কেইবাটাও দিশৰ পৰাই বিশেষ আহিবলগীয়া ছবি 'অগ্নিবাণ', ৬ ফেব্ৰুৱাৰীত শুভমুক্তি
জুবিন গাৰ্গৰ শেষ কণ্ঠ, কুলদা কুমাৰ ভট্টাচাৰ্যৰ শেষ অভিনয়ৰ ছবি ৬ ফেব্ৰুৱাৰীত শুভমুক্তি পাব ৰাজ্য ছবিগৃহত । 'অগ্নিবাণ'ৰ ট্ৰেইলৰ, টিজাৰ আৰু গীত প্ৰদৰ্শন যোৰহাটত ।

Published : January 28, 2026 at 9:07 PM IST
যোৰহাট: 'শ্ৰী ৰঘুপতি'ৰ অপাৰ সফলতাৰ পাছত মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ বেনাৰত ৰাজ্যৰ ছবিগৃহলৈ আহিব আন এখন ব্যয়বহুল বাণিজ্যিক ছবি । যিখন ছবিৰ আছে কেইবাটাও বিশেষত্ব । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কণ্ঠৰ গীতত শেষবাৰৰ বাবে ছবিখনত অভিনয় কৰিব অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই । চুপাৰষ্টাৰ ৰবি শৰ্মাক দেখা যাব অনন্য ৰূপত, ব্যতিক্ৰমী অভিনয়ৰে দৰ্শকৰ সন্মুখলৈ আহিব কমল লোচন, থাকিব প্ৰীতি কংকনাৰো অনন্য অভিনয় ।
চলিত বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত মুক্তিলাভ কৰিব মৃণ্ময় শইকীয়া পৰিচালনাৰে, শৈলেন কুমাৰ শৰ্মাৰ প্ৰযোজনাত 'অগ্নিবাণ' নামৰ বহু প্ৰত্যাশিত ছবিখনে । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু প্ৰীতি কংকনাই । বুধবাৰে 'অগ্নিবাণ'ৰ টীমে যোৰহাট মালৌপথাৰত অৱস্থিত দিল্লী প্লাবিক স্কুলত সহস্ৰাধিক লোকৰ সন্মুখত প্ৰদৰ্শন কৰা হয় ছবিখনৰ ট্ৰেইলাৰ আৰু জুবিন গাৰ্গৰ শেষৰটো গান ।
এই অনুষ্ঠানত অংশগ্ৰহণ কৰি যতীন বৰাই কয়, "অগ্নিবাণৰ মূল বিষয়-বস্তু উত্তৰ-পূবৰ সমস্যাসমূহক লৈ । ৬ ফেব্ৰুৱাৰীত ৰাজ্য ছবিগৃহত নৱপ্ৰজন্ম এটা টীমৰ সামগ্ৰিক প্ৰচেষ্টা ফচল 'অগ্নিবাণ'ৰ শুভমুক্তি দিয়া হ'ব । মোৰ কাৰণে এটা বস্তু খুব দুখ লগা কথা 'হিয়া দিয়া নিয়া'ৰ পৰাই জুবিন গাৰ্গ আৰু মই যাত্ৰা আৰম্ভ কৰিছিলো, 'অগ্নিবাণ'ত জুবিনৰ কন্ঠত আৰু মোৰ লিপচত এইটোৱেই হ'ব শেষৰটো গান ।"
তেওঁ লগতে কয়, "এই ছবিখনৰ শ্বুটিঙৰ সময়ত এই গানটোত লিপচ দিবলৈ মোৰ বৰ কষ্ট হৈছিল আৰু বহু কথা মনত পৰিছিল, সেই সময়ত মোক গৰিমা গাৰ্গ আৰু মোৰ টীমে বহুত সাহস দিছিল । জুবিনে এটা কথা কৈছিল শেষ মানেই সকলো শেষ নহয়, তাৰ পৰাই আৰম্ভ হয় । সেই সাহসখিনি লৈ জুবিন আৰু মোৰ শেষৰ গানটো ৰাইজৰ মাজত দেখুৱাইছো । এই ছবিখনত মোৰ অভিনয় আগৰ ছবিসমূহত কৰা অভিনয়তকৈ পৃথক । এই ছবিখনত চিনিয়ৰ অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্য ছাৰৰো অভিনয় আছে ।"

অগ্নিবাণৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী প্ৰীতি কংকনাই কয়, "এই ছবিখন নৱপ্ৰজন্মৰ এটা টীমক লৈ কৰা হৈছে । নাৰী মানে চকুলো টোকা নাৰী নহয়, আজি নাৰী স্বাভিমানী তথা সুস্থ, সৱল আৰু সাহসী । মোৰ চৰিত্ৰটো চালে মহিলাসকলে সন্মুখীন হৈ থকা এটা হেঁচা পৰা ওলাই আহিব পাৰিব ।"
উল্লেখ্য যে, ছবিখনৰ বিষয়বস্তু তথা কাহিনী শৈলেন কুমাৰ শৰ্মাৰ । সহঃ প্ৰযোজক হিচাপে আছে ময়ূৰাক্ষী শৰ্মা । এই ছবিখনত যতীন বৰাৰ লগতে অভিনয় কৰিছে প্ৰীতিকংকনা, কুলদা কুমাৰ ভট্টাচাৰ্য, কমল লোচন, ৰবি শৰ্মা, কংকনা চক্ৰৱৰ্তী, হিমাংশু প্ৰসাদ দাস, ববিতা শৰ্মা আদিকে ধৰি বহুকেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

মন কৰিবলগীয়া যে, এই ছবিখনেই আছিল বিশিষ্ট অভিনেতা প্ৰয়াত কুলদা কুমাৰ ভট্টাচাৰ্যৰ শেষৰখন ছবি । ছবিখনত মূল খলনায়কৰ চৰিত্ৰত দেখা যাব অভিনেতাগৰাকীক ।

