জুবিন গাৰ্গৰ পৰা ধৰ্মেন্দ্ৰলৈ : ২০২৫ বৰ্ষটোৱে বিদায় জনোৱা শিল্পীসকল
২০২৫ চনটো এনে কিংবদন্তি অভিনেতা, সংগীতজ্ঞ আৰু শিল্পীৰ হৃদয়বিদাৰক মৃত্যুৰ সাক্ষী হৈ ৰয়, যাৰ অবিস্মৰণীয় কামে দৰ্শকক আজিও অনুপ্ৰাণিত কৰে ।

By ETV Bharat Entertainment Team
Published : December 15, 2025 at 12:11 PM IST
হায়দৰাবাদ : ২০২৫ বৰ্ষটো মনোৰঞ্জনৰ জগতখনৰ বাবে শুভ নাছিল । ছবি, টেলিভিছন, সংগীত, সংবাদ মাধ্যমৰ বহু পৰিচিত চেহেৰা আমি এই বছৰটোত হেৰুৱালো । তেওঁলোকৰ মৃত্যুৱে সমগ্ৰ বিশ্বৰ অনুৰাগীসকলক স্তম্ভিত কৰি তুলিছিল ।
মৃত্যু হোৱা এই শিল্পীসকল কেৱল শিল্পী হিচাপেই জনাজাত নাছিল, তেওঁলোক মানুহৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছিল । অনুৰাগীসকল তেওঁলোকৰ চিনেমা চাই, তেওঁলোক অভিনীত গান গুণগুণাই ডাঙৰ হৈছিল ৷ তেওঁলোকৰ বিখ্যাত সংলাপবোৰ আজিও সকলোৰে মুখ মুখে । আৰু সেইবাবেই তেওঁলোকৰ মৃত্যু ঘৰৰ কোনোবা এজনৰ মৃত্যুৰ দৰে অনুভৱ হ’ল ।
মৃত্যুৰ খবৰৰ পাছতে শ্ৰদ্ধাঞ্জলিৰে ভৰি পৰিল ছ’চিয়েল মিডিয়া । তাৰকাসকলৰ পুৰণি পুৰণি ফটো-ভিডিঅ’সমূহ আকৌ শ্বেয়াৰ কৰিবলৈ ল’লে অনুৰাগীয়ে । সুখৰ সময়বোৰে সকলোৰে মনত দোলা দিবলৈ ধৰিলে ।
এবাৰ চকু ফুৰাওঁ আহক ২০২৫ চনত আমি কাক কাক হেৰুৱালো-
মনোজ কুমাৰ
ভাৰতীয় চিনেমাৰ অন্যতম সন্মানীয় অভিনেতা আছিল মনোজ কুমাৰ । ১৯৫৭ চনত অভিনয় আৰম্ভ কৰে তেওঁ । সময়ৰ লগে লগে তেওঁ ‘ভাৰত কুমাৰ’ নামেৰে পৰিচিত হয় । দেশপ্ৰেমমূলক ছবিৰ বাবে তেওঁ বহুলভাৱে জনপ্ৰিয় আছিল । তেওঁৰ কাহিনীবোৰে দেশ আৰু জনসাধাৰণৰ কথা কৈছিল । তেওঁৰ কিছুমান বিখ্যাত ছবিৰ ভিতৰত পূৰব ঔৰ পশ্চিম আৰু ৰোটি কপাড়া ঔৰ মকানৰ কখা উল্লেখ কৰিব পাৰি । ২০২৫ চনৰ ৪ এপ্ৰিলত ৮৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয় ।
ধৰ্মেন্দ্ৰ
হিন্দী চিনেমাৰ অন্যতম ডাঙৰ তাৰকা আছিল ধৰ্মেন্দ্ৰ । অনুৰাগীসকলে তেওঁক বলীউডৰ ‘হি-মেন’ বুলি অভিহিত কৰিছিল । ৬০ বছৰীয়া কেৰিয়াৰৰ সময়ছোৱাত তেওঁ বহু ব্লকবাষ্টাৰ ছবি উপহাৰ দি থৈ গৈছে । শ্বোলে তেওঁ অভিনীত অন্যতম প্ৰিয় চিনেমা । ২০২৫ চনৰ ২৪ নৱেম্বৰত মুম্বাইত তেওঁৰ মৃত্যু হয় ।
গোবৰ্ধন আছৰানী
গোবৰ্ধন আছৰানীয়ে অভিনয়েৰে মানুহক হাঁহিবলৈ বাধ্য কৰাইছিল । তেওঁৰ ধেমেলীয়া অভিনয় আছিল স্বাভাৱিক । সকলো বয়সৰ দৰ্শকেই তেওঁক ভাল পাইছিল । শ্বোলে আৰু খট্টা মিঠা দৰে ছবিত অভিনয় কৰিছিল । সৰু সৰু ভূমিকাবোৰো তেওঁৰ বাবেই স্মৰণীয় হৈ পৰিছিল । ২০২৫ চনৰ ২০ অক্টোবৰত তেখেতে ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ।

জুবিন গাৰ্গ
জুবিন গাৰ্গ আছিল এগৰাকী শক্তিশালী কণ্ঠৰ গায়ক, সংগীত পৰিচালক । তেওঁ বহু ভাষাত গীত গাইছিল । অসম আৰু পূব ভাৰতত তেওঁক বিশেষভাৱে প্ৰিয় আছিল । ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে । তেওঁৰ বয়স আছিল ৫২ বছৰ । তেওঁৰ আকস্মিক মৃত্যুৱে সংগীত জগতখনক স্তম্ভিত কৰি তুলিলে ।

পংকজ ধীৰ
টেলিভিছন জগতত কৰা কামৰ বাবে পংকজ ধীৰ বেছিকৈ পৰিচিত আছিল । মহাভাৰতত কৰ্ণৰ ভূমিকাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত আছিল । তেওঁ বহু ছবিতো অভিনয় কৰিছিল । ২০২৫ চনৰ ১৫ অক্টোবৰত তেখেতৰ মৃত্যুৰ খবৰে সমগ্ৰ উদ্যোগটোক মৰ্মাহত কৰি তুলিছিল ।

সতীশ শ্বাহ
সতীশ শ্বাহ ধেমেলীয়া চৰিত্ৰৰ বাবে পৰিচিত আছিল । সাৰাভাই ভাৰ্ছাচ সাৰাভাইত তেওঁৰ অভিনয় আছিল আইকনিক । তেওঁ বহু জনপ্ৰিয় ছবিতো অভিনয় কৰিছিল । তেওঁৰ সংলাপে সৰু সৰু দৃশ্যবোৰকো স্মৰণীয় কৰি তুলিছিল । ২০২৫ চনৰ ২৫ অক্টোবৰত শেষ নিশ্বাস ত্যাগ কৰে শ্বাহে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ ।

শ্বেফালী জাৰিৱালা
শ্বেফালী জাৰিৱালা খুব কম বয়সতে বিখ্যাত হৈ পৰিছিল । ২০০২ চনত কাঁটা লগা গীতটোৰ জৰিয়তে তেওঁ খ্যাতি লাভ কৰিছিল । সেই গানটো, ভিডিঅ'টো পপ সংস্কৃতিলৈ পৰিণত হৈছিল । পিছলৈ তেওঁ ছবি আৰু টেলিভিছন শ্ব’তো অভিনয় কৰে । ২০২৫ চনৰ ২৭ জুনত তেওঁৰ মৃত্যু হয় । তেওঁৰ বয়স আছিল মাত্ৰ ৪২ বছৰ । ৰিপৰ্ট অনুসৰি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে তেওঁ । তেওঁৰ মৃত্যুৱে মনোৰঞ্জন জগতখনত জোকাৰণি তুলিছিল ।
পীয়ুষ পাণ্ডে
পীয়ুষ পাণ্ডে অভিনেতা নাছিল । তেওঁ আছিল এজন সৃষ্টিশীল প্ৰতিভাশালী ব্যক্তি । ভাৰতীয় বিজ্ঞাপনৰ ইতিহাস সলনি কৰিছিল তেওঁ । তেওঁৰ বিজ্ঞাপনৰ কাহিনীবোৰ সাধাৰণ মানুহৰ লগত জড়িত হৈ পৰিছিল । তেওঁৰ বহু সংলাপ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছিল । ২০২৫ চনৰ ২৪ অক্টোবৰত তেখেতৰ মৃত্যু হয় । তেওঁৰ বয়স আছিল ৭০ বছৰ । তেওঁৰ মৃত্যুৱে বিজ্ঞাপন জগতখন উকা কৰি পেলায় ।

মুকুল দেৱ
মুকুল দেৱে ছবি আৰু টেলিভিছন জগতত কাম কৰিছিল । তেওঁ আনায়াসে প্ৰত্যাহ্বানমূলক ভূমিকা পালন কৰিছিল । ২০২৫ চনৰ ২৩ মে’ত তেওঁৰ মৃত্যু হয় । তেওঁৰ বয়স আছিল ৫৪ বছৰ । স্বাস্থ্যজনিত জটিলতাৰ বাবে তেওঁৰ মৃত্যু হয় ।

অচ্যুত পটদাৰ
অচ্যুত পটদাৰ আছিল এজন সন্মানীয় প্ৰবীণ অভিনেতা । তেওঁ হিন্দী আৰু মাৰাঠী চিনেমাত কাম কৰিছিল । ৩ ইডিয়টছৰ পিছত তেওঁ বহুলভাৱে পৰিচিত হৈছিল । অধ্যাপক হিচাপে তেওঁৰ ভূমিকা সকলোৱে ভাল পাইছিল । ২০২৫ চনৰ ১৮ আগষ্টত তেওঁৰ মৃত্যু হয় । তেওঁৰ বয়স আছিল ৯০ বছৰ ।

কামিনী কৌশল
কামিনী কৌশল চিনেমাৰ সোণালী যুগৰ অভিনেত্ৰী আছিল । ১৯৪০ চনৰ পৰাই তেওঁ কেৰিয়াৰ আৰম্ভ কৰিছিল । দিলীপ কুমাৰ, ৰাজ কাপুৰ, দেৱ আনন্দৰ দৰে কিংবদন্তি তাৰকাৰ সৈতে অভিনয় কৰিছিল তেওঁ । আনকি নব্বৈৰ দশকত ছবিতো কাম কৰিছিল । ২০২৫ চনৰ নৱেম্বৰ মাহত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ, বয়স আছিল ৯৮ বছৰ ।

লগতে পঢ়ক : 2025 বৰ্ষটোত অসমীয়া মনোৰঞ্জন জগতখনৰ পৰা হেৰাই যোৱা বৰেণ্য় ব্য়ক্তিসকল

