ETV Bharat / entertainment

ত্বিশা-দীপিকাৰ কৰুণ মৃত্যুৰ মাজতে ৰিদ্ধি ডোগ্ৰাৰ বাৰ্তা: বিবাহক লৈ সাধুকথাৰ দৰে অবাস্তৱ আশা কৰিবলৈ এৰক যুৱপ্ৰজন্মই

“কেৱল জীয়াই থাকিবলৈ ছোৱালীক এতিয়া বিয়াৰ প্ৰয়োজন নাই ৷” যৌতুক সম্পৰ্কীয় নিৰ্যাতনৰ ঘটনাৰ খবৰৰ মাজতে ৰিদ্ধি ডোগ্ৰাৰ আহ্বান ৷

Amid Twisha Sharma case: Ridhi Dogra urges young girls, boys to stop expecting fairytales
ত্বিশা-দীপিকাৰ কৰুণ মৃত্যুৰ মাজতে ৰিদ্ধি ডোগ্ৰাৰ বাৰ্তা (Photo : IANS/ ETV Bharat)
author img

By ETV Bharat Entertainment Team

Published : May 22, 2026 at 6:57 PM IST

5 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ত্বিশা শৰ্মাৰ মৃত্যুৰ ঘটনাৰ মাজতে অভিনেত্ৰী ৰিদ্ধি ডোগ্ৰাই ডেকা ল’ৰা-ছোৱালীসকলক ‘সাধুকথা’ৰ দৰে সম্পৰ্ক আশা কৰিবলৈ এৰিবলৈ আহ্বান জনাইছে । বৰ্তমান চৰ্চাত থকা ত্বিশা শৰ্মা আৰু দীপিকা নগৰৰ ঘটনাৰ প্ৰেক্ষাপটত অভিনেত্ৰী ৰিদ্ধি ডোগ্ৰাই আধুনিক সম্পৰ্ক, বিবাহ আৰু নাৰীবাদৰ বিষয়ে নিজৰ মনৰ ভাব ব্যক্ত কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছে । তেওঁ যুৱপ্ৰজন্মৰ ল’ৰা-ছোৱালীসকলক বিবাহৰ বিষয়টোক অতিৰিক্তভাৱে ৰোমাণ্টিক কৰি নোতোলাবলৈ আৰু বাস্তৱক এৰি ‘সাধুকথা’ৰ দৰে অবাস্তৱ জীৱন আশা নকৰিবলৈ অনুৰোধ জনাইছে ।

ৰিদ্ধি ডোগ্ৰাই তেওঁৰ পোষ্টটোৰ শিৰোনামত লিখিছে, “এই পৃথিৱীখন সলনি হৈছে । বিগত কেইটামান বছৰত বিয়াৰ পিছত ল’ৰা আৰু ছোৱালী উভয়ৰে সৈতে বহুতো মৰ্মান্তিক ঘটনা ঘটিছে.. আৰু সলনি হোৱা সামাজিক আৰু মানসিক পৰিস্থিতিসমূহ বুজি পাবলৈ আমাক কোনেও সঠিক দিশ দেখুওৱা নাই । গতিকে এতিয়া ইজনে সিজনক এইবোৰ কথা কোৱাটো আমাৰে দায়িত্ব ।”

ৰিদ্ধি ডোগ্ৰাই তেওঁৰ পোষ্টটোত উল্লেখ কৰিছে, “আজিকালি ছোৱালীয়ে চাকৰি কৰিব পাৰে, থাকিবলৈ নিজাকৈ ঠাই বিচাৰি ল’ব পাৰে, উপাৰ্জন কৰিব পাৰে আৰু সমাজত শান্তিপূৰ্ণভাৱে জীয়াই থাকিব পাৰে । গতিকে তেওঁলোকে আপোনাৰ পিছে পিছে ঘূৰি ফুৰাৰ বা আপোনাৰ আদেশ পালন কৰাৰ কোনো প্ৰয়োজন নাই । কেৱল জীয়াই থকাৰ বাবে ছোৱালীক এতিয়া বিবাহৰ প্ৰয়োজন নাই । সংগ সংগী হিচাপে লাগে হয়, কিন্তু নিৰ্ভৰশীল হ’বলৈ নহয় । আনকি তেওঁলোকে মৰমৰ খাটিৰত তেনে কৰিবলৈ বিচাৰিলেও... তেওঁলোকৰ নিজস্ব ব্যক্তিত্বই তেওঁলোকক বাৰে বাৰে সজাগ কৰি তুলিব ।” অভিনেত্ৰীগৰাকীয়ে লগতে যোগ কৰে, “পৃথিৱীখন সলনি হোৱাৰ বাবে তেওঁলোক হতাশ হৈ পৰিব ।”

ৰিদ্ধিয়ে ছোৱালীসকলক আহ্বান জনাইছে যে তেওঁলোকে যেন নিজৰ প্ৰেমিকজনক ‘ৰাজকুমাৰ’ বুলি ভাবি অবাস্তৱ আশা বুকুত বান্ধি নলয় । ইয়াৰ কাৰণ দৰ্শাই ৰিদ্ধিয়ে লিখিছে, “আৰু ছোৱালীসকল-অনুগ্ৰহ কৰি বিয়াৰ পিছত আপোনালোকৰ প্ৰেমিকজন এজন ‘ৰাজকুমাৰ’ (Mr. Prince Charming) হৈ পৰিব বুলি আশা নকৰিব । তেওঁলোকো মানুহ আৰু তেওঁলোকেও এই নতুন পৃথিৱীখন বুজি পাবলৈ চেষ্টা কৰি আছে । তেওঁলোকৰ বাবে এই পৰিৱৰ্তন অধিক নতুন, কাৰণ তেওঁলোকে সৰুৰে পৰা পুৰুষসকলক পুৰণি পৰম্পৰাগত ৰূপতে দেখি আহিছে ।”

ৰিদ্ধিয়ে লগতে যোগ কৰিছে, “আৰু অনুগ্ৰহ কৰি আপোনালোকৰ বৈবাহিক জীৱনৰ পৰা পিতৃ-মাতৃক আঁতৰাই ৰাখক । যদি আপুনি আনক অন্তৰ্ভুক্ত নকৰাকৈ জীৱনটো জীয়াই থাকিব নোৱাৰে, তেন্তে সেয়া এক ভিৰ হৈ পৰে । বিবাহ হৈছে মাত্ৰ দুজন ব্যক্তিৰ মাজৰ এক সন্মানজনক মিলন, তাতকৈ বেছি কাৰো নহয় ।”

ইয়াৰ পিছত ৰিদ্ধিয়ে নাৰীবাদৰ (Feminism) ওপৰত নিজৰ মত প্ৰকাশ কৰি লিখিছে, “প্ৰকৃত নাৰীবাদ হৈছে কেৱল সমতা । তাতকৈ বেছিও নহয় আৰু কমো নহয় ।” তেওঁ কয়, “মই যেতিয়া ছোৱালীৰ হৈ কথা কওঁ, তেতিয়া মই ল’ৰাৰ হৈও কথা কওঁ । মই যেতিয়া মানসিক স্বাস্থ্যৰ (Mental Health) সপক্ষে যুক্তি দিওঁ, সেয়া উভয় লিংগৰ বাবেই হয় ।”

নাৰীবাদ পুৰুষ বিৰোধী নহয়

নাৰীবাদ কেতিয়াও পুৰুষক তললৈ নমাই অনাৰ বাবে নাছিল । আৰম্ভণিতে এই আন্দোলনটো যথেষ্ট হুলস্থূলীয়া আছিল, কাৰণ প্ৰতিটো বিপ্লৱৰ আৰম্ভণি এনেদৰেই হয় । ৰিদ্ধিয়ে আগলৈ লিখিছে, “কিন্তু আজিৰ দিনত পৰিস্থিতি তেনে নহয় । বৰ্তমান সময়ত মহিলাসকলৰ বাবে যথেষ্ট সুযোগ আছে । সময় সলনি হৈছে । অতীতত প্ৰতিগৰাকী মহিলাই যি অধিকাৰৰ বাবে যুঁজ দিছিল, সেইয়া এতিয়া বাস্তৱত ৰূপায়িত হৈছে । আমি কেতিয়াও পাহৰি যোৱা উচিত নহয় যে— আমি শিৱ আৰু শক্তিৰ দেশৰ হয় । দুয়ো সদায় একেলগে থাকে ।”

ৰিদ্ধিয়ে তেওঁৰ পোষ্টটোৰ সামৰণি মাৰি লিখিছে, “আৰু ই কেৱল তেতিয়াহে সম্ভৱ হ’ব... যেতিয়া আপোনাৰ নিজৰ লগতে আনজনৰ প্ৰতিও মৰম আৰু সন্মান থাকিব । গতিকে উভয়ৰে বাবে সমানভাৱে মৰ্যাদা আৰু সন্মান বজাই ৰাখক ।”

যৌতুক নিৰ্যাতনৰ ঘটনা

উল্লেখ্য যে, ত্বিশা শৰ্মাক বিগত ১২ মে’ত ভূপালত থকা তেওঁৰ স্বামীৰ গৃহত ৰহস্যজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল । তেওঁৰ পৰিয়ালে স্বামী সমৰ্থ সিং আৰু শাহুৱেকৰ বিৰুদ্ধে যৌতুকৰ বাবে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে ৷ এইমছ ভূপালত (AIIMS Bhopal) কৰা মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টত প্ৰকাশ পাইছে যে এয়া এক আত্মহত্যাৰ ঘটনা আছিল ।

ত্বিশা শৰ্মাৰ এই মৃত্যুৰ ঘটনাই সমগ্ৰ দেশতে তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে । লগতে যৌতুক নিৰ্যাতনৰ অভিযোগক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।এই কৰুণ ঘটনাটোৰ পিছতে বিভিন্ন মহলৰ পৰা সমগ্ৰ বিষয়টোৰ এক নিৰপেক্ষ তদন্ত কৰিবলৈ তীব্ৰ দাবী উত্থাপন হৈছে ।

আনহাতে ২৪ বছৰীয়া দীপিকা নগৰ নামৰ মহিলাগৰাকীয়ে প্ৰতিদিনে অতিৰিক্ত যৌতুকৰ দাবীৰ বাবে হোৱা নিৰ্যাতন আৰু মানসিক যন্ত্ৰণা সহ্য কৰিব নোৱাৰি নিজৰ স্বামীৰ গৃহৰ চাঁদৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল । আত্মহত্যাৰ পিছতে তেওঁৰ পৰিয়ালৰ লোকসকলে শাহু-শহুৰেকৰ ঘৰৰ বিৰুদ্ধে যৌতুক নিৰ্যাতন আৰু অত্যাচাৰৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে । পৰিয়ালৰ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে ।

লগতে পঢ়ক : কিয় আজিও অবিবাহিত ছলমান খান ? পিতৃ চেলিম খানে প্ৰকাশ কৰিলে আচল কাৰণ