ETV Bharat / entertainment

অসমৰ বুকুত কনচাৰ্ট অৰ্থনীতিৰ জোৱাৰ ! অসম পৰ্যটনৰ নতুন মূলধন- লাইভ মিউজিক

অসমত নতুন ‘কনচাৰ্ট যুগ’ৰ সূচনা ৷ অনাগত ৫ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক বিকাশৰ সম্ভাৱনা ৷

Unprecedented Growth of the Concert Economy and Tourism Sector in Assam: A Special Report
লাইভ মনোৰঞ্জনৰ জৰিয়তে অসমৰ অৰ্থনৈতিক প্ৰসাৰ (Photo : ANI)
author img

By ANI

Published : June 11, 2026 at 5:27 PM IST

10 Min Read
Choose ETV Bharat

হায়দৰাবাদ : অসম দ্ৰুতগতিত দেশৰ আগশাৰীৰ কনচাৰ্ট গন্তব্যস্থান হিচাপে গঢ়ি উঠিছে, য’ত পৰৱৰ্তী ৫ বছৰত ATDC, BookMyShow আৰু EY-Parthenon-ৰ সহযোগত ৭০০ কোটিৰ অৰ্থনৈতিক বিকাশৰ সম্ভাৱনা আছে । প্ৰগতিশীল নীতি, আন্তঃগাঁথনি উন্নয়ন আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে ৰাজ্যখনত সজীৱ মনোৰঞ্জনে (live entertainment) সাংস্কৃতিক আৰু অৰ্থনৈতিক প্ৰসাৰ সাধন কৰিছে ।

ভাৰতৰ আগশাৰীৰ লাইভ মনোৰঞ্জন প্লেটফৰ্ম BookMyShow, অসম পৰ্যটন উন্নয়ন নিগম (ATDC) আৰু পৰামৰ্শদাতা প্ৰতিষ্ঠান EY-Parthenon-এ মিলি এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । গুৱাহাটীত অনুষ্ঠিত হোৱা বিশ্ব বিখ্যাত পপ তাৰকা ‘পষ্ট মেলন’ (Post Malone)-ৰ প্ৰথমটো একক কনচাৰ্টৰ সফল পৰিসমাপ্তিৰ পিছতে তেওঁলোকে এটা বিশেষ প্ৰতিবেদন প্ৰকাশ কৰিছে । ‘The Assam Blueprint: Turning Live Music Economy into a Tourism Multiplier’ নামৰ এই প্ৰতিবেদনখনত অসমৰ অৰ্থনীতি, পৰ্যটন, কৰ্মসংস্থাপন আৰু সংস্কৃতিৰ ওপৰত লাইভ মনোৰঞ্জনৰ প্ৰভাৱ বিতংভাৱে দাঙি ধৰা হৈছে ।

প্ৰতিবেদনৰ মূল দিশসমূহ

  • অৰ্থনৈতিক প্ৰসাৰ: লাইভ মিউজিকক মাধ্যম হিচাপে লৈ পৰ্যটন খণ্ডক শক্তিশালী কৰা ।
  • কৰ্মসংস্থাপন: যুৱপ্ৰজন্মৰ বাবে নিয়োগৰ নতুন সুযোগ সৃষ্টি কৰা ।
  • সাংস্কৃতিক প্ৰসাৰ: অসমৰ কলা-সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ লৈ যোৱা ।

BookMyShow, ATDC আৰু EY-Parthenon-ৰ প্ৰতিবেদন অনুসৰি, সঠিক পৰিকল্পনা আৰু দীৰ্ঘম্যাদী বিনিয়োগৰ জৰিয়তে অসমত লাইভ মনোৰঞ্জনৰ জৰিয়তে অৰ্থনৈতিক বিকাশ সম্ভৱ । অনাগত পাঁচ বছৰত ধাৰাবাহিক ডাঙৰ অনুষ্ঠানৰ পৰিকল্পনাৰ জৰিয়তে ৰাজ্যখনত ৭০০ কোটি টকাতকৈ অধিক অৰ্থনৈতিক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ।

BookMyShow, ATDC আৰু EY-Parthenon-ৰ প্ৰতিবেদনত গুৱাহাটীত অনুষ্ঠিত হোৱা ‘পষ্ট মেলন’ (Post Malone)-ৰ একক কনচাৰ্টটোক এটা সফল উদাহৰণ হিচাপে দাঙি ধৰা হৈছে । ইয়াৰ জৰিয়তে লাইভ মনোৰঞ্জনে পৰ্যটন, হোটেল ব্যৱসায়, যাতায়াত আৰু স্থানীয় সেৱা খণ্ডত কেনেকৈ প্ৰত্যক্ষ অৰ্থনৈতিক লাভ আনিব পাৰে, তাক দেখুওৱা হৈছে ।

অৰ্থনৈতিক প্ৰভাৱৰ খতিয়ান: মুঠ অৰ্থনৈতিক প্ৰভাৱ

কনচাৰ্টটোৰ পৰা বিভিন্ন উদ্যোগত মুঠ ৪৩ কোটি টকা উপাৰ্জন হৈছে । দৰ্শকে কৰা খৰচৰ জৰিয়তে অসমৰ অৰ্থনীতিত প্ৰত্যক্ষভাৱে ৩২ কোটি টকা সোমাইছে । জিএছটিৰ (GST) বাবদ চৰকাৰৰ পুঁজিলৈ ৫ কোটি টকা গৈছে । বিমান চলাচলত কিছু অসুবিধা থকাৰ পিছতো প্ৰায় ২০,০০০ দৰ্শক উপস্থিত আছিল । মুঠ দৰ্শকৰ প্ৰায় ৫৩% গুৱাহাটীৰ বাহিৰৰ পৰা আহিছিল । ভাৰতৰ ২০০ খনতকৈও অধিক চহৰ আৰু নগৰৰ পৰা অনুৰাগীসকল এই কনচাৰ্টলৈ আহিছিল ।

কনচাৰ্টটোৰ মূল উপাৰ্জনৰ উপৰিও ইয়াৰ এক সুদূৰপ্ৰসাৰী বহুগুণাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । কনচাৰ্টৰ এটা টিকটত খৰচ কৰা প্ৰতি ১০০ টকাৰ বিপৰীতে, দৰ্শকে থকা, খোৱা, ফুৰা আৰু স্থানীয় বজাৰ কৰাত প্ৰায় ৮৯৯ টকা খৰচ কৰিছে ।

স্থানীয় ব্যৱসায়ৰ ওপৰত প্ৰভাৱ

  • হোটেল উদ্যোগ: কনচাৰ্টৰ দিনকেইটাত গুৱাহাটীৰ হোটেলসমূহৰ গ্ৰাহকৰ উপস্থিতি প্ৰায় ৩০% বৃদ্ধি পায় ।
  • যাতায়াত ব্যৱস্থা: থলুৱা গাড়ীচালক আৰু পৰিবহন অপাৰেটৰসকলৰ গাড়ীৰ চাহিদা প্ৰায় ৫০% তকৈ অধিক বৃদ্ধি হয় ।
  • ৰেষ্টুৰেণ্ট আৰু কেফে: গ্ৰাহকৰ আগমন প্ৰায় ৩৩% তকৈ অধিক বৃদ্ধি পায় ।
  • বজাৰ-সমাৰ: সাধাৰণ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত গ্ৰাহকৰ ভিৰ প্ৰায় ৩০% বৃদ্ধি হয় ।
  • আঞ্চলিক পৰ্যটনৰ বিকাশ: এই কনচাৰ্টটোৱে কেৱল গুৱাহাটীতে আৱদ্ধ নাথাকি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনক উৎসাহিত কৰিছে । বাহিৰৰ পৰা অহা পৰ্যটকসকলে গুৱাহাটীৰ উপৰিও অসমৰ অন্যান্য প্ৰসিদ্ধ স্থান যেনে— কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মাজুলী, কামাখ্যা মন্দিৰ আৰু শিৱসাগৰ ভ্ৰমণ কৰে । ইয়াৰ জৰিয়তে গুৱাহাটী চহৰখনে উত্তৰ-পূৰ্বাঞ্চলৰ মূল প্ৰৱেশদ্বাৰ হিচাপে নিজৰ স্থিতি আৰু অধিক শক্তিশালী কৰি তুলিছে ।

BookMyShow, ATDC আৰু EY-Parthenon-ৰ প্ৰতিবেদনত উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা লাইভ মনোৰঞ্জনৰ বজাৰসমূহৰ অন্যতম হিচাপে দেখুওৱা হৈছে । নিজৰ চহকী সংগীত ঐতিহ্য, স্বতন্ত্ৰ সংগীত সংস্কৃতি আৰু সক্ৰিয় অনুৰাগীৰ বাবে পৰিচিত এই অঞ্চলটো এতিয়া দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংগীত ভ্ৰমণৰ এক প্ৰধান কেন্দ্ৰ হৈ পৰিছে । দৰ্শকৰ সঁহাৰিয়ে এই অগ্ৰগতিক স্পষ্টকৈ প্ৰমাণ কৰিছে ৷ কেৱল অসমতে ৫৫ টা টিকটযুক্ত অনুষ্ঠান অনুষ্ঠিত হৈছে । ২০২৫ বৰ্ষত গুৱাহাটীত লাইভ অনুষ্ঠানত দৰ্শকৰ উপস্থিতি ১৮৮% বৃদ্ধি পাইছে । এই অভূতপূৰ্ব বৃদ্ধিয়ে প্ৰমাণ কৰে যে এসময়ত ভাৰতৰ মূলসুঁতিৰ কনচাৰ্ট বজাৰৰ বাহিৰত বুলি গণ্য কৰা উত্তৰ-পূৰ্বাঞ্চল এতিয়া অতি দ্ৰুতগতিত সলনি হৈছে ।

গুৱাহাটী এতিয়া ভাৰতৰ ‘অভিজ্ঞতাভিত্তিক অৰ্থনীতি’ ৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে । দৰ্শকৰ প্ৰবল হেঁপাহ, উন্নত যাতায়াত ব্যৱস্থা, আন্তঃগাঁথনিৰ দীৰ্ঘম্যাদী উন্নয়ন আৰু ইতিবাচক নীতিগত পৰিৱৰ্তনে কেনেকৈ এটা অঞ্চলক বিশ্বৰ নামী-দামী শিল্পী আৰু অনুৰাগীসকলৰ প্ৰিয় গন্তব্যস্থান কৰি তুলিব পাৰে, গুৱাহাটীয়ে তাক প্ৰমাণ কৰি দেখুৱাইছে । এই পৰিৱৰ্তন সমগ্ৰ ভাৰততে দেখা পোৱা এক ডাঙৰ ট্ৰেণ্ডৰ অংশ । এতিয়া মহানগৰসমূহৰ বাহিৰতো ডাঙৰ লাইভ অনুষ্ঠানে নতুন অৰ্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ গঢ়ি তুলিছে । আহমেদাবাদত বিশ্ববিখ্যাত বেণ্ড ‘ক’ল্ডপ্লে’ৰ অভিলেখ সৃষ্টিকাৰী কনচাৰ্ট হৈ যায় লগতে গুৱাহাটীতো পপ তাৰকা ‘পষ্ট মেলন’ ৰ ঐতিহাসিক অনুষ্ঠান হৈ যায় । ভাৰতৰ এই নতুন চহৰসমূহ এতিয়া বিশ্বমানৰ লাইভ অনুষ্ঠানৰ কেন্দ্ৰ হৈ পৰিছে, যাৰ ফলত পৰ্যটন, হোটেল ব্যৱসায়, যাতায়াত আৰু স্থানীয় ক্ষুদ্ৰ উদ্যোগসমূহে এক বৃহৎ অৰ্থনৈতিক লাভ বুটলিছে ।

এই কনচাৰ্টটোৰ প্ৰভাৱ কেৱল দৰ্শক আৰু শিল্পীসকলৰ মাজতে আবদ্ধ নাছিল, ইয়াৰ প্ৰত্যক্ষ লাভালাভ তৃণমূল পৰ্যায়লৈকে বিয়পি পৰিছিল । ‘পষ্ট মেলন’ৰ এই অনুষ্ঠানটোৰ বাবে নিৰাপত্তা, আতিথ্য, প্ৰডাকশ্বন, লজিষ্টিক আৰু ভেন্যু মেনেজমেণ্টৰ দৰে বিভিন্ন খণ্ডত প্ৰায় ২,৫০০ কৰ্মচাৰীক নিয়োগ কৰা হৈছিল । ইয়াৰ জৰিয়তে স্থানীয় লোকৰ বাবে এক লাভজনক হ্ৰস্বম্যাদী কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হয় । লগতে মঞ্চ নিৰ্মাণ, ব্ৰেণ্ডিং, আন্তঃগাঁথনি, খাদ্য-পানীয়, ইণ্টাৰনেট সংযোগ, ডিজিটেল পৰিশোধ আৰু বহনক্ষমতা আদি বিভিন্ন কাৰ্যসূচীত স্থানীয় ব্যৱসায়ীসকলে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে । অসম পৰ্যটন উন্নয়ন নিগম (ATDC)-ৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰা (IRS)-ই কয়, "অসমৰ বাবে কনচাৰ্ট অৰ্থনীতি কেৱল মনোৰঞ্জন নহয়; ই পৰ্যটন, সংস্কৃতি, যুৱ প্ৰজন্মৰ অংশগ্ৰহণ আৰু অৰ্থনৈতিক বিকাশৰ এক সামূহিক প্ৰয়াস । আমাৰ লক্ষ্য হৈছে এনে এটা অনুকূল পৰিৱেশ গঢ়ি তোলা, য’ত ডাঙৰ ডাঙৰ অনুষ্ঠানসমূহ ধাৰাবাহিকভাৱে অনুষ্ঠিত হ’ব পাৰে । ইয়াৰ জৰিয়তে ৰাজ্যলৈ পৰ্যটক আগমন হোৱাৰ লগতে থলুৱা নিয়োগৰ সৃষ্টি হ'ব আৰু অসমৰ পৰিচয় ৰাষ্ট্ৰীয় তথা বিশ্ব দৰবাৰত জিলিকি উঠিব ।"

BookMyShow-ৰ লাইভ ইভেণ্টছৰ মুখ্য ব্যৱসায়িক বিষয়া নমন পুগলীয়াই কয়, "ভাৰতৰ লাইভ মনোৰঞ্জন খণ্ডৰ পৰৱৰ্তী পৰ্যায়ৰ বিকাশ সম্পূৰ্ণ নতুন সাংস্কৃতিক আৰু মনোৰঞ্জনৰ কেন্দ্ৰ গঢ়ি তোলাৰ ওপৰত নিৰ্ভৰ কৰিব । এই যাত্ৰাত উত্তৰ-পূৰ্বাঞ্চল এক আটাইতকৈ আকৰ্ষণীয় সুযোগ হিচাপে থিয় দিছে, য'ত চহকী সংগীত ঐতিহ্যৰ লগতে সক্ৰিয় দৰ্শক আৰু এক দ্ৰুতগতিত বিকশিত হৈ থকা পৰিৱেশ আছে । ‘পষ্ট মেলন’ৰ কনচাৰ্টটোৱে প্ৰমাণ কৰি দেখুৱালে যে বিশ্বমানৰ লাইভ অনুষ্ঠানে কেৱল ভেন্যু বা প্ৰেক্ষাগৃহৰ ভিতৰতে আবদ্ধ নাথাকি পৰ্যটন, আতিথ্য, থলুৱা উদ্যোগ আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব পাৰে । ইয়াতকৈও ডাঙৰ কথাটো হ’ল, যেতিয়া চৰকাৰ, উদ্যোগ খণ্ড আৰু স্থানীয় অংশীদাৰসকলে এটা উমৈহতীয়া লক্ষ্যৰে কাম কৰে, তেতিয়া কিমান ডাঙৰ সফলতা লাভ কৰিব পাৰি, সেয়া এই অনুষ্ঠানে দেখুৱাই দিলে । অসমৰ এই যাত্ৰাই লাইভ মনোৰঞ্জনে কেনেকৈ অৰ্থনৈতিক বিকাশ, পৰ্যটন স্থানৰ উন্নয়ন আৰু সাংস্কৃতিক প্ৰসাৰত অৱদান যোগাব পাৰে, তাৰ এক শক্তিশালী উদাহৰণ দাঙি ধৰিছে । লগতে ই ভাৰতৰ কনচাৰ্ট অৰ্থনীতিৰ ভৱিষ্যতৰ বাবে এটা সুন্দৰ ব্লুপ্ৰিণ্ট বা আৰ্হি প্ৰস্তুত কৰিছে ।"

EY-Parthenon-ৰ মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট খণ্ডৰ পাৰ্টনাৰ তথা শীৰ্ষ ব্যক্তি ৰাঘৱ আনন্দে কয়, "লাইভ অনুষ্ঠানসমূহে এক শক্তিশালী বহুগুণাত্মক অৰ্থনৈতিক প্ৰভাৱ দেখুৱাইছে । ইয়াৰ জৰিয়তে হোটেল ব্যৱসায়, যাতায়াত, খুচুৰা বজাৰ আৰু স্থানীয় সেৱা খণ্ডত এক বৃহৎ পৰিমাণৰ ধন খৰচ হৈছে । অসমক যিটো কথাই বিশেষভাৱে আদৰ্শ কৰি তুলিছে, সেয়া কেৱল এই অৰ্থনৈতিক প্ৰভাৱেই নহয়, বৰঞ্চ ইয়াৰ আঁৰত থকা ব্যৱস্থাপনা আৰু পৰিৱেশহে । ইয়াৰ মূল কাৰণ হ’ল— স্পষ্ট চৰকাৰী নীতি, বিভিন্ন প্ৰতিষ্ঠানৰ মাজত সুসমন্বয়, আন্তঃগাঁথনিৰ বিকাশ আৰু ফলাফল মূল্যায়নৰ প্ৰতি থকা দায়বদ্ধতা ।যেতিয়া লাইভ মনোৰঞ্জনক কেৱল এটা দিনৰ অনুষ্ঠান হিচাপে নাচাই এক অৰ্থনৈতিক আন্তঃগাঁথনি হিচাপে গণ্য কৰা হয়, তেতিয়া ই পৰ্যটন, কৰ্মসংস্থাপন আৰু আঞ্চলিক বিকাশৰ এক চিৰস্থায়ী ইঞ্জিন বা চালিকা শক্তি হৈ পৰে ।"

BookMyShow, ATDC আৰু EY-Parthenon-ৰ প্ৰতিবেদনৰ এটা অন্যতম মূল তথ্য হৈছে যে— এটা সফল কনচাৰ্ট অৰ্থনীতি কোনো এটা একক অনুষ্ঠানৰ দ্বাৰা গঢ়ি নুঠে, বৰঞ্চ ইয়াৰ বাবে এক শক্তিশালী পৰিৱেশ আৰু আন্তঃগাঁথনিৰ দীৰ্ঘম্যাদী প্ৰস্তুতিৰ প্ৰয়োজন । অসম চৰকাৰৰ প্ৰগতিশীল নীতি, আন্তঃগাঁথনিৰ উন্নয়ন, হোটেল উদ্যোগৰ প্ৰসাৰ, ATDC-ৰ জৰিয়তে একক খিৰিকী ব্যৱস্থা (single-window facilitation) আৰু থলুৱা শিল্পী তথা ব্যৱসায়ীসকলৰ ওপৰত কৰা বিনিয়োগৰ বাবেই অসম এতিয়া দেশৰ ভিতৰতে এক দ্ৰুতবেগী মনোৰঞ্জন কৰিডৰ হিচাপে গঢ়ি উঠিছে । ইয়াৰ ফলতে বাহিৰৰ ৰাজ্যৰ বৃহৎসংখ্যক পৰ্যটক অসমলৈ আকৰ্ষিত হৈছে । এই অগ্ৰগতি ইতিমধ্যে স্পষ্ট হৈ পৰিছে ৷

পৰৱৰ্তী ডাঙৰ আকৰ্ষণ: বিশ্ববিখ্যাত বেণ্ডৰ আগমন

গুৱাহাটীত ‘পষ্ট মেলন’ৰ ঐতিহাসিক অনুষ্ঠানৰ সফলতাৰ পিছত ২০২৬ চনৰ ১৭ নৱেম্বৰত অসমে আদৰিবলৈ সাজু হৈছে বিশ্বৰ কিংবদন্তী ৰক বেণ্ড ‘গানছ এন ৰ’জেছ’ক । এই অনুষ্ঠানে বিশ্বৰ সংগীত মানচিত্ৰত অসমৰ স্থান আৰু অধিক শক্তিশালী কৰিব । পৰম্পৰাগত মহানগৰসমূহৰ উৰ্ধত ভাৰতৰ ‘অভিজ্ঞতাভিত্তিক অৰ্থনীতি’ৰ যি প্ৰসাৰ ঘটিছে, তাৰ এক উৎকৃষ্ট উদাহৰণ হৈছে অসম । লাইভ মনোৰঞ্জনে কেনেকৈ পৰ্যটন, কৰ্মসংস্থাপন আৰু অৰ্থনৈতিক বিকাশ সম্ভৱ কৰিব পাৰে, অসমে এতিয়া দেশৰ আন আন উদীয়মান ৰাজ্যসমূহৰ বাবে এক সুন্দৰ আৰ্হি দাঙি ধৰিছে ৷

BookMyShow-ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া আশীষ হেমৰাজানিয়ে কয়, "যেতিয়া আমি অসম পৰ্যটন বিভাগৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিলোঁ, তেতিয়া আমি কেৱল কেইটামান অনুষ্ঠানৰ পৰিকল্পনাই কৰা নাছিলোঁ; বৰঞ্চ আমি এক সম্পূৰ্ণ ব্যৱস্থাপনা বা পৰিৱেশ প্ৰস্তুত কৰিছিলোঁ । এক বৃহৎ পৰিসৰত অনুষ্ঠিত কৰা লাইভ মনোৰঞ্জন হৈছে এনে এক শক্তিশালী অৰ্থনৈতিক মাধ্যম, য’ত যিকোনো ৰাজ্যই বিনিয়োগ কৰি লাভৱান হ’ব পাৰে । ই মুহূৰ্তৰ ভিতৰতে হোটেলৰ কোঠাসমূহ গ্ৰাহকৰে ভৰাই তোলে, স্থানীয় ব্যৱসায়সমূহক সক্ৰিয় কৰে আৰু দক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি কৰে । অসমৰ সৈতে আমাৰ ৫ বছৰীয়া কৰ্মসূচী এই লক্ষ্যৰ ওপৰত ভিত্তি কৰিয়েই প্ৰস্তুত কৰা হৈছে— যাতে ৰাজ্যখনক বিশ্বমানৰ লাইভ অনুষ্ঠানৰ এক চিৰস্থায়ী গন্তব্যস্থান হিচাপে গঢ়ি তুলি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ পৰৱৰ্তী এক বৃহৎ মনোৰঞ্জন কৰিডৰ হিচাপে প্ৰতিষ্ঠা কৰিব পৰা যায় ।"

লগতে পঢ়ক : এইবাৰ গুৱাহাটীলৈ আহিব 'গানছ এন ৰ'জেছ'