ETV Bharat / entertainment

জুবিন-জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য: এটা ব্য়তিক্ৰমী অনুষ্ঠানৰ প্ৰস্তুতি পূৰ্ণগতিত

১৯ নৱেম্বৰত চান্দমাৰীৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত কণ্ঠশিল্পী অসমৰ উদ্যোগত আয়োজন কৰা হ’ব "জুবিন-জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য" অনুষ্ঠান ।

tribute to Zubeen Garg On 19th November More than 200 singers and 80 musicians will be coming together to perform his songs in guwahati
জুবিন গাৰ্গ (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : November 12, 2025 at 3:11 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সুঁৱৰি ৰাজ্যৰ কণ্ঠশিল্পীসকলে আয়োজন কৰিব "জুবিন-জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য" অনুষ্ঠানৰ । আগন্তুক ১৯ নৱেম্বৰত চান্দমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত কণ্ঠশিল্পী অসমৰ উদ্যোগত আয়োজন কৰা হ’ব এই বিশেষ অনুষ্ঠানৰ ।

প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই ২০০ গৰাকীতকৈও অধিক কণ্ঠশিল্পীয়ে পৰিৱেশন কৰিব শিল্পীগৰাকীয়ে কণ্ঠদান কৰা ভক্তিমূলক গীত, আধুনিক গীত, লোকসংগীত, জনজাতীয় গীতকে ধৰি প্ৰায় ২১ টা গীত । যাৰ বাবে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত এতিয়া পূৰ্ণগতিত আখৰা চলি আছে ।

"জুবিন-জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য" ৰ চূড়ান্ত প্ৰস্তুতি (ETV Bharat Assam)

জ্যোতি চিত্ৰবনৰ আখৰাস্থলীৰ পৰা উক্ত অনুষ্ঠান সন্দৰ্ভত কণ্ঠশিল্পী ৰূপম ভূঞাই কয়, “১৯ নৱেম্বৰত কণ্ঠশিল্পী অসমৰ উদ্যোগত জুবিন দাৰ শ্রদ্ধাঞ্জলিৰ বাবে যিটো অনুষ্ঠান অনুষ্ঠিত হ’বলৈ গৈ আছে, তাৰে আজি আখৰা চলি আছে । যোৱা ৮ নৱেম্বৰৰ পৰা ৬ দিনীয়াকৈ আখৰা চলি আছে । প্ৰায়ভাগ গীতেই দলীয়ভাৱে পৰিৱেশন কৰা হ’ব । প্ৰায় ৮০ গৰাকী বাদ্যযন্ত্রীয়ে বেলেগ বেলেগ গ্রুপত বাদ্যযন্ত্ৰ সংগত কৰিছে । সেইখিনিত অকণমান কষ্ট হৈছিল যদিও, কণ্ঠশিল্পীসকলে যিহেতু নিজেই পতা অনুষ্ঠান সেয়ে সকলোৱে খুব সুন্দৰকৈ সহযোগ কৰিছে । এই অনুষ্ঠানটোত প্ৰায় ২১ টামান গীত পৰিৱেশন কৰা হ’ব । এই অনুষ্ঠানটোৰ গীতসমূহ সজাবৰ বাবে দিগন্ত ভাৰতী, পলাশ সূৰ্য্য গগৈ, পাপু গগৈকে ধৰি প্ৰায় ১০ গৰাকীমান সংগীত পৰিচালকক দায়িত্ব দিয়া হৈছে ।”

tribute to Zubeen
প্ৰস্তুতি পূৰ্ণগতিত (Photo : ETV Bharat Assam)

লগতে তেওঁ কয়, “সৌৰভ মহন্তই বৰগীতটো কৰিছে, অৰূপ জ্যোতি বৰুৱাই জনজাতীয় গীতসমূহ কৰিছে, বিমান বৰুৱাই বিহুটো কৰিছে, টোকাৰী গীতটো ভদ্ৰকান্ত দাসে কৰিছে । এইদৰেই প্ৰতিগৰাকী সংগীতশিল্পীয়ে নিজৰ নিজৰ কামবোৰ কৰিছে ।”

tribute to Zubeen
জ্যোতি চিত্ৰবনত চলি আছে আখৰা (Photo : ETV Bharat Assam)

আনহাতে কণ্ঠশিল্পী অৰূপ জ্যোতি বৰুৱাই কয়, “প্ৰথম কথা জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাব লগা হোৱাটোৱে আমাৰ বাবে দুৰ্ভাগ্যৰ কথা । এই অনুষ্ঠানটোৰ জৰিয়তে সকলোবোৰ সংগীত শিল্পী আহি একেখন মঞ্চতে লগ হৈছে । তেওঁৰ যিখিনি সৃষ্টি, তেওঁৰ যিমানখিনি লোকগীত, আধুনিক গীত সকলোবোৰ লৈ এটা অনুষ্ঠান । মই জনজাতীয় গীতখিনিৰ লগত জড়িত হৈ আছোঁ । তেওঁ জনজাতীয় গীত যথেষ্ট গাইছে, যিমানখিনি পাৰো অসমীয়া জনজাতীয় সংগীতখিনিয়ে ৰাখিবলৈ চেষ্টা কৰিছো । বড়ো, ৰাভা, কাৰ্বি আদিকে ধৰি জনজাতীয় গীতসমূহ লৈ ১০ মিনিটমানৰ এটা অনুষ্ঠান কৰিবলৈ চেষ্টা কৰিছোঁ ।”

tribute to Zubeen
কণ্ঠশিল্পী অসমৰ উদ্যোগত আয়োজন কৰা হ’ব "জুবিন-জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য" অনুষ্ঠান (Photo : ETV Bharat Assam)

বৰুৱাই লগতে কয়, “তেওঁৰ যিটো বৰ অসমৰ চিন্তা আছিল, আমি সেইটো বহুত পলমকৈ বুজি পালো ৷ তেওঁ আঁতৰি যোৱাৰ পাছত আমি দায়বদ্ধ যে যিকোনো প্ৰকাৰে যাতে তেওঁ বিচৰা সেই বৰ অসমখন সাংগীতিকভাৱে আমি ৰাখিব পাৰো, সেই বস্তুখিনি এই গীতটিত দেখা পোৱা যাব ।”

tribute to Zubeen
কণ্ঠশিল্পী অসমৰ উদ্যোগত আয়োজন কৰা হ’ব "জুবিন-জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য" অনুষ্ঠান (Photo : ETV Bharat Assam)

উল্লেখ্য যে, জুবিন গাৰ্গৰ সৃষ্টিৰাজি চিৰদিনলৈ জীয়াই ৰখাৰ উদ্দেশ্যে অনুষ্ঠিত এই অনুষ্ঠানত ২০২৫ বর্ষত হেৰাই যোৱা প্ৰতিগৰাকী শিল্পীকেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব ।

লগতে পঢ়ক : জাতিংগা মহোৎসৱ, শ্বানৰ কণ্ঠত জুবিনৰ মায়া মাথো মায়া