ETV Bharat / entertainment

বিকী-কেটৰিণাৰ পুত্ৰৰ নামৰ সৈতে কি সম্পৰ্ক এইখন বলীউড চিনেমাৰ ?

বিকীৰো নাম আছিল বিহান, দুই তাৰকাই প্ৰকাশ কৰিলে পুত্ৰৰ নাম, এতিয়া নেটিজেনে বিচাৰি পাইছে অন্য এক সংযোগ ৷ বিহানৰ অৰ্থ জানেনে ?

Vihaan Kaushal vicky kaushal katrina kaif son name linked to a bollywood film Uri The Surgical Strike
দুই তাৰকাই প্ৰকাশ কৰিলে পুত্ৰৰ নাম (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : January 8, 2026 at 11:16 AM IST

|

Updated : January 8, 2026 at 11:21 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ৭ জানুৱাৰীত বলীউডৰ তাৰকা দম্পতী বিকী কৌশল আৰু কেটৰিণা কাইফে নিজৰ পুত্ৰৰ নাম প্ৰকাশ কৰে । তেওঁলোকে নিজৰ পুত্ৰৰ প্ৰথম আভাস ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগতে নামটোও প্ৰকাশ কৰে । আপোনালোকে জানেনে, জুনিয়ৰ কৌশলৰ নামটো এখন ছবিৰ লগত জড়িত ? তেওঁলোকৰ পুত্ৰৰ নামক নেটিজেনে এখন ছবিৰ সৈতে সংযুক্ত কৰিছে । কোনখন ছবি জানো আহক-

বুধবাৰে বিকী কৌশল আৰু কেটৰিণা কাইফে ইনষ্টাগ্ৰামত এক যৌথ পোষ্ট শ্বেয়াৰ কৰি পুত্ৰৰ নাম ঘোষণা কৰে । দম্পতীটোৱে তেওঁৰ নাম ৰাখিছে বিহান কৌশল । নিজৰ কণমানিটোৰ হাতৰ ফটো শ্বেয়াৰ কৰি দম্পতীটোৱে কেপশ্যনত লিখিছে, "আমাৰ পোহৰৰ ৰশ্মি ❤️ বিহান কৌশল, প্ৰাৰ্থনা উত্তৰ । জীৱনটো সুন্দৰ । আমাৰ পৃথিৱীখন নিমিষতে সলনি হৈ গ'ল । শব্দৰ উৰ্ধত কৃতজ্ঞ ।"

পোষ্টটোত অভিনেতাদ্বয়ে নিজৰ পুত্ৰৰ মুখ প্ৰকাশ কৰা নাই । তেওঁলোকে কেৱল হাত এখন দেখুৱাইছে ৷ পিতৃ-মাতৃৰ হাতৰ মাজত বিহানৰ হাতখন সোমাই আছে ৷ ফটোখনে সামাজিক মাধ্যমত বহুত প্ৰশংসা লাভ কৰিছে ৷

আপোনালোকৰ মনত আছেনে ২০১৯ চনৰ ছবি উৰী : দ্য চাৰ্জিকেল ষ্ট্ৰাইকৰ কথা ? ছবিখনত বিকীৰ নাম আছিল বিহান ৷ হয়, এই ছবিখনত বিকীয়ে সাহসী মেজৰ বিহান সিং শ্বেৰগিলৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু এই ছবিখন বিকীৰ কেৰিয়াৰৰ অন্যতম ছুপাৰহিট চিনেমা । পিছে বিকী আৰু কেটৰিণাই নিজৰ পুত্ৰৰ নাম উৰী ছবিৰ তেওঁৰ চৰিত্ৰৰ নামেৰে ৰাখিছে নে নাই সেয়া স্পষ্ট নহয় ৷ কিন্তু ছ’চিয়েল মিডিয়াত অনুৰাগীয়ে ছবিখনৰ সৈতে কথাটো লিংক কৰিছে ।

Vihaan Kaushal vicky kaushal katrina kaif son name linked to a bollywood film Uri The Surgical Strike
নামৰ সৈতে কি সম্পৰ্ক এইখন বলীউড চিনেমাৰ ? (Photo : Instagram)
Vihaan Kaushal vicky kaushal katrina kaif son name linked to a bollywood film Uri The Surgical Strike
নেটিজেনে বিচাৰি পাইছে অন্য এক সংযোগ (Photo : Instagram)
Vihaan Kaushal vicky kaushal katrina kaif son name linked to a bollywood film Uri The Surgical Strike
বিহানৰ অৰ্থ জানেনে ? (Photo : Instagram)

পোষ্টটোত হৃত্বিক ৰোশনে মন্তব্য কৰি লিখিছে, "ভগৱানে আশীৰ্বাদ কৰক, বিহানক স্বাগতম, ডাঙৰ খবৰ । অভিনন্দন আৰু মৰম ।" পৰিণীতি চোপ্ৰা, দিয়া মিৰ্জা, অদিতি ৰাও হাইদাৰী, ভূমি পেডনেকাৰ আৰু সোনম কাপুৰকে ধৰি কেইবাগৰাকীও তাৰকাই শুভেচ্ছা প্ৰেৰণ কৰিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "উৰীত বিকীৰ নাম আছিল বিহান," আন এজনে লিখিছে, "বিহান শ্বেৰগিল ।"

বিহানৰ অৰ্থ

বিহান শব্দটো সংস্কৃতৰ পৰা উদ্ভৱ হৈছে ৷ ইয়াৰ অৰ্থ হৈছে ৰাতিপুৱা বা সূৰ্যৰ প্ৰথম ৰশ্মি । গভীৰ অৰ্থত ই এক নতুন আৰম্ভণি, নতুন শক্তি ।

উল্লখ্য যে, ২০২১ চনৰ ডিচেম্বৰ মাহত বিবাহপাশত আবদ্ধ হোৱা বিকী আৰু কেটৰিণাই ২০২৫ চনৰ নৱেম্বৰ মাহত তেওঁলোকৰ প্ৰথম সন্তানক আদৰণি জনায় । কেটৰিণাই নিজৰ বেবী বাম্প প্ৰদৰ্শন কৰা এখন মৰমলগা ফটোৰে দম্পতীটোৱে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল ৷

লগতে পঢ়ক : পুত্ৰ সন্তানৰ আগমনত ধন্য বিকী-কেটৰিণা

Last Updated : January 8, 2026 at 11:21 AM IST