ETV Bharat / entertainment

ইণ্ডিয়ান আইডলৰ মঞ্চত বিশাল দাদলানীৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি: 'তেওঁ মোৰ আদৰ্শ আছিল'

জুবিন গাৰ্গেই হ’ল প্ৰকৃত 'ইণ্ডিয়ান আইডল': বিশাল দাদলানী আৰু বাদশ্বাহৰ আবেগিক সোঁৱৰণ ৷

Vishal Dadlani remembers late Zubeen Garg, calls him his idol
ইণ্ডিয়ান আইডলৰ মঞ্চত বিশাল দাদলানীৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : April 24, 2026 at 11:54 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : সংগীতৰ ৰিয়েলিটী শ্ব’ 'ইণ্ডিয়ান আইডল'ৰ মঞ্চত সংগীত পৰিচালক তথা কণ্ঠশিল্পী বিশাল দাদলানীয়ে প্ৰয়াত কিংবদন্তি গায়ক জুবিন গাৰ্গক স্মৰণ কৰে । তেওঁ এই অনুষ্ঠানতে জুবিন গাৰ্গৰ প্ৰতি থকা নিজৰ গভীৰ আৱেগ আৰু শ্ৰদ্ধা ব্যক্ত কৰাৰ লগতে তেওঁক নিজৰ এজন 'আদৰ্শ' (Idol) বুলি অভিহিত কৰে ।

বিশাল দাদলানীয়ে কয়, “জুবিনৰ কথা ক’বলৈ গ’লে সঁচাকৈয়ে তেওঁৰ ব্যক্তিত্বই বেলেগ আছিল আৰু মই ভাবো যে তেওঁৰ দৰে জনপ্ৰিয়তা (Stardom) মই কাৰো ক্ষেত্ৰতে দেখা নাই ।”

তেওঁ লগতে কয়, “মই যেতিয়া মোৰ কেৰিয়াৰ আৰম্ভ কৰিছিলোঁ, তেতিয়াৰ পৰাই তেওঁক জানিছিলোঁ । আমাৰ বাবে তেওঁ এজন আদৰ্শ (Idol) আছিল আৰু তেওঁ আমাৰ মাজত নাই বুলি ভাবিলে কেতিয়াবা বৰ দুখ লাগে ।”

ইণ্ডিয়ান আইডলৰ বিচাৰক হিচাপে থকা জনপ্ৰিয় ৰেপাৰ বাদশ্বাহেও বিশাল দাদলানীৰ কথাৰ আঁত ধৰি কয়, “মই ভাবো যে জুবিন গাৰ্গক প্ৰকৃততেই এজন ‘ইণ্ডিয়ান আইডল’ হিচাপে গণ্য কৰিব পাৰি ।”

ইফালে, প্ৰতিযোগী মনৰাজে মঞ্চত ‘আশ্বিকী’ কথাছবিৰ “অব তেৰে বিন জী লেংগে হাম” আৰু ‘গেংষ্টাৰ’ ছবিৰ জনপ্ৰিয় গীত “য়া আলী”ৰ এক সুন্দৰ সংমিশ্ৰণ (Medley) পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে । প্ৰতিযোগীগৰাকীৰ সেই পৰিৱেশনে বিচাৰক বিশাল দাদলানীৰ মন চুই যায় । তেওঁ মন্তব্য কৰে যে, প্ৰতিযোগীজনৰ সৈতে কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ আচৰিত ধৰণৰ সাদৃশ্য আছে ।

জুবিন গাৰ্গৰ কথা ক’বলৈ গ’লে, বিগত বছৰৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত এইগৰাকী মহান শিল্পীৰ মৃত্যু হয়। ছিংগাপুৰ আৰক্ষীয়ে তেওঁক সাগৰৰ পৰা উদ্ধাৰ কৰি ওচৰৰে এখন চিকিৎসালয়লৈ লৈ যায় আৰু তাত তেওঁক আই.চি.ইউ.-ত (ICU) ভৰ্তি কৰোৱা হয় । চিকিৎসকৰ নেৰানেপেৰা চেষ্টা সত্ত্বেও তেওঁক বচাব পৰা নগ’ল । উল্লেখ্য যে, জুবিন গাৰ্গ ২০ আৰু ২১ ছেপ্টেম্বৰত ছানটেক চিটিত (Suntec) অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ উত্তৰ-পূব ভাৰত মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰলৈ গৈছিল ।

লগতে পঢ়ক : জুবিন গাৰ্গ অবিহনে অসমীয়া ছবিজগতৰ ভৱিষ্যৎ আৰু বৰ্তমানৰ প্ৰত্যাহ্বান: এক আলোকপাত