মিৰ্জাপুৰ : অ'টিটিৰ পাছত চিনেমাহলত এইবাৰ মিৰ্জাপুৰ দ্য মুভী
পংকজ ত্ৰিপাঠীয়ে আজি ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত মিৰ্জাপুৰ দ্য ভৌকাল থীম বুলি সকলোৰে চেহেৰাবোৰ চৰিত্ৰৰ গভীৰতাৰ মাজেৰে দেখুৱাবলৈ চেষ্টা কৰা হৈছে ৷

By ETV Bharat Entertainment Team
Published : September 3, 2026 at 2:16 PM IST
|Updated : September 3, 2026 at 5:48 PM IST
হায়দৰাবাদ : “ভলিউম ডাঙৰ কৰি লওক, ভৌকাল আৰম্ভ হ’বলৈ গৈ আছে”— কাইলৈ চিনেমা হললৈ আহি আছে 'মিৰ্জাপুৰ দ্য মুভী' ৷ কালীন ভাইয়া, মুন্না ভাইয়া আৰু গুড্ডু পণ্ডিতৰ মগজুৰ খেলে ছবিগৃহত দৰ্শকক আমোদ দিয়াৰ প্ৰতিশ্ৰুতি দিছে ৷ পংকজ ত্ৰিপাঠীয়ে আজি ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত মিৰ্জাপুৰ দ্য ভৌকাল থীম বুলি সকলোৰে চেহেৰাবোৰ চৰিত্ৰৰ গভীৰতাৰ মাজেৰে দেখুৱাবলৈ চেষ্টা কৰা হৈছে ৷
মিৰ্জাপুৰ দ্য মুভী ঘোষণাৰ পাছৰে পৰা চৰ্চাত আছে ৷ সফল তিনিটা ছিজনৰ পাছত এইবাৰ মিৰ্জাপুৰ দৰ্শকে উপভোগ কৰিব পাৰিব ডাঙৰ পৰ্দাত ৷ ছিৰিজ চাই ভালপোৱাসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল মিৰ্জাপুৰ চিনেমাখনলৈ ৷ এতিয়া কাইলৈ দিনটোৰ বাবে সকলোৰে উৎকণ্ঠা চৰম সীমাত আছে ৷
সমগ্ৰ ভাৰততে প্ৰথম দিনটোৰ বাবে প্ৰায় ৩.৯৬ কোটি টকা মুঠ আগতীয়া বুকিং সংগ্ৰহ কৰিছে এই ছবিখনে । অগ্ৰিম বুকিঙৰ জৰিয়তে এই পৰ্যন্ত ১,৪০,২৯৫ টা টিকট বিক্ৰী হৈছে, য’ত ৭,৫৫৫ টা শ্ব’ তালিকাভুক্ত কৰা হৈছে ।
মিৰ্জাপুৰৰ অন্যতম জনপ্ৰিয় চৰিত্ৰ কালীন ভাইয়া, যিটো ৰূপায়ন কৰিছে পংকজ ত্ৰিপাঠীয়ে, #মিৰ্জাপুৰদ্যভৌকালথীম শীৰ্ষক এটা ভিডিঅ’ শ্বেয়াৰ কৰি শিৰোনামত লিখিছে, “ভলিউম ডাঙৰ কৰি লওক, ভৌকাল আৰম্ভ হ’বলৈ গৈ আছে ৷” ছবিখনৰ সৈতে জড়িত প্ৰায় সকলোকে তেওঁ এই প’ষ্টটোত টেগ কৰিছে ৷
নৱেম্বৰ ২০১৮ চনত আমাজন প্ৰাইম ভিডিঅ’ত এই অপৰাধমূলক থ্ৰীলাৰ ধাৰাবাহিকখন মুক্তি লাভ কৰিছিল । ইয়াত মিৰ্জাপুৰ চহৰৰ প্ৰতিপত্তিশালী মাফিয়া ডন অখণ্ডানন্দ ত্ৰিপাঠী (কালীন ভাইয়া) আৰু তেওঁৰ ক্ষমতাৰ লোভী পুত্ৰ মুন্নাৰ লগতে তেওঁলোকৰ প্ৰতিদ্বন্দী গুড্ডু পণ্ডিতৰ কাহিনী দেখুওৱা হৈছে । তিনিটা সফল ছিজনৰ জৰিয়তে ধাৰাবাহিকখনে ইয়াৰ তীব্ৰ এক্সন আৰু আকৰ্ষণীয় কাহিনীৰ বাবে দৰ্শকৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ।
ভাৰতৰ বুকুত গঢ়ি উঠা এক ৰোমাঞ্চকৰ কাহিনী
'মিৰ্জাপুৰ' হৈছে ভাৰতৰ ভিতৰুৱা অঞ্চলৰ পটভূমিত ৰচিত এক অনন্য কাহিনী । ই হৈছে ড্ৰাগছ, অবৈধ মাৰণাস্ত্ৰ আৰু আইনহীনতাৰে ভৰা এখন ক’লা পৃথিৱী, য’ত দেখুওৱা হৈছে বুকু কঁপি উঠা এক্সন আৰু চৰম পৰ্যায়ৰ হিংসা । ইয়াত দেখুওৱা হৈছে মগজুৰ খেল আৰু ভয়ংকৰ অপৰাধী কৰ্মকাণ্ড । চিনেমাৰ ইতিহাসত এনে কাহিনী সঁচাকৈয়ে অভূতপূৰ্ব ।
সিংহাসন উত্তৰাধিকাৰী সূত্ৰেও পোৱা নাযায় বা ৰাজনীতি কৰিও লাভ কৰিব নোৱাৰি । ই কেৱল আৰু কেৱল বাহুবলৰ জোৰতহে লাভ কৰিব পাৰি আৰু ইয়াক ধৰি ৰাখিবলৈ শত্ৰুৰ মনত ভয়ৰ সৃষ্টি কৰাটো প্ৰয়োজন । এই বাৰ্তাৰেই মিৰ্জাপুৰৰ এক সম্পূৰ্ণ নতুন কাহিনী, এইবাৰ আহি আছে ডাঙৰ পৰ্দালৈ ।
লগতে পঢ়ক :
সৰু পৰ্দাৰ পৰা ডাঙৰ পৰ্দালৈ জাঁপ মাৰিলে কালীন ভাইয়া, গুড্ডু পণ্ডিত আৰু মুন্না ভাইয়াই
'মিৰ্জাপুৰ: দ্য ফিল্ম'ৰ শ্বুটিং সম্পূৰ্ণ; আৱেগিক 'গুড্ডু ভাইয়া'ই ক’লে মনৰ কথা
মুক্তি পালে 'মিৰ্জাপুৰ: দ্য মুভী'ৰ টিজাৰ; ২০২৬ চনৰ ৪ ছেপ্টেম্বৰত চিনেমা হললৈ

