ৰশ্মিকাৰ হাতত বিজয়ৰ চুমা: অৱশেষত অনুৰাগীৰ সন্দেহ দূৰ হ'ল
দ্য গাৰ্লফ্ৰেণ্ডৰ সফলতা পাৰ্টীত ৰশ্মিকা মান্দান্নাৰ হাতত সকলোৰে সন্মুখত বিজয়ে আঁকি দিলে চুমা ৷

By ETV Bharat Entertainment Team
Published : November 13, 2025 at 3:50 PM IST
হায়দৰাবাদ : সন্দেহ সকলোৰ মনত, কিন্তু একো প্ৰমাণ নাই, কিয়নো তেওঁলোকে আজিলৈকে একো মাত মতা নাই বা কেতিয়াও ৰাজহুৱা কৰা নাই সম্পৰ্কৰ বিষয়ে ৷ পিছে প্ৰেম জানো লুকাই থাকে ৷ অনুভৱ জানো লুকুৱাই ৰাখো বুলি ৰাখিব পাৰি ? নোৱাৰিলে শেষত, অভিনেতা বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মান্দান্নাইও নোৱাৰিলে ৷ ইমান দীঘলীয়া সময়ৰ পৰা অনুৰাগীয়ে বিচাৰি থকা এটা মুহূৰ্ত কালি ঘটি গ’ল ৷ ৰশ্মিকাক চুমা যাচিলে বিজয়ে ৷
অনুৰাগীসকলে অধীৰভাৱে অপেক্ষা কৰি থকা মুহূৰ্তটো দিলে বিজয়ে । হায়দৰাবাদত ৰশ্মিকাৰ শেহতীয়া তেলুগু ছবি দ্য গাৰ্লফ্ৰেণ্ডৰ সফলতা উদযাপনৰ পাৰ্টী আছিল ৷ বিগত অক্টোবৰ মাহত বাগদান হোৱা বুলি খবৰ ওলোৱা এই দম্পতী কালি পাৰ্টীত উপস্থিত আছিল ৷ প্ৰথমবাৰৰ বাবে দুয়োৱে ৰাজহুৱাভাৱে মৰমৰ প্ৰদৰ্শন কৰি অনুৰাগীসকলক আনন্দিত কৰি তোলে ।
ৰাহুল ৰবিন্দ্ৰ পৰিচালিত ছবিখনত অভিনয় কৰা ৰশ্মিকাক সমৰ্থন আগবঢ়াবলৈ বিজয় এই অনুষ্ঠানত উপস্থিত হয় । উদযাপনৰ সময়ত বিজয়ে ৰশ্মিকাৰ হাতখন ধৰি লাহেকৈ চুমা যাচে ৷ ৰশ্মিকাক লাজ ভাৱ এটাই আৱৰি ধৰা পৰিলক্ষিত হয় ৷ এই মুহূৰ্তটোৱে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰে আৰু কিছু মিনিটৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই ভিডিঅ’।
Heart is full 🫶😭❤️💫#Virosh #VijayDeverakonda #RashmikaMandanna pic.twitter.com/iQV5OrFF24
— Shayla ⋆˙ (@bealive_79) November 12, 2025
ৰশ্মিকাৰ মুখত সুখৰ ৰেখা বিয়পি পৰে ৷ পিছত দৰ্শকক সম্বোধন কৰি ভাষণৰ সময়ত বিজয়ৰ সৈতে পোনপটীয়াকৈ কথা পাতে অভিনেত্ৰীগৰাকীয়ে । "বিজু, আপুনি আৰম্ভণিৰে পৰাই এই ছবিখনৰ অংশ আৰু আপুনি ইয়াৰ সফলতাৰো অংশ । আপুনি আশীৰ্বাদ হৈ আহিছে ।" তেওঁৰ হৃদয়স্পৰ্শী কথা শুনি দৰ্শকে জোৰেৰে হাতচাপৰি বজাইছিল ।
Kind of love that we read in books 🖤!#RashmikaMandanna #VijayDevarakonda pic.twitter.com/YrC3Ct2LmK
— VAT 69 (@LohithCOP) November 12, 2025
প্ৰথমবাৰৰ বাবে গীতা গোবিন্দম (২০১৮) আৰু ডিয়েৰ কমৰেড (২০১৯) ছবিত একেলগে অভিনয় কৰা এই দম্পতীটো দীৰ্ঘদিন ধৰি ৰোমাণ্টিক সম্পৰ্কত আছে যদিও সকলো কথা ব্যক্তিগতভাৱে ৰখাটো পচন্দ কৰে দুয়োৱে । খবৰ অনুসৰি ৩ অক্টোবৰত বিজয়ৰ হায়দৰাবাদৰ ঘৰত তেওঁলোকে অনুষ্টুপীয়াকৈ বাগদানৰ অনুষ্ঠান কৰে আৰু আগন্তুক বছৰৰ আৰম্ভণিতে বিয়াৰ পৰিকল্পনা কৰিছে তেওঁলোকে ।
ইয়াৰ পূৰ্বে বিজয়ে ছ’চিয়েল মিডিয়াত ৰাজহুৱাভাৱে দ্য গাৰ্লফ্ৰেণ্ড ছবিখনৰ প্ৰশংসা কৰিছিল আৰু ইয়াক “শক্তিশালী” আৰু “গুৰুত্বপূৰ্ণ” বুলি অভিহিত কৰিছিল । ৰশ্মিকাই উষ্ম সঁহাৰি জনাই কয় যে তেওঁৰ কামক লৈ বিজয়ে গৌৰৱ কৰিব বুলি আশা কৰিছে তেওঁ ।
লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে ভাৰতত উপস্থিত আইৰিছ পপ-ৰক বেণ্ড ‘দ্য স্ক্ৰিপ্ট’

