মুক্তিৰ দিশে ৰহস্যজনক মৃত্যুৰ চিকাৰ হোৱা ত্বিশাৰ অন্তিমখন চিনেমা
দৃশ্যগ্ৰহণস্থলীৰ পৰা বহু ফটো শ্বেয়াৰ কৰিলে সহ-অভিনেতা আৰু কেশসজ্জা কৰা ব্যক্তিয়ে ৷ ছেটত কেনেকুৱা আছিল ত্বিশা শৰ্মা, সেই বিৱৰণেৰে তেওঁলোকে লিখিলে মনৰ কথা-

By ETV Bharat Entertainment Team
Published : May 27, 2026 at 1:58 PM IST
হায়দৰাবাদ: দেশ জোকাৰি যোৱা ত্বিশা শৰ্মাৰ মৃত্যুৰ ঘটনাই দৰাচলতে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷ সমাজত নাৰী সুৰক্ষাৰ বিষয়টোৱে সকলোকে আকৌ এবাৰ ভবাই তুলিছে ৷ শেহতীয়াকৈ খবৰ ওলাইছে যে শীঘ্ৰেই মুক্তি হ’ব ত্বিশাৰ অন্তিমখন চিনেমা ৷
চিনেমাখনৰ দৃশ্যগ্ৰহণস্থলীৰ পৰা বহু ফটো শ্বেয়াৰ কৰিছে সহ-অভিনেতা আৰু কেশসজ্জা কৰা ব্যক্তিগৰাকীয়ে ৷ ছেটত কেনেকুৱা আছিল ত্বিশা শৰ্মা, সেই কথাও তেওঁলোকে প্ৰকাশ কৰিছে ৷ দুখ প্ৰকাশ কৰিছে যে, যিখন ছবিক লৈ অতিকে আশাৰে বাট চাই আছিল ত্বিশাই, সেইখন নেদেখাকৈয়ে তেওঁ এই পৃথিৱীৰ পৰা আঁতৰি যাবলগীয়া হয় ।
অভিনেত্ৰী ত্বিশা শৰ্মাৰ মৃত্যুত চলচ্চিত্ৰ জগতৰ ঘনিষ্ঠ লোকসকলো স্তম্ভিত হৈ পৰিছে । উল্লেখ্য যে, ত্বিশাৰ শেষৰখন দক্ষিণ ভাৰতীয় ছবি অনাগত মাহত মুক্তি পাব । ত্বিশাৰ চূড়ান্ত ছবিখন সামৰিক পটভূমিত নিৰ্মাণ কৰা হৈছিল আৰু তেওঁ এই প্ৰকল্পটোক লৈ অতিশয় উৎসাহিত হৈ আছিল ।
তেলুগু অভিনেতা বিৰাজ চিলামে ত্বিশাৰ মৃত্যুত শোক প্ৰকাশ কৰি কয়, "মই ভবা নাছিলোঁ যে ত্বিশাই সেই ছবিখন নেদেখাকৈয়ে এই পৃথিৱী এৰি গুচি যাব, যিখন ছবিক লৈ তেওঁ অতিশয় উৎসাহিত হৈ আছিল ।"

ছবিখনক লৈ ত্বিশা কিয় উৎসাহিত হৈ আছিল
এই ছবিখন আছিল ত্বিশাৰ শেষৰখন বিগ বাজেটৰ দক্ষিণ ভাৰতীয় ছবি । তেলুগু অভিনেতা বিৰাজ চিলামে ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া, আৱেগিক পোষ্ট লিখি কয়, "ত্বিশাৰ মৃত্যুৰ খবৰ পাই মই স্তম্ভিত হৈছো । ত্বিশাই আমাৰ ছবিখনত কাম কৰিছিল । তেওঁৰ ভূমিকা আছিল ছবিখনৰ অন্যতম মূল চৰিত্ৰ, যিখন ছবি অতি সোনকালে মুক্তি পাব ।"

সেনাবাহিনীৰ পটভূমিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এই ছবিখনক লৈ ত্বিশা অতিশয় উৎসাহী হৈ আছিল যদিও ছবিখন চাবলৈ পোৱাৰ আগতেই তেওঁৰ মৃত্যু হোৱাটো অতি দুখৰ বিষয় । তেওঁ বৰ সাহসী আছিল । ডাঙৰ সপোন দেখা, নিজৰ কামৰ প্ৰতি আকৰ্ষিত এগৰাকী অতি ইতিবাচক আৰু কঠোৰ পৰিশ্ৰমী ছোৱালী আছিল । বিৰাজে কয়, "ত্বিশাৰ মাকে যেতিয়া মোক তেওঁৰ মৃত্যুৰ খবৰ দিয়ে, তেতিয়া মই বিশ্বাস কৰিব পৰা নাছিলোঁ ।"
অভিনেতা বিৰাজে কয়, ত্বিশাই বিখ্যাত হ’ব বিচাৰিছিল কিন্তু এনেকৈ নহয়
ছ’চিয়েল মিডিয়াত এক পোষ্টত অভিনেতা বিৰাজে কয়, “ত্বিশাই সদায় বিখ্যাত হ’ব বিচাৰিছিল, কিন্তু কোনেও কল্পনা কৰা নাছিল যে তেওঁ এইদৰে ভাৰতৰ চৰ্চাৰ বিষয় হৈ পৰিব ।” বিৰাজে লগতে কয়, "মই ব্যক্তিগতভাৱে ত্বিশাৰ ভাতৃ, পিতৃ-মাতৃ আৰু আত্মীয়ক চিনি পাওঁ । ত্বিশাই নিজৰ পৰিয়ালক বহুত ভাল পাইছিল । পৰিয়ালেই তেওঁৰ বাবে গুৰুত্বপূৰ্ণ আছিল । মই যিমানদূৰ চিনি পাওঁ, তেওঁ আছিল এগৰাকী সাহসী নাৰী । মোৰ বাবে বিশ্বাস কৰাটো কঠিন যে তেওঁ এনে পদক্ষেপ ল'ব ।"

"বিয়াৰ পাঁচ মাহৰ ভিতৰতে তেওঁ প্ৰাণ হেৰুৱালে । এই সত্য বৰ আমনিদায়ক । এই ঘটনাৰ আঁৰত আছে এক বৃহৎ ৰহস্য ।" বিৰাজে এই পোষ্টটোৰ সৈতে দৃশ্যগ্ৰহণৰ ফটোও শ্বেয়াৰ কৰিছে । তেওঁ লগতে লিখিছে যে, এই সকলোবোৰ ফটো ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত তোলা হৈছে । বিৰাজে লিখিছে, "ত্বিশাই ন্যায় পাব লাগে । তোমাক বহুত মিছ কৰা হ'ব ত্বিশা ।"
হেয়াৰ ষ্টাইলিষ্টে ক'লে- ত্বিশা প্ৰাণৱন্ত আছিল, আমি বহুত কথা পাতিছিলোঁ
ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত ত্বিশাৰ হেয়াৰ ষ্টাইলিষ্ট হিচাপে কাম কৰা নিশা পেটেলে ছ’চিয়েল মিডিয়াত ত্বিশাৰ মেকআপৰ সময়ৰ ফটো শ্বেয়াৰ কৰি লিখিছে, "মেকআপ আৰ্টিষ্ট হিচাপে আমি ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত বহু সময় একেলগে কটালোঁ । আমি বহুত কথা পাতিছিলোঁ । তেওঁ আছিল অতি প্ৰাণৱন্ত, এগৰাকী সপোন দেখা আৰু সকলোৰে প্ৰতি মমতাময়ী এগৰাকী নাৰী ।"

"ত্বিশাৰ বিষয়ে এইদৰে শুনিবলৈ পোৱাটো সঁচাকৈয়ে হৃদয় বিদাৰক কথা । যৌতুক বিচাৰি হাৰাশাস্তি হওক, মানসিক নিৰ্যাতন হওক, বিবাহৰ হেঁচাই হওক, সম্পৰ্কৰ অসুবিধাই হওক বা আন যিকোনো কাৰণেই নহওক কিয়, কোনো মহিলা কেতিয়াও যাতে ইমান ভাগৰি নপৰে যে, এনে কঠোৰ পদক্ষেপ লোৱাৰ কথা তেওঁলোকৰ মনলৈ আহক আৰু দেশৰ মানুহে তেওঁলোকক এইদৰে চিনি পাওক । এই গোচৰত ত্বিশা ন্যায়ৰ যোগ্য আৰু সম্পূৰ্ণ সত্য বিশ্বৰ আগত প্ৰকাশ কৰা উচিত ।"

