ETV Bharat / entertainment

সামান্থাৰ পৰা ছেলেনালৈকে: ২০২৫ ত বিবাহৰ বান্ধোনেৰে বান্ধ খোৱা তাৰকাসকলৰ বহুচৰ্চিত কেইখনমান বিয়া

যুগ্ম জীৱনৰ পাতনি মেলা তাৰকাসকলৰ লগতে ২০২৫ বৰ্ষটোত সবাতোকৈ চৰ্চাত থকা বিয়াকেইখনৰ বিষয়ে জানেনে ?

yearender 2025 From Samantha To Selena full list of stars who tied the knot in 2025, The most talked about weddings
২০২৫ বৰ্ষটোত বিবাহৰ বান্ধোনত বান্ধ খোৱা তাৰকাসকল (Photo: ANI)
author img

By ETV Bharat Entertainment Team

Published : December 13, 2025 at 5:23 PM IST

7 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ২০২৫ চন শেষ হও হও । নতুন বছৰক আদৰাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈ গৈছে ৷ বছৰটো বিদায় দিয়াৰ আগতে এবাৰ চকু ফুৰাও আহক মনোৰঞ্জন জগতৰ কোন কোন তাৰকাই বিচাৰি পালে নিজৰ নিজৰ ছ’লমেট ৷ চৰ্চাত থাকিল কোন কেইখন বিয়া ?

চেলেব্ৰিটীৰ বিয়াই সদায় ৰাইজক মোহিত কৰি আহিছে ৷ ২০২৫ চনটোও বহু কেইখন বিয়াৰ সাক্ষী হৈ ৰ’ল । গ্ৰেণ্ড ৱেডিঙৰ সমান্তৰালকৈ বহু তাৰকাই কম ধুমধামেৰে, ব্যক্তিগতভাৱে বা পৰম্পৰাগত পূজাৰে বিবাহকাৰ্য সম্পন্ন কৰে ।

চৰ্চাত থকা বহুকেইখন বিয়াৰ ভিতৰত সামান্থা ৰুথ প্ৰভু-ৰাজ নিদিমৰু, ছেলেনা গোমেজ-বেনী ব্লাংকো, প্ৰাজক্তা কোলী-বৃশাংক খানাল, আদাৰ জৈন-আলেখা আদৱানী, অৰমান মালিক-আশনা শ্ৰফৰ কথা উল্লেখ কৰিব পাৰি ।

ৰাজ নিদিমৰু আৰু সামান্থা ৰুথ প্ৰভু

অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু আৰু পৰিচালক ৰাজ নিদিমৰুৰ মিলন বছৰটোৰ আটাইতকৈ আচৰিত বিবাহ আছিল । ২০২৫ চনৰ ১ ডিচেম্বৰত দুয়োৰে বিবাহ হয় । কেইবামাহো ধৰি চলি থকা জল্পনা-কল্পনা, ৰহস্যময় ইনষ্টাগ্ৰাম পোষ্টৰ অন্তত তামিলনাডুৰ কইম্বাটুৰৰ সদগুৰুৰ ঈশা যোগ কেন্দ্ৰত বিয়াৰ আন্তৰিক ফটো শ্বেয়াৰ কৰি সামান্থাই নিজেই এই খবৰটো নিশ্চিত কৰে ।

পৰম্পৰাগত ভূত শুদ্ধি বিবাহ প্ৰক্ৰিয়াৰে তেওঁলোক বিয়াত বহে ৷ বিয়াত সামান্থাই ৰঙা শাৰী পৰিধান কৰে, আনহাতে ছবি নিৰ্মাতা ৰাজে বগা কুৰ্তা আৰু বেইজ ৰঙৰ নেহৰু জেকেট পিন্ধে ।

জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰা কথাটো আছিল তেওঁলোকৰ ব্যক্তিগত ইতিহাস । পূৰ্বতে সম্পৰ্ক শেষ কৰি সামান্থা আৰু ৰাজ দুয়োৱেই এই বিবাহত প্ৰৱেশ কৰে ৷ ২০২১ চনত নাগা চৈতন্যৰ সৈতে সামান্থাৰ বিবাহৰ অন্ত পৰিছিল, আনহাতে ২০২২ চনত শ্যামালী দেৰ সৈতে ৰাজৰ বিচ্ছেদ ঘটে ।

ছেলেনা গোমেজ আৰু বেনী ব্লাংকো

২৭ ছেপ্টেম্বৰত ছেলেনা গোমেজ আৰু বেনী ব্লাংকোৰ বিয়াখনে বিশ্বজুৰি শিৰোনাম দখল কৰিছিল । দুবছৰতকৈ অধিক সময় ডেটিং আৰু এংগেজমেণ্টৰ অন্তত কেলিফৰ্ণিয়াৰ চাণ্টা বাৰ্বাৰাত এক অন্তৰংগ অনুষ্ঠানত গায়ক-অভিনেতা আৰু গ্ৰেমী বিজয়ী প্ৰযোজকগৰাকী বিবাহপাশত আবদ্ধ হয় ।

ছেলেনাই বাতৰিটো সম্ভৱত আটাইতকৈ সহজ ধৰণেৰে শ্বেয়াৰ কৰিছিল ৷ বগা হাৰ্ট ইম’জী, বিয়াৰ তাৰিখ আৰু কেইখনমান ফটো । ২০১৫ চনত ছেলেনাৰ ৰিভাইভেল এলবামৰ সময়ত তেওঁলোকৰ প্ৰথম মিলন হৈছিল, ব্লাংকোৱে একাধিক ট্ৰেক প্ৰযোজনা কৰিছিল । ২০১৯ চনৰ হিট গীত "I Can't Get Enough"ৰ বাবে তেওঁলোকে পুনৰ একেলগে কাম কৰিছিল । ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত ছেলেনাই এই সম্পৰ্ক নিশ্চিত কৰে । ২০২৪ চনত তেওঁলোকৰ এংগেজমেণ্ট হয় আৰু তাৰ পিছত ২০২৫ ত বিয়াত বহে ৷ অনুৰাগীসকলে বাস্তৱ সময়ত উন্মোচিত হোৱা এটা প্ৰেম কাহিনী সম্পূৰ্ণ হোৱাৰ দৰে অনুভৱ কৰে । দুয়োৱে বিয়াৰ দিনটোত ৰালফ লৰেনে পিন্ধিছিল ৷ ফুলৰ ডিটেইলিঙৰ সৈতে হলটাৰ-নেক গাউন পিন্ধিছিল ছেলেনাই, বেনীক ক্লাছিক টাক্সেডোত আকৰ্ষণীয় লুকত দেখা গৈছিল ।

প্ৰাজক্তা কোলী-বৃশাংক খানাল

জনপ্ৰিয়ভাৱে ‘মষ্টলিসেন’ নামেৰে পৰিচিত ইউটিউবাৰ প্ৰাজক্তা কোলীয়ে ২৫ ফেব্ৰুৱাৰীত বৃশাংক খানালৰ সৈতে বিবাহপাশত আবদ্ধ হয় । বিবাহৰ পূৰ্বে ১৩ বছৰ ধৰি সম্পৰ্কত আছিল দুয়ো । বৃশাংক খানালৰ জন্ম হৈছিল নেপালত । স্বামীৰ ঐতিহ্যক সন্মান জনাই নেপালী ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হয় অভিনেত্ৰী তথা ইউটিউবাৰ প্ৰাজক্তা ।

আদৰ জৈন আৰু আলেখা আদৱানী

২১ ফেব্ৰুৱাৰীৰ এইখন বিয়ালৈ বলীউড দলে-বলে উঠি আহিছিল ৷ মুম্বাইত পৰম্পৰাগত হিন্দু ৰীতি-নীতিৰে উদ্যোগী আলেখা আদৱানীক বিয়া কৰাইছিল অভিনেতা তথা কিংবদন্তি ৰাজ কাপুৰৰ নাতি আদৰ জৈনে ।

এখন বিলাসী হোটেলত অনুষ্ঠিত এই অনুষ্ঠানত কাপুৰ বংশৰ কৰীণা কাপুৰ, কৰিশ্মা কাপুৰ, ৰণবীৰ কাপুৰ, নীতু কাপুৰ, ৰিদ্ধিমা সাহনীৰ লগতে আলিয়া ভাট, ছৈফ আলী খান, জয়া বচ্চন, গৌৰী খান, অনন্যা পাণ্ডে, আনকি প্ৰবীণ আইকন ৰেখাও উপস্থিত থাকে ।

ভাইৰেল হৈ পৰিছিল এই বিয়াখন । আদৰ আৰু আলেখা আছিল শৈশৱৰ বন্ধু । এই "শৈশৱৰ বন্ধুৰ পৰা প্ৰেমিক-প্ৰেমিকালৈ" কাহিনীয়ে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছিল । যিটো কথাই আৰু অধিক জোৰদাৰ কৰি তুলিছিল সেয়া আছিল আদৰৰ তাৰা সূতাৰিয়াৰ সৈতে অতীতৰ সম্পৰ্ক ।

তেওঁলোকৰ বিয়াৰ বাবে আদৰে বগা শ্বেৰৱানী বাছি লৈছিল, আনহাতে আলেখাই সোণৰ এম্ব্ৰয়ডাৰীৰে ৰঙা লেহেংগা পিন্ধিছিল ।

অৰমান মালিক আৰু আশনা শ্ৰফ

বছৰৰ বিয়াৰ ছিজনটো সপোনময় ৰূপত আৰম্ভ হৈছিল যেতিয়া ২ জানুৱাৰীত গায়ক অৰমান মালিক আৰু আশনা শ্ৰফ বিবাহপাশত আবদ্ধ হয় । আশনাই পিন্ধিছিল মনীষ মালহোত্ৰাৰ কমলা ৰঙৰ লেহেংগা । আনহাতে অৰমানে পিন্ধিছিল গোলাপী ৰঙৰ শ্বেৰৱানী ।

৭ বছৰ ধৰি একেলগে থকা এই দম্পতীটোৱে ২০২৩ চনৰ আগষ্ট মাহত এংগেজমেণ্ট কৰিছিল । তেওঁলোকৰ বিয়াত ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লগতে মনোৰঞ্জন আৰু প্ৰভাৱশালী জগতৰ কেইবাজনো সুপৰিচিত লোক উপস্থিত আছিল ।

দৰ্শন ৰাভাল-ধৰাল সুৰেলিয়া

১৮ জানুৱাৰী, ২০২৫ত দীৰ্ঘদিনীয়া প্ৰেমিকা ধৰাল সুৰেলিয়াৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলে কণ্ঠশিল্পী দৰ্শন ৰাভালে ৷ দৰ্শন ৰাভালৰ পত্নী ধৰাল এগৰাকী স্থপতিবিদ আৰু ডিজাইনাৰ ৷ প্ৰথম অৱস্থাত বন্ধু হিচাপে আৰম্ভ হোৱা এই সম্পৰ্ক পিছলৈ প্ৰেমলৈ ৰূপান্তৰিত হয় ৷

প্ৰতীক বব্বৰ-প্ৰিয়া বেনাৰ্জী

১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’। সেই দিনটোতে অভিনেতা প্ৰতীক বব্বৰে মুম্বাইৰ বান্দ্ৰাত প্ৰয়াত মাতৃ স্মিতা পাটিলৰ ঘৰত অভিনেত্ৰী প্ৰিয়া বেনাৰ্জীক জীৱন সংগী কৰি আনে । বিয়াত ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকহে উপস্থিত আছিল ।

ৰাফতাৰ-মনৰাজ জৱাণ্ডা

ৰেপাৰ ৰাফতাৰে বিগত ৩১ জানুৱাৰীত কেৰালাৰ তিৰুৱনন্তপুৰমত ফেশ্বন ষ্টাইলিষ্ট মনৰাজ জৱাণ্ডাৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৷ দুটা ধৰ্মৰে নিয়ম অনুসৰি তেওঁলোক বিয়াত বহে । প্ৰথমে দক্ষিণৰ নিয়ম অনুসৰি আৰু পিছলৈ শিখ ধৰ্মৰ ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হয় দুয়ো ।

জাইৰা ৱাছিম

৬ বছৰ পূৰ্বেই বলীউডক বিদায় জনাইছিল দংগলখ্যাত অভিনেত্ৰীগৰাকীয়ে । ১৮ অক্টোবৰত তেওঁৰ বিবাহৰ খবৰ পাই অনুৰাগীসকল স্তম্ভিত হৈ পৰে । প্ৰাক্তন অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত বিয়াৰ দুখন ফটো পোষ্ট কৰে, কিন্তু স্বামীৰ নাম আৰু চেহেৰা প্ৰকাশ নকৰিলে ।

ছাৰা খান-কৃষ পাঠক

২০১০ চনত ছাৰা আলী মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হয় । ২০১১ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে । ১৪ বছৰৰ পাছত ‘বিদাই’ খ্যাত অভিনেত্ৰীগৰাকীয়ে পুনৰ জীৱন সংগী বিচাৰি পালে, নাম কৃষ্ণ পাঠক । তেওঁ ছাৰাতকৈ তিনি বছৰ সৰু । ৬ অক্টোবৰত আদালতলৈ গৈ বিবাহপাশত আবদ্ধ হয় দুয়োৱে । ইয়াৰ পিছত মুছলমান আৰু হিন্দু উভয় ধৰ্ম অনুযায়ী তেওঁলোক বিবাহপাশত আবদ্ধ হয় ।

হিনা খান-ৰকি জয়ছৱাল

টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী হিনা খানে চলিত বৰ্ষৰ ৪ জুনত দীৰ্ঘদিনীয়া সংগী ৰকি জয়ছৱালৰ সৈতে বিবাহপাশত আবদ্ধ হয় ।

দীৰ্ঘদিন ধৰি কেন্সাৰৰ সৈতে যুঁজি আছে হিনা । এই সময়ছোৱাত ৰকি সদায় তেওঁৰ কাষত আছে । য়েহ ৰিষ্টা ক্যা কেহলাটা হেৰে খ্যাতি লাভ কৰা হিনা খানে নিজৰ প্ৰিয় বন্ধুক জীৱন সংগী হিচাপে বাছি লৈছে ।

অভিকা গৌৰ-মিলিন্দ চান্দৱানী

সেইদিনাৰ বালিকা বধূ আজি কাৰোবাৰ বাস্তৱ জীৱনৰ সংগী ৷ ৩০ ছেপ্টেম্বৰত অভিকা গৌৰৰ ৰিয়েলিটী শ্ব' ‘পতি-পত্নী ঔৰ পাংগা’-ত বিবাহ বন্ধনত আবদ্ধ হয় ৷ তেওঁৰ বিবাহ কোনো ৰাজপ্ৰাসাদত নহয়, মুম্বাইৰ শ্বুটিং ছেটত সম্পন্ন হয় ৷ ৰাষ্ট্ৰীয় টেলিভিছনত সম্প্রচাৰ হৈছিল এই বিয়া ৷

অশ্লেষা সাৱন্ত-সন্দীপ বাসৱানা

২৩ বছৰ ধৰি একেলগে থকা অভিনেত্ৰী অশ্লেষা সাৱন্ত আৰু সন্দীপ বাসৱানা যোৱা ২৩ নৱেম্বৰত বিবাহপাশত আবদ্ধ হয় । বৃন্দাবনত ব্যক্তিগতভাৱে বিবাহ অনুষ্ঠান সম্পন্ন হয় তেওঁলোকৰ ।

লগতে পঢ়ক : 2025 বৰ্ষটোত অসমীয়া মনোৰঞ্জন জগতখনৰ পৰা হেৰাই যোৱা বৰেণ্য় ব্য়ক্তিসকল