গীটাৰৰ ঝংকাৰেৰে মুখৰিত কৰিবলৈ শ্বিলঙত উপস্থিত বিশ্ববিখ্যাত গীটাৰবাদক মাৰ্চিন পাত্ৰজালেক
১২ আগষ্ট অৰ্থাৎ বুধবাৰে শ্বিলঙত লাইভ কনচাৰ্ট পৰিবেশন কৰিব বিশ্ববিখ্যাত পলিচ গীটাৰবাদক মাৰ্চিন পাত্ৰজালেকে ।

Published : August 11, 2026 at 5:42 PM IST
গুৱাহাটী : সংগীতপ্ৰেমীসকলৰ বাবে এক সুখবৰ । বিশেষকৈ গীতাৰৰ ঝংকাৰত সংগীতৰ সুমধুৰ ক্ষণ উপভোগ কৰিব বিচৰাসকলৰ বাবে আহিছে এক সুবৰ্ণ সুযোগ । কিয়নো বিশ্ব প্ৰসিদ্ধ গীটাৰবাদকৰ গীটাৰৰ ঝংকাৰত নিজকে বিলীন কৰি দিয়াৰ এক অনাবিল আনন্দৰ মুহূৰ্ত উত্তৰ-পূৰ্বাঞ্চলৰ সংগীতপ্ৰেমীয়ে উপভোগ কৰিব পাৰিব।
১২ আগষ্ট, অৰ্থাৎ বুধাবৰে মেঘালয়ৰ ৰাজধানীত শ্বিলঙত এক লাইভ কনচাৰ্টত পোলেণ্ডৰ বিশ্ববিখ্যাত গীটাৰবাদক মাৰ্চিন পাত্ৰজালেকে (Marcin Patrzałek) অংশগ্ৰহণ কৰিব। 'মাৰ্চিন, আৰ্ট অব গীটাৰ ট্যুৰ, ২০২৬'ৰ (Marcin, Art of Guiter Tour 2026) অংশ হিচাপে শ্বিলঙৰ লাৰিটি পাৰফৰ্মিং চেণ্টাৰত (Lariti Performing Centre) অনুষ্ঠিত হ'বলগীয়া কনচাৰ্টত অংশগ্ৰহণৰ বাবে ইতিমধ্যে বিখ্যাত পলিচ গীটাৰবাদকগৰাকী শ্বিলঙত উপস্থিত হৈছে ।

মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্যত আপ্লুত হৈ পলিচ সংগীতশিল্পীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "বিমানবন্দৰৰ পৰা শ্বিলঙলৈ অহাৰ সমগ্ৰ পথছোৱাত মই কেৱল মোৰ মোবাইলৰ কেমেৰাৰে খিৰিকীৰ বাহিৰৰ দৃশ্যৰ ভিডিঅ’ কৰি আহিছোঁ । ইয়াৰ প্ৰকৃতি অপূৰ্ব । মোৰ অনুভৱ হৈছে যেন মই কোনোবা বেলেগ এখন পৃথিৱীতহে খোজ পেলাইছোঁ ।"
আনহাতে, ভাৰতীয় দৰ্শকৰ উষ্ম আদৰণিকো তেওঁ প্ৰশংসা কৰে ।
উল্লেখ্য যে এই ভ্ৰমণসূচীত মাৰ্চিনে কেৱল কনচাৰ্টতে আবদ্ধ নাথাকি মেঘালয়ৰ সজীৱ সংগীত-সংস্কৃতিৰ সৈতেও একাত্ম হ’ব । 'চিএম মেঘালয় গ্ৰাছৰুট মিউজিক প্ৰ'গ্ৰেম'ৰ (CM-MGMP) অধীনত তেওঁ স্থানীয় শিল্পী আৰু নতুন প্ৰজন্মৰ উদীয়মান শিল্পীসকলৰ সৈতে এক বিশেষ কৰ্মশালা আৰু জেম ছেশ্যনতো (jam sessions) অংশগ্ৰহণ কৰিব ।

ইফালে যুৱ প্ৰতিভাক আগবঢ়াই নিবলৈ মেঘালয় চৰকাৰে গ্ৰহণ কৰা এনে ব্যতিক্ৰমী পদক্ষেপক বিশ্বখ্যাত শিল্পীগৰাকীয়ে প্ৰশংসা কৰে ।
মেঘালয়ৰ যুৱ প্ৰতিভাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়াৰ লক্ষ্যৰে এই মূল অনুষ্ঠানত মাৰ্চিনৰ অনুষ্ঠানৰ পূৰ্বে মেঘালয়ৰ তিনিটা জনপ্ৰিয় বেণ্ডে মঞ্চত অনুষ্ঠান পৰিবেশন কৰিব। ইয়াৰ ভিতৰত গাৰো হিলছৰ 'চেগিম দুৰামা', খাচী হিলছৰ 'লিঅ' বয়জ' আৰু জয়ন্তীয়া হিলছৰ 'লাৰ্জাৰ দেন ৯০' অন্যতম ।
উল্লেখ্য যে মেঘৰ আলয় মেঘালয়ক সমগ্ৰ দেশে 'গীটাৰৰ দেশ' বুলিও জানে । এই পৰিচয়ক অধিক সুদৃঢ় কৰি পৰ্যটন বিভাগ আৰু CM-MGMP-ৰ যৌথ উদ্যোগত এই আন্তঃৰাষ্ট্ৰীয় কনচাৰ্টৰ আয়োজন কৰা হৈছে । ফিংগাৰষ্টাইল (fingerstyle) আৰু পাৰকাচিভ (percussive) গীটাৰ কৌশলৰ বাবে জনাজাত মাৰ্চিনৰ এই লাইভ শ্ব’টোৱে শ্বিলঙৰ সাংস্কৃতিক আৰু পৰ্যটন ক্ষেত্ৰখনলৈ এক নতুন জোৱাৰ আনিব বুলি মেঘালয় চৰকাৰ আশাবাদী ।

