হাঁহিৰে মুখৰ কৰা ক্ষণবোৰ বৰ্ণালী... আৰু কেতিয়াও ৰেডিঅ'টোত ভাঁহি নাহিব চৈয়দ ছাদুল্লাৰ সেই কণ্ঠ
বিশিষ্ট সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ, ঘোষক চৈয়দ ছাদুল্লাৰ দেহাৱসান । বৃহস্পতিবাৰে পুৱা ১০ বাজি ৩৩ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে ।

By ETV Bharat Entertainment Team
Published : October 30, 2025 at 12:33 PM IST
গুৱাহাটী : ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ পৰা আহিছে এটি দুঃখবৰ । বিশিষ্ট সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ দেহাৱসান । বৃহস্পতিবাৰে পুৱা ১০ বাজি ৩৩ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে চৈয়দ ছাদুল্লাই ।
জটিল ৰোগত আক্ৰান্ত হৈ আছিল চৈয়দ ছাদুল্লা ৷ বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে সংগীত শিল্পীগৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 77 বছৰ ।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে জনোৱা অনুসৰি, “ছাদুল্লাৰ তেজৰ কৰ্কট ৰোগৰ গুৰুতৰ ৰূপ ক্ৰনিক লিম্ফোচাইটিক লিউকেমিয়া (CLL) ধৰা পৰিছিল, যাৰ ফলত হাইপ’ক্সিয়া সম্পৰ্কীয় জটিলতাই তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ সৃষ্টি কৰিছিল । মৃত্যুৰ সময়ত তেওঁ নিজৰ চকুৰ কৰ্নিয়াও দান কৰিছে ।”
উল্লেখ্য যে, ১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাত জন্মগ্ৰহণ কৰিছিল চৈয়দ ছাদুল্লাই । কিছুদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ পৰাৰ পাছতে তেওঁক ভৰ্তি কৰা হৈছিল জি এম চি এইচত । ৰক্তজনিত সমস্যাৰ বাবে মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল জ্যেষ্ঠ কণ্ঠশিল্পীগৰাকীক ।
অল ইণ্ডিয়া ৰেডিঅ’ ডিব্ৰুগড়ৰ প্ৰথম বাতৰি পাঠক আছিল চৈয়দ ছাদুল্লা । লগতে দূৰদৰ্শন, নেশ্যনেল জিঅ’গ্ৰাফিক আৰু ডিস্কভাৰী চেনেলত প্ৰায় ১০০ৰো অধিক তথ্যচিত্ৰৰ ঘোষক হিচাপে কাম কৰিছিল ছাদুল্লাই ।
তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ৰ এ গ্ৰেড গীতিকাৰ, প্ৰখ্যাত সংগীত ব্যৱস্থাপক, গীটাৰিষ্ট আৰু নাট্যকাৰ আছিল । ইয়াৰোপৰি তেওঁ উষা মংগেশকাৰ, ড৹ ভূপেন হাজৰিকা, অনুপ জালোতা, পাৰবীন চুলতানা আদি বিখ্যাত কণ্ঠশিল্পীৰ গীতৰ বাবে গীটাৰ বজাইছিল ।
আকাশবাণী ডিব্ৰুগড়ৰ পৰা চল্লিশখনতকৈও অধিক তথ্যচিত্ৰ সম্প্ৰচাৰ কৰাৰ লগতে কেইবাখনো বঁটা বিজয়ী অনাতাঁৰ নাটক আৰু ধাৰাবাহিকৰ বাবে চৈয়দ ছাদুল্লাই গল্প ৰচনা কৰিছিল । ১৯৭৬ চনৰ পৰা দীৰ্ঘদিন ধৰি ডিব্ৰুগড় ৰেডিঅ’ৰ পৰা সম্প্ৰচাৰিত ‘বৰ্ণালী’ আৰু ‘ডাক পখিলি’ অনুষ্ঠানৰ বাবে তেওঁ উচ্চ প্ৰশংসা লাভ কৰিছিল । ১৯৮৫ চনৰ পৰা ২০০৮ চনলৈকে ডিব্ৰুগড় ৰেডিঅ'ৰ ষ্টাফ আৰ্টিষ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ।
লগতে পঢ়ক : বুঢ়ালুইতৰ বুকুত উটুৱাই দিয়া হ'ল অমৃতকণ্ঠৰ চিতাভস্ম

