ETV Bharat / entertainment

শিশুৱে পিতৃ-মাতৃক অনুকৰণ কৰিব বিচাৰে: শৰ্মিলা ঠাকুৰ

প্ৰবীণ অভিনেত্ৰী শৰ্মিলা ঠাকুৰে নেপ’টিজম প্ৰসংগত বাঢ়ি অহা বিতৰ্কক লৈ নিজৰ মতামত আগবঢ়াইছে ৷

Veteran actress Sharmila Tagore shares her views on nepotism says parents occupation naturally influence kids
শৰ্মিলা ঠাকুৰ (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : December 30, 2025 at 4:12 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : নেপ’টিজম এনে এটা শব্দ, যিটো শব্দ বলীউডত সঘনাই প্ৰচলিত ৷ বহু তাৰকা এই শব্দটোৰেই চৰ্চাত থাকে, অৰ্থাৎ নেটিজেনৰ দ্বাৰা সমালোচনা চলি থাকে তেওঁলোকক লৈ ৷

বহু সময়ত বহু তাৰকাই এইটো বিষয়ত নিজৰ মতামত প্ৰকাশ কৰিছে ৷ কিন্তু বিষয়টোক লৈ বিতৰ্কৰ অন্ত পৰা নাই ৷ বৰঞ্চ সময়ৰ লগে লগে বাঢ়িহে গৈছে ৷ শেহতীয়াকৈ প্ৰবীণ অভিনেত্ৰী শৰ্মিলা ঠাকুৰে এই সন্দৰ্ভত মুখ খুলিছে ৷ তেওঁৰ মতে ল’ৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ বৃত্তিৰ দ্বাৰা প্ৰভাৱিত হোৱাটো একেবাৰে স্বাভাৱিক কথা । শৰ্মিলা ঠাকুৰে আঙুলিয়াই দিলে যে চিকিৎসকৰ পৰা উকীল, চিত্ৰশিল্পী, আনকি সংগীতজ্ঞলৈকে প্ৰতিটো বৃত্তিৰ ক্ষেত্ৰতে একেই কথা প্ৰযোজ্য হয় ।

কন্যা সোহা আলী খানৰ সৈতে তেওঁৰ প'ডকাষ্ট ‘ALL ABOUT HER’ ৰ সময়ত হোৱা কথা-বতৰাত শৰ্মিলা ঠাকুৰক নেপ’টিজম আৰু লিগেচীৰ মাজৰ পাৰ্থক্যৰ বিষয়ে সোধা হয় ।

সোহাৰ কন্যা ইনায়াই প্ৰতিদিনে মাকক কামলৈ যোৱা দেখি নিশ্চয় কেনেকৈ প্ৰভাৱিত হয় তাৰ উদাহৰণ দি তেওঁ শ্বেয়াৰ কৰে, "এতিয়া, ইনায়া তোমাৰ লগত ডাঙৰ হৈ আহিছে; তাই তোমাক সাজু হোৱা দেখিছে । তুমি যেতিয়া প'ডকাষ্ট কৰি থাকা, তেতিয়া তাই আগ্ৰহী হৈ থাকে, গতিকে স্পষ্টভাৱে, তাই প্ৰভাৱিত হৈছে । ই সকলোৱে কৰাৰ দৰেই - যেনেকৈ এজন ডাক্তৰৰ সন্তান, উকীলৰ সন্তান, চিত্ৰশিল্পীৰ সন্তান ৷ গতিকে তেওঁলোক সকলোৱে নিজৰ পিতৃ-মাতৃক সন্মানৰ দৃষ্টিৰে চাই আৰু তেওঁলোকে সকলোৱে তেওঁলোকৰ অনুকৰণ কৰিব বিচাৰে, ইয়াত একো দোষ নাই ।"

শৰ্মিলা ঠাকুৰে আৰু আঙুলিয়াই দিয়ে যে এজন প্ৰভাৱশালী ব্যক্তিয়ে হয়তো নিজৰ ল’ৰা-ছোৱালীক উদ্যোগটোত প্ৰথম সুযোগ দিব পাৰিব, কিন্তু বাকীখিনি কেৱল দৰ্শকৰ ওপৰত নিৰ্ভৰশীল ৷ তেওঁলোকক শিল্পী হিচাপে গ্ৰহণ কৰা বা প্ৰত্যাখ্যান কৰাৰ দায়িত্ব দৰ্শকৰ ।

তেওঁ লগতে আৰু কয় যে পিতৃ-মাতৃ যদিহে প্ৰভাৱশালী ব্যক্তি হয়, তেন্তে তেওঁলোকে হয়তো নিজৰ ল’ৰা-ছোৱালীক দ্বিতীয়বাৰৰ বাবেও সুযোগ দিব পাৰিব, কিন্তু তেওঁলোকৰ প্ৰভাৱ কিমান দূৰলৈকে যায়, সেয়া সময়হে কয় ।

লগতে পঢ়ক : এটা আইক'নিক বাংলো, কিন্তু কুখ্যাত ! তাত থকাৰ বাবেই ৰাজেশ খান্নাৰ…