আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ বিজয় দেৱেৰাকোণ্ডা-ৰশ্মিকা মান্দান্না
দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা বিজয় দেৱেৰাকোণ্ডা আৰু অভিনেত্ৰী ৰশ্মিকা মান্দান্নাই আজি ২৬ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে ৰাজস্থানৰ উদয়পুৰত আনুষ্ঠানিকভাৱে বিবাহপাশত আৱদ্ধ হয় ৷

By ETV Bharat Entertainment Team
Published : February 26, 2026 at 12:51 PM IST
হায়দৰাবাদ : দক্ষিণ ভাৰতীয় ছবিজগতৰ জনপ্ৰিয় যুটী বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মান্দান্নাই আজি আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হৈছে । তেওঁলোকৰ এই বিশেষ দিনটোত অনুৰাগীৰ লগতে চিনেমা জগতৰ বন্ধু-বৰ্গই শুভেচ্ছা জনাইছে ।
তেওঁলোকৰ অতি জনপ্ৰিয় ছবি 'গীতা গোবিন্দম'ৰ প্ৰযোজক বানী বাসে নৱ-দম্পতীটোক অভিনন্দন জনাই কয়, "তোমালোক একেলগে থাকিলে সঁচাকৈয়ে যাদুৰ সৃষ্টি হয় ৷"
প্ৰযোজক বানী বাসে (Bunny Vas) ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X-ত বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মান্দান্নাৰ বিবাহ উপলক্ষে তেওঁলোকৰ জনপ্ৰিয় ছবি 'গীতা গোবিন্দম'ৰ এটা দৃশ্য শ্বেয়াৰ কৰি এক আৱেগিক বাৰ্তা লিখিছে । "মোৰ 'গীতা গোবিন্দম' (বিজয় আৰু ৰশ্মিকা), তোমালোকে চিৰদিনৰ বাবে ইজনে সিজনক সংগী হিচাপে বাছি লোৱা দৃশ্যটো মোৰ বাবে অতি বিশেষ । বিজয়, তোমাৰ কামৰ প্ৰতি থকা উছাহ আৰু আনুগত্য... আৰু ৰশ্মিকা, তোমাৰ উদাৰতা আৰু নিৰ্মল হৃদয়... তোমালোক দুয়ো একেলগে থাকিলে সঁচাকৈয়ে যাদুৰ সৃষ্টি হয় ।"
My #GeethaGovindham ❤️❤️
— Bunny Vas (@TheBunnyVas) February 26, 2026
Watching you both choose each other forever is beyond special. @TheDeverakonda, your fire and loyalty… @iamRashmika, your warmth and pure heart… together you are magic in its truest form.
May this marriage be filled with unstoppable love, strength,… pic.twitter.com/6A8QQTMUm8
তেওঁ লগতে আৰু লিখে, "তোমালোকৰ এই বিবাহিত জীৱন অপাৰ মৰম, শক্তি, হাঁহি আৰু ডাঙৰ ডাঙৰ সপোনেৰে ভৰি পৰক । তোমালোক দুয়োৰে বাবে মই অতি সুখী । #VIROSH-লৈ আন্তৰিক অভিনন্দন ।"
বিবাহৰ পৰম্পৰা
ৰাজস্থানৰ উদয়পুৰত এই বিয়া তেলুগু আৰু কোডাভা— এই দুয়োটা পৰম্পৰাৰে অনুষ্ঠিত হ’ব ৷ পুৱাৰ ভাগত তেলুগু পৰম্পৰাৰে অনুষ্ঠিত হোৱাৰ পৰিৱৰ্তে আবেলিলৈ কোডাভা পৰম্পৰাৰে বিয়াত বহিব দুয়ো ৷
বিয়াৰ আনুষ্ঠানিকতাৰ পিছত তেওঁলোকে অহা ৪ মাৰ্চত হায়দৰাবাদত চলচ্চিত্র জগতৰ বন্ধু আৰু বিশিষ্ট ব্যক্তিসকলৰ বাবে এক বিশাল অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছে ৷ দীৰ্ঘদিনৰ চৰ্চাৰ অন্ত পেলাই দক্ষিণৰ এই জনপ্ৰিয় তাৰকা যুটীটোৱে আজিৰ পৰা জীৱনৰ এক নতুন যাত্ৰা আৰম্ভ কৰিলে ।
লগতে পঢ়ক : ‘বিৰোশ’ৰ বিবাহ: প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ শুভেচ্ছা

