ETV Bharat / entertainment

উভতি যাওঁ বলক ভিচিডি যুগলৈ : আহি আছে জানমণি ২০২৬

ৱেব ছিৰিজ আকাৰে আহি আছে ‘জানমণি ২০২৬’ । ১ এপ্ৰিলত 'NK bigstar' এপৰ জৰিয়তে মুক্তি লাভ কৰিব এই ৱেব ছিৰিজখন ।

web series 'Jaanmoni 2026 - Season 1' will be released on 1st April on NK Bigstar app
আহি আছে জানমণি ২০২৬ (Photo : Poster)
author img

By ETV Bharat Entertainment Team

Published : March 26, 2026 at 5:43 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : কি যে দিন আছিল সেইবোৰ ! প্ৰতিঘৰ অসমীয়াৰে ঘৰত এটা ডি ভি ডি আৰু বিহুগানেৰে ভৰপূৰ বিভিন্ন নামৰ ভি চি ডি ৷ সপৰিয়ালে বহি একেলগে উপভোগ কৰি সেই ভি চি ডিৰেই একো একোটা গান সকলোৰে মুখত ৷

ভি চি ডিৰ সোণালী যুগৰ সেই সময়ৰ ‘জানমণি’ বুলি ক'লেই এক অন্যধৰণৰ আগ্ৰহ আছিল দৰ্শকৰ মাজত । এন কে প্ৰডাকশ্বনৰ বেনাৰত অসমৰ গ্রাম্য পটভূমিত নিৰ্মাণ কৰা এই ভি চি ডিৰ কাহিনীৰ লগতে সংগীত আজিও অনুৰাগীৰ মুখে মুখে ।

এন কে প্ৰডাকশ্বন

সেই সময়ত কেৱল জানমণি বুলিয়ে নহয়, অঞ্জনা, জোনবাই আদিকে ধৰি ভিন্ন ভি চি ডিসমূহ জনপ্ৰিয় আছিল দৰ্শকৰ মাজত । কিন্তু সময়ৰ লগে লগে বন্ধ হৈ পৰে এই ভি চি ডিসমূহ । ভি চি ডিৰ প্ৰতি দৰ্শকৰ আগ্ৰহক অগ্ৰাধিকাৰ দিয়েই এন কে প্ৰডাকশ্বনে ‘জানমণি’ক পুনৰ এবাৰ ৰাইজৰ মাজলৈ অনাৰ প্ৰয়াস কৰিছে । আগন্তুক ১ এপ্ৰিলত ৱেব ছিৰিজৰূপে আকৌ এবাৰ দৰ্শকৰ মাজলৈ আহি আছে ‘জানমণি’।

এন কে প্ৰডাকশ্বনৰ বেনাৰত দেৱ বৰকটকীৰ প্ৰযোজনাত নিৰ্মাণ কৰা এই ৱেব ছিৰিজখনৰ পৰিচালনা কৰিছে মনোজিত শৰ্মাই । 'NK bigstar' এপৰ জৰিয়তে দর্শকে উপভোগ কৰিব পাৰিব ৱেব ছিৰিজখন ।

Jaanmoni web series 'Jaanmoni 2026 - Season 1' will be released on 1st April on NK Bigstar app
উভতি যাওঁ বলক ভিচিডি যুগলৈ (Photo : Poster)

দেব বৰকটকীৰ প্ৰযোজনা

ৱেব ছিৰিজখনৰ কাহিনীটোৰ সন্দৰ্ভত দেব বৰকটকীয়ে জনোৱা অনুসৰি, “মূলতঃ জানমণি চৰিত্ৰটোক কেন্দ্ৰ কৰি ছিৰিজখন নিৰ্মাণ কৰা হৈছে । প্ৰেমৰ বাবে দুই ভাতৃৰ মাজত শত্ৰুতা- এনে এক কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে এইখন । পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰো সম্পূৰ্ণ গাঁৱৰ পটভূমিত নিৰ্মাণ কৰা হৈছে ৱেব ছিৰিজখন ।” উল্লেখ্য যে, এই ৱেব ছিৰিজখনৰ কাহিনী-চিত্ৰনাট্য-সংলাপ প্ৰণৱ বৰুৱাৰ । সম্পাদনা আৰু পৰিচালনা মনোজিত শৰ্মাৰ ।

অভিনয় শিল্পীসকল

ৱেব ছিৰিজখনত অভিনয় কৰিছে তপন দাস, চিন্তু ফুকন, অপৰ্না দত্ত চৌধুৰী, পাপৰি শইকীয়া, পাৰ্থ দত্ত, বিবেক বৰা, অষ্ট্ৰিয়ানা দিহিংগীয়া, জ্যোতি ভূঞা, বলিন বৰা, মুন শইকীয়া, বন্দনা কলিতা, ৰিন্তু বৰা, নৱদীপ বৰগোঁহাই, উদয় শংকৰ, মধুস্মিতা দিহিঙীয়া, কমলেশ শইকীয়, বিশ্ব শইকীয়া, ৰেখা শইকীয়া, ৰংগৰাজ ভৰদ্বাজ, আইনু ভূঞা, পুতুল ভূঞা, জুণ্টি শইকীয়া, হেমন্ত বৰা, পংকজ বৰুৱা, অতনু বৰা, সত্য ৰঞ্জন শৰ্মা, নীলোৎপল বৰুৱা, ৰাজমণি চেতিয়া, পবিত্ৰ হাজৰিকা, অচুতানন্দ মেধি, ৰাজীৱ বৰা, পাৰুল দেৱী, মুন হাজৰিকা, জিষ্ণুপ্ৰিয়া হাজৰিকা, তেনিছা বৰা, নিৱেদিতা বৰা হাজৰিকা, স্নিগ্ধা ৰাণী বৰা, বাস্তৱ বৰুৱা, কৃষ্ণাংগ কাশ্যপ, ভূৱন নাথ, সীমান্ত শইকীয়া, নিৱেদিতা বৰা, কংকনা বণিয়া, ৰাজ নাথে ৷

আছে জুবিনৰ গান

ৱেব ছিৰিজখনৰ গান কেইটাত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, কৃষ্ণমণি চুতীয়া, ৰুবুল বৰা, চয়নিকা ভূঞা, কমলিকা কাশ্যপ, সঞ্জীৱ বৰা, ৰাগদ্বীপ চেতিয়াই । সংগীত পৰিচালনা কৰিছে বিমান বৰুৱাই । দহটা খণ্ডৰে মুক্তি লাভ কৰিবলগীয়া এই ৱেব ছিৰিজখন নগাঁৱৰ কামপুৰত কৰা হৈছিল দৃশ্যগ্ৰহণ ।

লগতে পঢ়ক : লোক-সংস্কৃতিক বিশ্ব মঞ্চলৈ লৈ যোৱা জীনা ৰাজকুমাৰী