ধৰ্মেন্দ্ৰৰ সৈতে ছিলভাৰ স্ক্ৰীণ শ্বেয়াৰ অভিনেত্ৰী কামিনী কৌশলৰ মৃত্যু
‘নদিয়া কে পাৰ’ আৰু ‘শ্বহীদ’ৰ বাবে পৰিচিত অভিনেত্ৰী কামিনী কৌশলৰ মৃত্যু ৷ দীৰ্ঘদিন ধৰি বয়সৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাত ভূগি আছিল তেওঁ ।

By ETV Bharat Entertainment Team
Published : November 14, 2025 at 3:12 PM IST
হায়দৰাবাদ : বিশিষ্ট অভিনেত্ৰী কামিনী কৌশলৰ মৃত্যু । বয়সৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাত ভূগি থকা অভিনেত্ৰীগৰাকীয়ে ৯৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰই এই দুখৰ সময়ত গোপনীয়তাৰ অনুৰোধ জনাইছে ।
ভাৰতীয় চিনেমাৰ অন্যতম চিনাকি ব্যক্তিত্ব আছিল কামিনী । চলচ্চিত্ৰ জীৱনত ৯০ খনতকৈও অধিক ছবিত কাম কৰিছিল তেওঁ । ১৯৪৬ চনত কাঁ চলচ্চিত্ৰ মহোৎসৱত সন্মানীয় পালম ডি অৰ (গোল্ডেন পাম) বঁটা লাভ কৰা ‘নীচা নগৰ’ৰ জৰিয়তে তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল ।
পিছলৈ তেওঁ ‘শ্বহীদ’, ‘নদিয়া কে পাৰ’, ‘শ্ববনম’, ‘আৰ্জু’ আৰু ‘বিৰাজ বহু’কে ধৰি কেইবাখনো উল্লেখনীয় ছবিত অভিনয় কৰে । ‘দো ভাই’, ‘পৰশ’, ‘নমুনা’, ‘ঝঞ্জৰ’, ‘বড়ে সৰকাৰ’, ‘জেলাৰ’ আৰু ‘নাইট ক্লাব’ কে ধৰি বিভিন্ন ছবিত কৰা অভিনয়েৰে তেওঁ সমাদৰ লাভ কৰে ৷
কামিনী কৌশলে টেলিভিছনতো কাম কৰিছিল । দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক ‘চান্দ সীতাৰে’ত তেওঁ অভিনয় কৰিছিল । অভিনেতা ধৰ্মেন্দ্ৰেৰ সৈতেও কামিনী কৌশলে স্ক্ৰীণ শ্বেয়াৰ কৰিছিল ৷
ধৰ্মেন্দ্ৰই নিজৰ ইনষ্টাগ্ৰামত কামিনীৰ সৈতে প্ৰথম সাক্ষাৎকাৰৰ এখন ফটো শ্বেয়াৰ কৰিছে । তাত তেওঁ লিখিছে, "মোৰ প্ৰথমখন ছবি শ্বাহিদৰ নায়িকা কামিনী কৌশলৰ সৈতে মোৰ প্ৰথম সাক্ষাৎকাৰৰ প্ৰথম ছবিখন । এটা সুন্দৰ প্ৰেমময় মুহূৰ্ত ।"
প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে দিলীপ কুমাৰ, ৰাজ কাপুৰ, দেৱ আনন্দ, অশোক কুমাৰৰ দৰে তাৰকাৰ সৈতেও অভিনয় কৰিছিল । ‘নদিয়া কে পাৰ’, ‘শ্বহীদ’, ‘শ্ববনম’ আৰু ‘আৰ্জু’ৰ দৰে ছবিত দিলীপ কুমাৰৰ সৈতে যুটিয়ে তেওঁক প্ৰশংসা অধিকাৰী কৰি তুলিছিল ।
লগতে পঢ়ক : হাতযোৰ কৰি ছানী দেওলে কাক পাৰিলে গালি ?

