‘বিৰোশ’ৰ বিবাহ: প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ শুভেচ্ছা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনেতা বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মান্দান্নালৈ তেওঁলোকৰ বিবাহ উপলক্ষে বিশেষ অভিনন্দন জ্ঞাপন কৰিছে ।

By ETV Bharat Entertainment Team
Published : February 25, 2026 at 4:14 PM IST
হায়দৰাবাদ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনপ্ৰিয় তাৰকা যুটি বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মান্দান্নাক তেওঁলোকৰ বিবাহৰ বাবে আন্তৰিক অভিনন্দন জনাইছে । ২৬ ফেব্ৰুৱাৰীত ৰাজস্থানৰ উদয়পুৰত দুয়ো বিবাহপাশত আবদ্ধ হ’ব ৷
নতুন অধ্যায়ৰ আৰম্ভণি
প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ এই মিলনক জীৱনৰ এক ‘সুন্দৰ নতুন অধ্যায়’ বুলি অভিহিত কৰিছে । তেওঁ আশা প্ৰকাশ কৰে যে বাস্তৱ জীৱনত তেওঁলোকৰ এই যুটী ৰূপালী পৰ্দাত সৃষ্টি কৰা যাদুৰ দৰেই উজ্জ্বল হৈ উঠিব । প্ৰধানমন্ত্ৰীৰ এই বিশেষ শুভেচ্ছাই বৰ্তমান সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মান্দান্নাৰ বিবাহ উপলক্ষে দুয়োটা পৰিয়াললৈ এখন অভিনন্দন পত্ৰ প্ৰেৰণ কৰিছে । এই পত্ৰখন বৰ্তমান ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চিত হৈ পৰিছে ।
পৰিয়াললৈ শুভেচ্ছা
প্ৰধানমন্ত্ৰীয়ে লিখিছে, "২০২৬ চনৰ ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া বিজয় আৰু ৰশ্মিকাৰ বিবাহলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে মই আনন্দিত হৈছো । এই শুভক্ষণত দেৱেৰাকোণ্ডা আৰু মান্দান্না পৰিয়াললৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।"
সংস্কৃত শ্লোকৰ উল্লেখ
বিবাহক জীৱনৰ এক ‘সুন্দৰ নতুন অধ্যায়’ বুলি অভিহিত কৰি তেওঁ সংস্কৃতৰ 'সখা সপ্তপদা ভৱ' (sakha saptapada bhava) বাক্যাংশটি উল্লেখ কৰে । ইয়াৰ অৰ্থ হ'ল— সাতটা খোজ একেলগে কঢ়াৰ পিছত দম্পতীটো চিৰদিনৰ বাবে বন্ধু হৈ পৰে । তেওঁ আৰু লিখে যে বিজয় আৰু ৰশ্মিকা দুয়োৱেই চিনেমাৰ স্ক্ৰীপ্টৰ সৈতে পৰিচিত, কিন্তু ঈশ্বৰে লিখা তেওঁলোকৰ বাস্তৱ জীৱনৰ এই প্ৰেমৰ অধ্যায়টোৱে চিনেমাৰ যাদুৰ পৰিধিও অতিক্ৰম কৰি জিলিকি উঠিব ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ পত্ৰখনত কেৱল শুভেচ্ছাই নহয়, বৰঞ্চ নৱ-দম্পতীৰ ভৱিষ্যত জীৱনৰ বাবে আশীৰ্বাদো প্ৰদান কৰিছে । “অনাগত দিনবোৰ যেন একেলগে দেখা সপোন আৰু সেইবোৰৰ সফল প্ৰাপ্তিৰে ভৰি পৰে । তেওঁলোকে যেন মৰম আৰু চিন্তাৰে দায়িত্ববোৰ ভগাই লয়, ইজনে সিজনৰ আসোঁৱাহবোৰ গ্ৰহণ কৰে আৰু ইজনে সিজনৰ শক্তিৰ পৰা শিক্ষাগ্ৰহণ কৰে আৰু জীৱনৰ এই যাত্ৰাত তেওঁলোকে যেন এজন প্ৰকৃত সহযোগী হিচাপে আগুৱাই যায়”, পত্ৰত লিখা আছে ৷
বিবাহ অনুষ্ঠানৰ সবিশেষ
এই বিশেষ বিবাহ উদয়পুৰৰ 'মেমেণ্ট’ছ বাই আইটিচি হোটেলছ, একায়া' (Mementos by ITC Hotels, Ekaaya) নামৰ বিলাসী হোটেলখনত অনুষ্ঠিত হ'ব । অনুষ্ঠানটো অতি ব্যক্তিগত আৰু ঘনিষ্ঠ হ’ব, য’ত কেৱল পৰিয়ালৰ সদস্য আৰু অতি নিকট বন্ধু-বান্ধৱীহে উপস্থিত থাকিব ।
বিবাহখন সুকলমে সম্পন্ন কৰিবলৈ তিনি তৰপীয়া নিৰাপত্তা (Three-tier security) ব্যৱস্থা কৰা হৈছে । ইয়াৰ বাবে স্থানীয় আৰক্ষীৰ লগতে হায়দৰাবাদৰ পৰা অহা বিশেষ নিৰাপত্তাৰক্ষীৰ দলকো নিয়োগ কৰা হৈছে ।
এই সপ্তাহৰ আৰম্ভণিতে বিজয় আৰু ৰশ্মিকাই ছ’চিয়েল মিডিয়াত তেওঁলোকৰ বিবাহৰ কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰে । অনুৰাগীসকলৰ বাবে এই ঘোষণা অতি আৱেগিক আছিল ।
অনুৰাগীসকলে মৰমেৰে এই যুটিটোক 'বিৰোশ' (VIROSH) বুলি মাতে । অনুৰাগীৰ মৰমক সন্মান জনাই তেওঁলোকে নিজৰ এই নতুন জীৱনৰ আৰম্ভণিক 'বিৰোশ' নামেৰে নামকৰণ কৰিছে ।
বিবাহৰ সময় চমু চাপি অহাৰ লগে লগে সমগ্ৰ দেশৰ অনুৰাগীসকলে এই তাৰকা যুটিটোক মৰম আৰু আশীৰ্বাদেৰে ওপচাই পেলাইছে ।
লগতে পঢ়ক : বিৰোশৰ বিবাহ: পুল ভলীবলৰ পৰা জাপানী আহাৰলৈ- বিজয় আৰু ৰশ্মিকাৰ ব্যক্তিগত বিবাহ উৎসৱৰ ভিতৰচ’ৰা

