'মানুহৰ গান', ড৹ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰে এক অনন্য প্ৰয়াস
ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে নিৰ্মাণ কৰিছে 'মানুহৰ গান' শীৰ্ষক তথ্যচিত্ৰ । গুৱাহাটী প্ৰেছ ক্লাৱত তথ্যচিত্ৰখনৰ ট্ৰেইলাৰ আৰু প'ষ্টাৰ মুকলি কৰা হয়...

Published : August 22, 2026 at 7:43 PM IST
গুৱাহাটী: সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ বিশালতাক অসম আৰু বংগৰ লগতে বিশ্ববাসীৰ মাজত উপস্থাপন কৰাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে । অনাগত ছেপ্টেম্বৰ মাহত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে প্ৰস্তুতি চলি থকাৰ মাজতে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে সুধাকণ্ঠক লৈ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে ।
বৰপূজাৰীয়ে 'মানুহৰ গান'(The Hum of Humanity) শীৰ্ষক তথ্যচিত্ৰ নিৰ্মাণ কৰি উলিয়াইছে । ৮২ মিনিটৰ তথ্যচিত্ৰখনত ড৹ ভূপেন হাজৰিকাৰ বহু গীতে কিদৰে সামাজিক বৈষম্য তথা অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ উপৰিও সামাজিক আৰু ঐতিহাসিক পৰিঘটনাৰ বুৰঞ্জী লিখিছিল, তাৰ বিশ্লেষণ কৰাৰ প্ৰচেষ্টা কৰা হৈছে ।
শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত তথ্যচিত্ৰখনৰ ট্ৰেইলাৰ আৰু প'ষ্টাৰ মুকলি কৰা হয় । ট্ৰেইলাৰ আৰু প'ষ্টাৰ মুকলি কৰে ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সভাপতি আৰু বিশিষ্ট গায়িকা মনিষা হাজৰিকাই ।
এই তথ্যচিত্ৰখনৰ প্ৰসংগত উৎপল বৰপূজাৰীয়ে কয়, "মানৱতাবাদী ড৹ হাজৰিকাৰ প্ৰতি এয়া আমাৰ শ্ৰদ্ধাঞ্জলি । প্ৰেমৰ পৰা আৰম্ভ কৰি অসমৰ ঋতুসমূহ উদযাপন কৰা গীতলৈকে তেওঁ বহু বিষয়ে গীত লিখিছিল আৰু গাইছিল, কিন্তু তেওঁ সচেতনভাৱে গোটেই জীৱন যি সামাজিক দায়বদ্ধতা অনুশীলন কৰিছিল, সি তেওঁক ভাৰতৰ ভিতৰতে এগৰাকী সৰ্বকালৰ গুৰুত্বপূৰ্ণ শিল্পী হিচাপে স্থান দিছে ।"
উল্লেখ্য যে, 92x26 ফিল্মছৰ বেনাৰত ডলী বৰপূজাৰী, প্ৰভাত চন্দ্ৰ বৰপূজাৰী আৰু অভিজিৎ ভূঞাই প্ৰযোজনা কৰা 'মানুহৰ গান' খন সম্পূৰ্ণ হ'বলৈ আঠ বছৰ সময়ৰ প্ৰয়োজন হৈছিল । কাৰণ ক'ভিদ মহামাৰীৰ সময়ত আৰু পিছত পুঁজিৰ সমস্যাৰ সন্মুখীন হৈছিল বুলি তেওঁ সদৰী কৰে ।
তথ্যচিত্ৰখনত 'ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ'-ৰ লেখক প্ৰয়াত দিলীপ কুমাৰ দত্ত, সুধাকণ্ঠৰ ভগ্নী সুদক্ষিণা শৰ্মা আৰু ভতিজা প্ৰয়াত হৃষিৰাজ শৰ্মা, ঘণিষ্ঠ সহযোগী প্ৰয়াত ৰত্ন ওজা, ড৹ হাজৰিকাৰ দীৰ্ঘকালৰ সহযোগী সংগীতজ্ঞ কমল কটকী আৰু ৰূপম তালুকদাৰৰ দৰে বিশিষ্ট ব্যক্তি দেখা যাব ।
লগতে আছে গায়ক-লেখক লোকনাথ গোস্বামী, গায়ক নয়ন অসম কলিয়াবৰীয়া, আশা শৰ্মা কটকী, বিপুল কাথাৰ, ৰঞ্জন কুমাৰ দত্ত, বিশিষ্ট সাংবাদিক-লেখক ড৹ সমুদ্ৰ গুপ্ত কাশ্যপ আদি কেইবাগৰাকীকো ।
বকোৰ মানিক চন্দ্ৰ বৰদলৈ আৰু উত্তৰ লখিমপুৰৰ সমীপৰ ধলপুৰ গাঁৱৰ মোলান গগৈৰ দৰে তৃণমূল কণ্ঠশিল্পীৰ লগতে শিৱসাগৰৰ শিশু গায়ক চাওখুন গগৈয়েও তথ্যচিত্ৰখনত সহযোগ কৰিছে ।
ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে চিদা বৰাই, সহযোগী পৰিচালক-সম্পাদক হিচাপে আছে প্ৰয়াত ভাস্কৰ জ্যোতি দাস, সম্পাদক দিগন্ত বৰা, শব্দগ্ৰহণ দেবাজিৎ গায়ন, সহকাৰী পৰিচালক উদয় বাস্কৰ পাটাৰ, সমুদ্ৰ কাজল শইকীয়াই তথ্যচিত্ৰখনৰ প'ষ্টাৰ ডিজাইন কৰিছে ।

