ETV Bharat / entertainment

পাকিস্তানত মুক্তি পাবনে বহু প্ৰত্যাশিত ছবি ব’ৰ্ডাৰ 2 ?

পাকিস্তানৰ পৰা ভাৰতীয় তাৰকাৰ অনুৰাগীয়ে সুধিলে উক্ত প্ৰশ্ন ৷ প্ৰত্যুত্তৰত এইফালৰ উত্তৰ গ’ল-এইখন ভাৰত-পাকিস্তানৰ যুদ্ধৰ ওপৰত আধাৰিত চিনেমা !

Will Border 2 release in Pakistan
পাকিস্তানত মুক্তি পাবনে বহু প্ৰত্যাশিত ছবি ব’ৰ্ডাৰ 2 ? (Photo : Film Poster)
author img

By ETV Bharat Entertainment Team

Published : January 9, 2026 at 3:37 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ঘোষণাৰে পৰা চৰ্চাত থকা এখন চিনেমা ব’ৰ্ডাৰ 2 ৷ 1971 চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ আধাৰত নিৰ্মিত 1997 চনত মুক্তি পোৱা ব’ৰ্ডাৰ ছবিখনৰ ছিকুৱেল এইখন ৷

ছানী দেওল অভিনীত ব’ৰ্ডাৰ ভাৰতীয় দৰ্শকৰ বাবে কেৱল এখন চিনেমাই নহয়, বৰঞ্চ এক আৱেগ ৷ এতিয়া ব’ৰ্ডাৰ 2 ক লৈও সমানেই উৎকণ্ঠা ৷ নষ্টালিক হ’বলৈ সাজু হৈছে অনুৰাগী ৷ এইখনত ছানী দেওলৰ সমান্তৰালকৈ নতুন আঠখন মুখ দৰ্শকে দেখিবলৈ পাব ৷

অনুৰাগ সিঙৰ পৰিচালনাত নিৰ্মিত ছবিখনৰ প্ৰচাৰ জোৰদাৰ গতিত চলি আছে ৷ ইয়াৰ মাজতে ছবিখনত এটা মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেতা বৰুণ ধৱনে সামাজিক মাধ্যমযোগে অনুৰাগীৰ সৈতে ভাৱৰ আদান-প্ৰদান কৰে ৷ অনুৰাগীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ মাজতে ধৱনে এগৰাকী পাকিস্তানী অনুৰাগীৰো প্ৰশ্নৰ উত্তৰ দিয়ে ৷

বৰুণ ধৱনে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত #বৰুণছেইচ ছেশ্যনত অনুৰাগীৰ সৈতে মত বিনিময় কৰে ৷ আলী হাইদৰ মিৰাণী নামেৰে এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে তেওঁক সোধে যে ব’ৰ্ডাৰ ছবিখন পাকিস্তানত মুক্তি দিয়া হ’ব নাই ? প্ৰশ্নটোৰ লগতে ছানী দেওললৈ মৰম আৰু গদৰ: এক প্ৰেম কথা ছবিখনৰ তেওঁৰ চৰিত্ৰটো তাৰা সিঙৰ প্ৰশংসাও কৰে অনুৰাগীগৰাকীয়ে ৷

তেওঁ লিখে, "ভাই আপোনা ছবি ব’ৰ্ডাৰ 2 পাকিস্তানত কেতিয়া মুক্তি দিয়া হ’ব আৰু মই তাৰা সিঙৰ বহুত ডাঙৰ অনুৰাগী, তেওঁক মোৰ নমস্কাৰ জনাব ৷"

এই প্ৰশ্নটোৰ উত্তৰত বৰুণে কয় যে এই ছবিখন ভাৰত-পাকিস্তানৰ যুদ্ধৰ ওপৰত নিৰ্মিত ৷ অভিনেতাগৰাকীয়ে পাকিস্তানত মুক্তি পোৱাৰ সম্ভাৱনা সন্দৰ্ভত পোনপটীয়াকৈ কোনো মন্তব্য নকৰিলেও তেওঁ ইংগিত দিয়ে যে যিহেতু ছবিখন প্ৰকৃত যুদ্ধৰ ঘটনাৰ ওপৰত আধাৰিত, গতিকে ভাৰতে যুদ্ধ কৰা চুবুৰীয়া দেশ এখনত ছবিখন মুক্তি নাপাবও পাৰে । অৱশ্যে তেওঁ অনুৰাগীগৰাকীৰ ছানী দেওলৰ প্ৰতি থকা প্ৰেম সম্পৰ্কে জানি আনন্দ লাভ কৰে ।

ছবিখনত ধৱনে বাস্তৱ জীৱনৰ নায়ক পিভিচি কৰ্ণেল হোশিয়াৰ সিং দহিয়াৰ চৰিত্ৰত অভিনয় কৰিছে ৷

লগতে পঢ়ক : ব'ৰ্ডাৰ ২ : ৮ খন নতুন মুখ, কাৰ চৰিত্ৰত কোন ?