বছৰৰ শেষৰটো মাহ, জানো আহকচোন সন্তানৰ আগমনেৰে কাৰ কাৰ পৰিয়াল ডাঙৰ হ’ল ?
২০২৫ বৰ্ষত কোন কোন তাৰকাৰ জীৱনলৈ সন্তানৰ আগমন ঘটিল ? তেওঁলোকৰ নামৰ লগতে অৰ্থও বিচাৰি চাও আহক-

By ETV Bharat Entertainment Team
Published : December 5, 2025 at 12:02 PM IST
হায়দৰাবাদ : সন্তানৰ আগমন এগৰাকী ব্যক্তিৰ জীৱনৰ চৰম সুখ বুলি গণ্য কৰা হয় ৷ সন্তান এটিৰ আগমন ঘটাৰ লগে লগে কত কি যে সলনি হৈ পৰে ৷ দৈনন্দিন জীৱনৰ ৰুটিনখনেই সেই বিশেষগৰাকীক লৈ ঘূৰি থাকে ৷ এইবাৰ মনোৰঞ্জন জগতৰ বহু তাৰকাই প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃ হোৱাৰ গৌৰৱ লাভ কৰিছে । বছৰৰ শেষত চাওঁ আহক বলীউডৰ কোন কোন তাৰকাই এই নতুন যাত্ৰাৰ আৰম্ভণি কৰিছে, তেওঁলোকৰ সন্তানৰ নাম কি ৰাখিছে আৰু সেই নামসমূহৰ অৰ্থ কি ?
কেটৰিণা কাইফ-বিকী কৌশল
কেটৰিণা কাইফে কেইবামাহো ধৰি প্ৰথম গৰ্ভধাৰণৰ খবৰটো লুকুৱাই ৰাখিছিল । ২০২১ চনৰ ৯ ডিচেম্বৰত বিকী কৌশলৰ সৈতে ৰাজস্থানত বিবাহপাশত আবদ্ধ হয় কেটৰিণা । বিবাহৰ চাৰি বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ছেপ্টেম্বৰ মাহত এই খবৰটো ঘোষণা কৰে দুয়োৱে । ৭ নৱেম্বৰত এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে কেটৰিণাই । বৰ্তমানলৈকে এই তাৰকা দম্পতীয়ে পুত্ৰৰ নাম প্ৰকাশ কৰা নাই ।
পৰিণীতি চোপ্ৰা-ৰাঘৱ চাড্ডা
২০২৩ চনৰ ছেপ্টেম্বৰ মাহত বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু ৰাজনীতিবিদ ৰাঘৱ চাড্ডা বিবাহপাশত আবদ্ধ হয় । বিবাহৰ দুবছৰ পিছত ২০২৫ চনৰ ২৫ আগষ্টত পৰি আৰু ৰাঘৱে ঘোষণা কৰে যে তেওঁলোকৰ জীৱনলৈ এগৰাকী নতুন সদস্য আহি আছে । ইনষ্টাগ্ৰামত ১+১=৩ বুলি লিখি এই সুখৰ খবৰটো শ্বেয়াৰ কৰে দুয়োৱে । ১৯ অক্টোবৰত ৰাঘৱ আৰু পৰিয়ে এটি পুত্ৰ সন্তানক আদৰণি জনায় । ১৯ নৱেম্বৰত শিশুটিৰ প্ৰথম আভাস আৰু নাম প্ৰকাশ কৰা এই দম্পতীটোৱে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰি লিখে, “জলস্য ৰূপম, প্ৰেমস্য স্বৰূপম — তত্ৰ ইভ নীৰ”। পুত্ৰৰ নাম ৰাখিলে ‘নীৰ’ । এইটো এটা সংস্কৃত শব্দ । যাৰ অৰ্থ পানী ।
কিয়াৰা আদৱানী-সিদ্ধাৰ্থ মালহোত্ৰা
চলিত বৰ্ষৰ ১৫ জুলাইত কিয়াৰাই জন্ম দিয়ে এটি কন্যা সন্তানৰ । তাৰ পাছত ২৯ নৱেম্বৰত সিদ্ধাৰ্থ মালহোত্ৰা-কিয়াৰাই তেওঁলোকৰ কন্যাৰ প্ৰথম আভাস দেখুৱাই নাম ঘোষণা কৰে । নাম ৰাখিলে সৰায়াহ মালহোত্ৰা । হিব্ৰু ভাষাত এই নামৰ অৰ্থ হৈছে ‘ঈশ্বৰৰ ৰাজকুমাৰী’। ‘শ্বেৰশ্বাহ’ দম্পতীয়ে ২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত জয়ছালমেৰৰ সূৰ্যগড় প্ৰাসাদত ৰাজকীয়ভাৱে বিবাহপাশত আবদ্ধ হয় । তাৰ পিছত বছৰৰ আৰম্ভণিতে অৰ্থাৎ ২৮ ফেব্ৰুৱাৰীত কিয়াৰা-সিদ্ধাৰ্থে পিতৃ-মাতৃ হ’বলৈ ওলোৱা খবৰটো ঘোষণা কৰে ।
আথিয়া শ্বেট্টী-কে এল ৰাহুল
ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুল আৰু অভিনেত্ৰী আথিয়া শ্বেট্টীয়ে চলিত বৰ্ষৰ ২৪ মাৰ্চত প্ৰথম সন্তানক আদৰণি জনায় । সুনীল শ্বেট্টীৰ কন্যাই জন্ম দিলে এটি কন্যা সন্তান । ৰাহুলৰ জন্মদিনত ছ’চিয়েল মিডিয়া হেণ্ডেলত এই খবৰ শ্বেয়াৰ কৰে দম্পতীটোৱে । নৱজাতকৰ সৈতে এখন ফটো শ্বেয়াৰ কৰাৰ লগতে নামটোও প্ৰকাশ কৰে । সন্তানৰ নাম- ইভাৰা, যাৰ অৰ্থ হৈছে ‘ঈশ্বৰৰ পৰা পোৱা উপহাৰ’। ২০২৪ চনৰ নৱেম্বৰ মাহত আথিয়াই গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল । ২০২৩ চনৰ ২৩ জানুৱাৰীত আথিয়া আৰু কে এল ৰাহুল বিবাহপাশত আবদ্ধ হৈছিল ।
আৰবাজ খান-সুৰা খান
বলীউডৰ অভিনেতা-পৰিচালক আৰবাজ খানে ৫৮ বছৰ বয়সত পুনৰ পিতৃ হোৱাৰ সৌভাগ্য লাভ কৰে । চলিত বৰ্ষৰ ৫ অক্টোবৰত তেওঁৰ পত্নী সুৰা খানে তেওঁলোকৰ প্ৰথম কন্যা সন্তানক আদৰণি জনায় । আৰবাজৰ প্ৰথম পত্নী মালাইকা অৰোৰাৰ সৈতে তেওঁৰ এটি পুত্ৰ সন্তান আছে । প্ৰায় ২২ বছৰৰ মূৰত আৰবাজ পুনৰ পিতৃ হয় । ১৯ নৱেম্বৰত আৰবাজ আৰু সুৰাই নিজৰ কন্যাৰ প্ৰথম ৰূপ আৰু নাম প্ৰকাশ কৰে । আৰবাজ আৰু সুৰাই কন্যাৰ নাম ৰাখিছে ছিপাৰা খান । আৰবী ভাষাত ‘ছিপাৰা’ নামৰ অৰ্থ হৈছে ‘এগৰাকী ধুনীয়া মহিলা’। পাৰ্চী ভাষাত ইয়াৰ অৰ্থ ‘ফুল’ ।
ৰাজকুমাৰ ৰাও-পত্ৰলেখা পাল
চতুৰ্থ বিবাহ বাৰ্ষিকীত পিতৃ-মাতৃ হৈ পৰে ৰাজকুমাৰ ৰাও আৰু পত্ৰলেখা । ১৫ নৱেম্বৰত পত্ৰলেখাই জন্ম দিয়ে এটি কন্যা সন্তান । ২০১০ চনৰ পৰা আৰম্ভ হোৱা পত্ৰলেখা আৰু ৰাজকুমাৰৰ প্ৰেম কাহিনীয়ে ২০২১ চনত পূৰ্ণ ৰূপ লয় । এতিয়ালৈকে তেওঁলোকে সন্তানৰ নাম প্ৰকাশ কৰা নাই ।
সাগৰিকা ঘাটগে-জাহিৰ খান
শ্বাহৰুখ খান অভিনীত ছুপাৰহিট ছবি 'চক দে! ইণ্ডিয়াৰে খ্যাতি লাভ কৰা অভিনেত্ৰী তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ জাহিৰ খানৰ পত্নী সাগৰিকা ঘাটগেই জন্ম দিয়ে এটি পুত্ৰ সন্তানৰ । চলিত বৰ্ষৰ ১৬ এপ্ৰিলত এই সুখ লাভ কৰে দুয়োৱে । পুত্ৰৰ নাম- ফতেহ সিং খান । ফতেহৰ অৰ্থ হৈছে ‘বিজয়ী’ ।
ইশিতা দত্ত-বৎসল শেঠ
‘দৃশ্যম’ ছবিৰে পৰিচিত ইশিতাই চলিত বৰ্ষৰ ১০ জুনত দ্বিতীয় সন্তান হিচাপে এটি কন্যা সন্তানৰ জন্ম দিয়ে । কন্যাৰ নাম ৰাখিলে- বেদা, যাৰ অৰ্থ সংস্কৃতত ‘জ্ঞান’ বা ‘বুদ্ধি’ । ২০২৩ চনত তেওঁৰ কোলালৈ আহিছিল এটি পুত্ৰ সন্তান, যাৰ নাম ৰাখিলে বায়ু ।
ইলিয়ানা ডি'ক্ৰুজ-মাইকেল ড'লান
‘বৰফি’, ‘তু মেৰা হিৰো’ৰ খ্যাতিসম্পন্ন অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজে চলিত বৰ্ষৰ ১৯ জুনত দ্বিতীয় পুত্ৰ সন্তান জন্ম দিয়ে । ২৮ জুনত স্বামী মাইকেল ড’লানৰ সৈতে এই খবৰ শ্বেয়াৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে । তেওঁলোকে দ্বিতীয় সন্তানৰ নাম ৰাখে কিয়ানু ৰাফে ড’লান । ‘কিয়ানু’ নামটোৰ অৰ্থ হৈছে ‘শীতল বতাহ’, ‘প্ৰাচীন’ বা ‘আদিম’ । ‘ৰাফে’ নামটোৰো এটা সুন্দৰ অৰ্থ আছে, যিয়ে প্ৰকৃতি আৰু ইয়াৰ বিভিন্ন ৰূপক বুজায় । ২০২৩ চনৰ ১ আগষ্টত ইলিয়ানাই প্ৰথম সন্তান ক’য়া ফিনিক্স ড’লানক জন্ম দিছিল । সাধাৰণতে এই দম্পতীটোৱে নিজৰ ব্যক্তিগত জীৱন ব্যক্তিগতভাৱে ৰাখে । তেওঁলোকৰ বিয়াও আনকি গোপনভাৱে হৈছিল ।
তাৰকা দম্পতী এমি জেকচন আৰু এড ৱেষ্টউইকে ২৪ মাৰ্চত পুত্ৰ অস্কাৰ আলেকজেণ্ডাৰ ৱেষ্টউইকক নিজৰ জীৱনলৈ আদৰণি জনায় । বলীউড অভিনেত্ৰীগৰাকীৰ দ্বিতীয় বিবাহৰ এইটোৱেই প্ৰথম সন্তান । ইয়াৰ পূৰ্বে জৰ্জ পানায়’টৌৰ সৈতে সম্পৰ্ক আছিল অভিনেত্ৰীগৰাকীৰ । সেই সম্পৰ্কৰ পৰা তেওঁলোকৰ আন্দ্ৰেয়াছ নামৰ এজন পুত্ৰ আছে । আনহাতে অভিনেত্ৰী ছানা খান দ্বিতীয়বাৰৰ বাবে মাতৃ হৈ পৰিছে । ৫ জানুৱাৰীত ছানাই এটি পুত্ৰ সন্তান জন্ম দিয়ে । তেওঁৰ নাম ছৈয়দ হাছান জামিল ।
লগতে পঢ়ক : কিয় আজিলৈকে যুটি নাবান্ধিলে শ্বাহৰুখ খান আৰু ৰাম গোপাল বাৰ্মাই

