ETV Bharat / entertainment

বিশ্ব আলোকচিত্ৰ দিৱস ২০২৬: অভিনয়ৰ লগতে ফটোগ্ৰাফীত পাকৈত এইসকল তাৰকা, তালিকাত আছে ৮৮ বছৰীয়া প্ৰবীণ অভিনেত্ৰীও!

৮৮ বছৰ বয়সতো হাতত কেমেৰা! বিশ্ব আলোকচিত্ৰ দিৱসত চৰ্চালৈ আহিছে ৱাহীদা ৰহমানৰ পৰা ৰণদ্বীপ হুদালৈকে বলীউডৰ তাৰকাসকলৰ ফটোগ্ৰাফী চখ ৷

World Photography Day 2026: Along with acting, Randeep Hooda shaheer sheikh and these stars skilled in photography
বিশ্ব আলোকচিত্ৰ দিৱসত জানো আহক কোন কোন অভিনেতা-অভিনেত্ৰীৰ আছে ফটো তোলাৰ চখ (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : August 19, 2026 at 5:18 PM IST

|

Updated : August 19, 2026 at 5:25 PM IST

6 Min Read
Choose ETV Bharat

হায়দৰাবাদ : আজি ১৯ আগষ্ট, ২০২৬ তাৰিখে সমগ্ৰ বিশ্বজুৰি ‘বিশ্ব আলোকচিত্ৰ দিৱস’ উদযাপন কৰা হৈছে । এই বিশেষ দিনটোত এনে কিছুমান তাৰকাৰ বিষয়ে জানো আহক, যিসকলে কেৱল অভিনয়তে নহয়, বৰঞ্চ সুন্দৰ ফটোগ্ৰাফী বা আলোকচিত্ৰ গ্ৰহণ কৰাতো অতি পাকৈত । আটাইতকৈ আচৰিত কথাটো হ’ল যে এই তালিকাত এগৰাকী ৮৮ বছৰীয়া প্ৰবীণ অভিনেত্ৰীও অন্তৰ্ভুক্ত হৈ আছে ।

এটা সময় আছিল যেতিয়া মানুহে মাত্ৰ এখন ফটো তুলিবলৈকে ফটো ষ্টুডিঅ’লৈ যাবলগীয়া হৈছিল । আগৰ দিনত ফটো ষ্টুডিঅ’বোৰত ফটো তুলিবলৈ মানুহৰ যথেষ্ট ভিৰ হৈছিল । কিন্তু ক্ৰমান্বয়ে উন্নত প্ৰযুক্তিৰ বলত এনে এটা সময় আহি পালে যে, আজিৰ দিনত প্ৰতিটো ঘৰতে এটাকৈ কেমেৰা উপলব্ধ হৈ পৰিছে । প্ৰতিটো ঘৰতে কেমেৰা থকা বুলি এই কাৰণেই ক’ব পাৰি কিয়নো আজি সকলোৰে হাতে হাতে কেমেৰাযুক্ত একোটা মোবাইল ফোন । গতিকে এতিয়া মানুহে নিজৰ প্ৰিয় ফটোবোৰ তুলিবলৈ কোনো পেছাদাৰী ফটোগ্ৰাফাৰৰ বিশেষ প্ৰয়োজন অনুভৱ নকৰে । অৱশ্যে, ঘৰুৱা সৰু-বৰ অনুষ্ঠান বা বিয়া-সবাহ আদিৰ বাবে আজিও ফটোগ্ৰাফাৰসকলৰ চাহিদা অক্ষুণ্ণ আছে ।

আজি ১৯ আগষ্ট হৈছে ‘বিশ্ব আলোকচিত্ৰ দিৱস’ । আজিৰ ছ’চিয়েল মিডিয়াৰ যুগত এই দিনটোৰ গুৰুত্ব কিছু পৰিমাণে ম্লান পৰি যোৱা যেন লাগিলেও, যিসকলৰ ফটোগ্ৰাফীৰ প্ৰতি প্ৰকৃত চখ আছে, তেওঁলোকে আজিও দামী দামী কেমেৰাৰে ফটোগ্ৰাফী কৰি আছে । যাৰ বাবে কেমেৰাৰ লেন্সৰ ব্যৱসায় আজিও সুন্দৰভাৱে চলি আছে ।

আজিৰ দিনত ইনষ্টাগ্ৰাম খুলিলেই হাজাৰ হাজাৰ ফটো দেখিবলৈ পোৱা যায়, যাৰ বেছিভাগেই মোবাইল ফোনৰ কেমেৰাৰে তোলা । বৰ্তমান সময়ত মোবাইল থকা প্ৰতিগৰাকী ব্যক্তিয়েই একো একোজন ফটোগ্ৰাফাৰ হৈ পৰিছে । কিন্তু এই সকলোবোৰৰ মাজতো কিছুমান এনেকুৱা লোক আছে, যিসকলে বিশেষভাৱে ফটোগ্ৰাফীৰ প্ৰতি গভীৰ চখ ৰাখে । এই তালিকাত চিনেমাজগতৰ কেবাজনো তাৰকা অন্তৰ্ভুক্ত হৈ আছে ।

২০২৬ চনৰ ‘বিশ্ব আলোকচিত্ৰ দিৱস’ৰ এই বিশেষ ক্ষণত জানো আহক পৰ্দাত অভিনয় কৰাৰ লগতে কেমেৰাৰ পিছফালে থাকি সুন্দৰ ফটো তুলিবলৈ ভাল পোৱা কেইগৰাকীমান তাৰকাৰ বিষয়ে -

ৰণদ্বীপ হুদা : ৰণদ্বীপ হুদা এগৰাকী অতি বিশিষ্ট অভিনেতা, এই ক্ষেত্ৰত কোনো সন্দেহ নাই । দেখিবলৈ ধুনীয়া তথা দক্ষ অভিনেতা হোৱাৰ উপৰিও তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন প’ল’ খেলুৱৈ আৰু লগতে ফটো তোলাতো অতি পাকৈত । অভিনেতাগৰাকীৰ বন্যপ্ৰাণী ফটোগ্ৰাফীৰ প্ৰতি গভীৰ চখ আছে আৰু তেওঁ প্ৰায়েই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত বন্য জন্তু আৰু প্ৰকৃতিৰ অতি সুন্দৰ ফটোবোৰ শ্বেয়াৰ কৰি থাকে ।

ৰবীনা টণ্ডন : নব্বৈৰ দশকৰ অতি মোহনীয় অভিনেত্ৰী ৰবীনা টণ্ডনৰো ফটোগ্ৰাফীৰ প্ৰতি এক বিশেষ চখ আছে । ৰবীনা যেতিয়াই নিজৰ পৰিয়ালৰ সৈতে ফুৰিবলৈ ওলাই যায়, তেতিয়া সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ ফটো তুলিবলৈ কেতিয়াও নাপাহৰে । ৰবীনাইও বন্যপ্ৰাণী ফটোগ্ৰাফী কৰি বৰ আনন্দ পায় । এবাৰ ৰবীনা টণ্ডনে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা বাঘৰ পৰিয়ালৰ অতি সুন্দৰ ফটো শ্বেয়াৰ কৰিছিল ।

শ্বাহীৰ শ্বেইখ : টেলিভিছন জগতৰ পৰা গৈ বলীউডত প্ৰৱেশ কৰা অভিনেতা শ্বাহীৰ শ্বেইখৰো সুন্দৰ ফটো তোলাৰ এক বিশেষ চখ আছে । অতি কম বয়সতে পুনে চহৰত থকাৰ সময়ৰে পৰা শ্বাহীৰ শ্বেইখ ফটোগ্ৰাফীৰ প্ৰতি আকৰ্ষিত হৈছিল । তেওঁ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য কেমেৰাত বন্দী কৰি বহুত ভাল পায় । নিজৰ এই কলাক অধিক নিখুঁত কৰি তুলিবলৈ তেওঁ পুনেৰ কেইবাগৰাকীও স্থানীয় ফটোগ্ৰাফাৰৰ সৈতে মিলি কামো কৰিছিল । আজিও শ্বাহীৰে নিজৰ ফটোগ্ৰাফীৰ এই সুপ্ত প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ এৰা নাই ।

দিয়া মিৰ্জা : বলীউড অভিনেত্ৰী দিয়া মিৰ্জাৰো প্ৰকৃতি আৰু বন্যপ্ৰাণী ফটোগ্ৰাফীৰ প্ৰতি গভীৰ আগ্ৰহ আছে । দিয়াই কেইবাবাৰো প্ৰাকৃতিক দৃশ্যৰ এনেকুৱা কিছুমান সুন্দৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে, যিবোৰ দেখাৰ পিছতহে তেওঁৰ অনুৰাগীসকলে গম পাইছিল যে, তেওঁ এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও ফটোগ্ৰাফীৰো এক বিশেষ চখ ৰাখে । তেওঁ কেৱল এগৰাকী অভিনেত্ৰীয়েই নহয়, বৰঞ্চ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সজাগতা দূত হিচাপেও কাম কৰে । তেওঁৰ কেমেৰাৰে তোলা ফটোবোৰে অনুৰাগীসকলক প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি অনুপ্ৰাণিত কৰে ।

হৰ্ষবৰ্ধন কাপুৰ : অনিল কাপুৰৰ পুত্ৰ হৰ্ষবৰ্ধন কাপুৰৰ অভিনয় কেৰিয়াৰে যদিও বলীউডত আশানুৰূপ সফলতা লাভ কৰা নাই, তথাপিও কেৱল অভিনয়েই তেওঁৰ একমাত্ৰ চখ নহয় । তেওঁ ফটোগ্ৰাফী বা আলোকচিত্ৰ গ্ৰহণ কৰিও বহুত ভাল পায় । ‘ভাৱেশ জোশী ছুপাৰহিৰো’’খ্যাত অভিনেতাগৰাকীৰ ফটো তোলাৰ এক বিশেষ চখ আছে আৰু তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত থকা ছবিবোৰে তেওঁৰ সৃজনীশীলতা আৰু প্ৰতিভাক সুন্দৰভাৱে প্ৰতিফলিত কৰে ।

ৱাহীদা ৰহমান : হিন্দী চিনেমাৰ প্ৰবীণ অভিনেত্ৰী ৱাহীদা ৰহমান যেতিয়া কেমেৰাৰ সন্মুখলৈ আহিছিল, তেতিয়া দৰ্শকৰ চকু তেওঁৰ ওপৰতেই আৱদ্ধ হৈ পৰিছিল । তেওঁৰ অনবদ্য অভিনয় আৰু অপূৰ্ব অভিব্যক্তিয়ে পোনপটীয়াকৈ দৰ্শকৰ হৃদয় স্পৰ্শ কৰিছিল । আজিকালি তেওঁ চিনেমা জগতখনত বেছিকৈ সক্ৰিয় হৈ থকা নাই যদিও, বৰ্তমান ফটোগ্ৰাফীয়েই তেওঁৰ আটাইতকৈ প্ৰিয় কাম হৈ পৰিছে । আজি ৮৮ বছৰ বয়সতো তেওঁৰ ফটোগ্ৰাফীৰ প্ৰতি থকা চখ সজীৱ হৈ আছে । ৱাহীদা ৰহমানৰ এই চখ বহুত আগৰে পৰাই আছিল, যিটো বৰ্তমান তেওঁৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে । তেওঁৱো বন্যপ্ৰাণী ফটোগ্ৰাফী কৰিবলৈ বহুত ভাল পায় । নিজৰ এই চখ পুৰণ কৰিবলৈ তেওঁ বিভিন্ন দেশ-বিদেশ ভ্ৰমণো কৰিছে ।

বোমান ইৰাণী : বলীউডত অভিনয় কেৰিয়াৰ আৰম্ভ কৰাৰ আগতে বোমন ইৰাণী এগৰাকী বৃত্তিগত ফটোগ্ৰাফাৰ আছিল । আজিও তেওঁৰ ফটোগ্ৰাফীৰ প্ৰতি থকা হেঁপাহ কম হোৱা নাই ।

লগতে পঢ়ক : প্ৰকৃতিয়েই দিয়ে জীৱন... বানত সৰ্বস্বান্ত অসমীয়াৰ দুখ বুজি নীলোৎপলৰ কণ্ঠৰে নিগৰিল এটি সুমধুৰ গীত

Last Updated : August 19, 2026 at 5:25 PM IST