পাতনি মেলিছিল তেওঁ । পিছলৈ তেওঁ হৰলাল বেনার্জী, জিতেন দেৱ, পৰেশ ৰায়ৰ দৰে ব্যক্তিৰ ওচৰতো সংগীতৰ শিক্ষা লয় ।
1950 চনত পঞ্চম শ্রেণীত পঢ়ি থাকোঁতেই বীণা ভাগৱতীয়ে গুৱাহাটীৰ অনাতাঁৰ কেন্দ্র যোগে ধন দাসৰ কথাৰে 'ভকতিৰ ধূপ পুৰি যায় প্রভু...' শীর্ষক গীতটো পৰিবেশন কৰি অতি কম সময়ৰ ভিতৰতে জনপ্রিয়তা অর্জন কৰে । পৰৱৰ্তী সময়ত গুৱাহাটী আৰু ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রৰ যোগেৰে তেওঁ আধুনিক গীত পৰিবেশন কৰে । মেঘালয়, বিহাৰ আদিতো ৰাজহুৱা মঞ্চত তেওঁ আধুনিক গীত পৰিৱেশন কৰিছিল ৷ আধুনিক গীতৰ সমান্তৰালকৈ বৰগীত, ভজন, লোকগীত, বিহুসুৰীয়া গীত আদিও পৰিবেশন কৰিছিল তেওঁ । 1974 চনত বীণা ভাগৱতীয়ে লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ অধীনত শাস্ত্রীয় সংগীতত বিশাৰদ ডিগ্রী লাভ কৰে । লতা মংগেশকাৰৰ সান্নিধ্য লাভ কৰা বীণা ভাগৱতীক সেই সময়ত প্রভাৱিত কৰিছিল আনন্দিৰাম দাস, বীৰেন ফুকন, হেমেন হাজৰিকা, লতা মংগেশকাৰ, সুদক্ষিণা শর্মা, লক্ষহীৰা দাস, যোগেন কটকী আদিৰ দৰে সাংস্কৃতিক ক্ষেত্রৰ স্বনামধন্য গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পীসকলে ।
জুবিন গাৰ্গ :
19 ছেপ্টেম্বৰৰ দিনা ছিংগাপুৰৰ পৰা আহিছিল সেই হৃদয় বিদাৰক খবৰটো ৷ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু নাই ৷ স্তব্ধ হৈ পৰিছিল সময় অসমীয়াৰ বাবে ৷ ৰাজ্য চৰকাৰে তিনিদিনীয়া বন্ধ ঘোষণা কৰে ৷ পিছুৱাই দিয়া হয় পৰীক্ষা ৷ সমগ্ৰ অসমজুৰি জুবিনৰ মৃত্যুৰ পিছৰ পৰা বিৰাজ কৰিছিল এক নিমাওমাও পৰিৱেশে ৷ এই শক্তি আছিল জুবিনৰ ৷
1992 চনত জুবিনৰ প্ৰথম এলবাম ‘অনামিকা’ মুক্তি হোৱাৰ পৰা আৰু থমকি ৰ’বলগীয়া নহ’ল তেওঁ ৷ অন্তিম সময়ছোৱালৈকে সংগীতৰ মায়াজালেৰে সকলোকে আৱৰি ৰাখিলে শিল্পীগৰাকীয়ে ৷ হিয়া উজাৰি সমগ্ৰ দি থৈ যোৱা এইগৰাকী শিল্পীয়ে চাবলৈ নাপালে তেওঁৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে প্ৰতিগৰাকী অসমীয়াই কিদৰে আদৰি লৈছে ৷ জুবিনৰ আকস্মিক মৃত্যুত আজিও শোকস্তব্ধ ৰাজ্যবাসী ৷ আশাৰে বাট চাইছে 52 বছৰ বয়সতে সকলোকে নিথৰ কৰি এৰি থৈ যোৱা এইগৰাকী শিল্পীৰ প্ৰকৃত ন্যায়লৈ ৷ জুবিন অনুৰাগীয়ে আজিও তেওঁৰ বাবে সামাজিক মাধ্যমত লিখে, "পাৰিলে ঘূৰি আহক দাদা ৷"
বাঁহীবাদক দীপক শৰ্মা :
3 নৱেম্বৰত খহি পৰিল এটি ভোটাতৰা, 57 বছৰ বয়সত পৰলোকগামী হয় দীপক শৰ্মা ৷ তেওঁৰৰ মৃত্যু অসমীয়া সংগীত জগতখনৰ বাবে অপূৰণীয় ক্ষতি ৷ বাঁহীত সৃষ্টি কৰা যাদুকৰী সুৰৰ বাবে পৰিচিত আছিল দীপক শৰ্মা ৷ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমক জনাজাত কৰি তোলা বাঁহীবাদক দীপক শৰ্মাৰ 1968 চনৰ 23 আগষ্টত নলবাৰী জিলাৰ পানীগাঁও বিলাগত জন্ম হৈছিল ।
3 খন অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰাৰ লগতে জী টিভিত সম্প্ৰচাৰিত হোৱা কৰ্ম এণ্ড ৱাজিৰৰ সংগীত পৰিচালনা কৰিছিল শৰ্মাই । আকাশবাণী গুৱাহাটীৰ হাইগ্ৰেডেড আৰ্টিষ্টৰ মৰ্যাদা লাভ কৰিছিল দীপক শৰ্মাই ৷ শৰ্মাই কলকাতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ইনষ্ট্ৰুমেণ্টেল মিউজিক (বাঁহী) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷ লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা সংগীতত বিশাৰদ কৰে তেওঁ ৷ 1992 চনৰ পৰা পণ্ডিত হৰিপ্ৰসাদ চৌৰাসিয়াৰ তত্ত্বাৱধানত সংগীত শিক্ষা গ্ৰহণ কৰিছিল তেওঁ ৷
হৰিপ্ৰসাদ চৌৰাছিয়াৰ অধীনত বাঁহী শিকি থকাৰ সময়তে তেওঁ কেইখনমান হিন্দী চলচ্চিত্ৰৰ সংগীতত বাঁহী বজাইছিল । পৰৱৰ্তী সময়ত দীপক শৰ্মাই জুবিন গাৰ্গৰ কেইবাটাও জনপ্ৰিয় গানত বাঁহীৰ সুৰ দিছিল । মুম্বাইত থকাৰ সময়তে দীপক শৰ্মা দক্ষিণ আফ্ৰিকালৈ বাঁহী বাদনৰ বাবে আমন্ত্ৰিত হৈছিল । ইয়াৰ পিছত তেওঁ ছুইজাৰলেণ্ড, জাৰ্মানী, পোলেণ্ড, ফ্ৰান্স আদিকে ধৰি 42 খন দেশত অনুষ্ঠান পৰিৱেশন কৰিছিল । তেওঁ আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত সংগীত পৰিচালকো আছিল ।
যশস্বী সুৰকাৰ, কবি, অভিনেতা, ঘোষক, নাট্যকাৰ আৰু গীটাৰিষ্ট চৈয়দ ছাদুল্লা :
যশস্বী সুৰকাৰ, কবি, অভিনেতা, ঘোষক, নাট্যকাৰ আৰু গীটাৰিষ্ট চৈয়দ ছাদুল্লাই 30 অক্টোবৰত জীৱন নাটৰ সামৰণি মাৰে ৷ ‘এয়া আকাশবাণী ডিব্ৰুগড়’ বুলি কোৱা ৰেডিঅ'ৰ সেই চিনাকি কণ্ঠ চিৰদিনৰ বাবে স্তব্ধ হৈ পৰিল এই বছৰ ৷ চৈয়দ ছাদুল্লাই জন্মগ্ৰহণ কৰিছিল ডিব্ৰুগড়ত 1948 চনৰ 1 ফেব্ৰুৱাৰীত । সৰুৰে পৰা গীটাৰত সুৰ তুলি ভালপোৱা শিল্পীগৰাকীৰ অনবদ্য অৱদান আছে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনলৈ ৷
ৰাজ্যৰ জনপ্ৰিয় সাংস্কৃতিক দল কুইভাৰ্চৰ অন্যতম সদস্য আছিল চৈয়দ ছাদুল্লা ৷ সৰুৰে পৰা সংগীত আৰু ৰেডিঅ' ভালপোৱা চৈয়দ ছাদুল্লাই কানৈ কলেজত অধ্যয়ন কৰা সময়তে ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল । বিশিষ্ট সাংস্কৃতিক কৰ্মী ভৱেশ গোস্বামী, নজিফুৰ ৰহমান, জিয়াউৰ ৰহমান, বিজু ফুকন, হেমন্ত দত্ত আদি ব্যক্তিসকলৰ সৈতে আৰম্ভ কৰিছিল সাংস্কৃতিক ক্ষেত্ৰখনৰ কাম ।
1965 চনত এই ব্যক্তিসকলৰ সৈতে চৈয়দ ছাদুল্লাই ৰাজ্যৰ জনপ্ৰিয় সাংস্কৃতিক দল কুইভাৰ্চ (The Quivers) গঠন কৰিছিল ৷ এই সাংস্কৃতিক দলটোত গীটাৰ বজাইছিল চৈয়দ ছাদুল্লাই । এই দলটোৰ জৰিয়তে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি অত্যন্ত জনপ্ৰিয় হৈ উঠে চৈয়দ ছাদুল্লা । তেতিয়া ড৹ ভূপেন হাজৰিকা, খগেন মহন্তকে আদি কৰি বহু স্বনামধন্য শিল্পীৰ সান্নিধ্য লাভ কৰিছিল তেওঁ ।
1969 চনত চৈয়দ ছাদুল্লাই ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰৰ বিভাগীয় শিল্পীৰ পদত যোগদান কৰিছিল । চৈয়দ ছাদুল্লাই ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰত যোগদান কৰা পাছত নতুনকৈ ৰাজ্যত আৰম্ভ হৈছিল ৰেডিঅ'ৰ প্ৰতি ৰাইজৰ আগ্ৰহ । চৈয়দ ছাদুল্লা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা । তেওঁ দূৰদৰ্শন, নেশ্যনেল জিঅ’গ্ৰাফিক আৰু ডিস্ক'ভাৰী চেনেলৰ সৰ্বমুঠ 100 খনতকৈ অধিক ডকুমেণ্টৰীৰ ঘোষক আছিল ।
চৈয়দ ছাদুল্লা এগৰাকী কবি, লেখক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, সূত্ৰধাৰ, আবৃত্তিকাৰ, গায়ক, গীটাৰবাদক আৰু বলিষ্ঠ অভিনেতা আছিল । 1975 চনৰে পৰাই তেখেতে আকাশবাণীৰ বাবে নাট লিখি প্ৰযোজনা আৰু পৰিচালনা কৰিছিল ৷ বহুতো ধাৰাবাহিকৰ কাহিনী ৰচনা কৰি নিজেই অনাতাঁৰ আৰু মঞ্চৰ নাটকত অভিনয় কৰিছিল ৷ তেখেতে 1974 চনত প্ৰযোজনা পৰিচালনা আৰু অভিনয়ৰ বাবে ‘উৰুখা’ আৰু ‘বিচাৰ’ নামেৰে দুখন নাটকত Akashbani Annual Award ৰ সন্মান লাভ কৰিছিল ।
লগতে পঢ়ক : বছৰৰ শেষৰটো মাহ, জানো আহকচোন সন্তানৰ আগমনেৰে কাৰ কাৰ পৰিয়াল ডাঙৰ হ’ল ?

