ETV Bharat / entertainment

উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চলচ্চিত্ৰ মহোৎসৱ, ভিলেজ ৰকষ্টাৰ্ছ ২-ৰ ট্ৰেইলাৰ মুকলি

এদিনীয়া কাৰ্যসূচীৰে জ্যোতিচিত্ৰবনত অনুষ্ঠিত উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চলচ্চিত্ৰ মহোৎসৱৰ তৃতীয় সংস্কৰণ ।

NIDFF
উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চলচ্চিত্ৰ মহোৎসৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 14, 2025 at 4:37 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : ''চিনেমা বনাবলৈ এতিয়াৰ সময়ত বহুতো সুবিধা হৈছে । আজিকালি মোবাইলতো চিনেমা বনাব পাৰি । কিন্তু চিনেমা বনোৱাৰ পিছত আমাক এখন প্লেটফৰ্ম লাগে, যত চিনেমা বিলাক প্ৰদৰ্শিত কৰিব পাৰি ।'' এই মন্তব্য পৰিচালক ৰীমা দাসৰ ।

উল্লেখ্য় যে, গুৱাহাটী মহানগৰীৰ জ্যোতিচিত্ৰবনৰ কলাগুৰু প্ৰেক্ষাগৃহত শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চলচ্চিত্ৰ মহোৎসৱৰ তৃতীয় সংস্কৰণ । অনুষ্ঠানৰ লগত সংগতি দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় বিভিন্ন অনুষ্ঠান ।

এই অনুষ্ঠানত উপস্থিত থাকে ৰীমা দাস । এই অনুষ্ঠানতে মুকলি কৰা হয় আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন পৰিচালক ৰীমা দাসৰ "ভিলেজ ৰকষ্টাৰ্ছ ২" ট্ৰেইলাৰ । ট্ৰেইলাটো মুকলি অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী মহানগৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথী মহন্ত; অভিনেতা ৰবি শৰ্মা; অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সূৰ্য হাজৰিকাকে প্ৰমুখ্য কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ।

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)

দাসে কয়, ''আজি উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হোৱা ভাল লাগিছে । লগতে কেইবছৰ মানৰ বাবে ব্ৰহ্মপুত্ৰ চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছিল যদিও সেইটো এতিয়া বন্ধ হৈ আছে । যদিহে ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ চলচ্চিত্ৰ মহোৎসৱটো পুনৰ আৰম্ভ কৰা হয়, তেন্তে ভাল হ'ব । তেতিয়া এনে চলচ্চিত্ৰ মহোৎসৱৰ পৰা বহুত কথা শিকিব পৰাৰ উপৰিও এখন প্লেটফৰ্ম পোৱা যাব ।''

উল্লেখ্য যে, উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চলচ্চিত্ৰ মহোৎসৱৰ তৃতীয় সংস্কৰণ তিনি দিনিয়াকৈ অনুষ্ঠিত কৰাৰ কথা আছিল । য'ত ১৫ খন দেশৰ মুঠ ১৬৫ খন ছবিয়ে প্ৰদৰ্শন কৰা কথা আছিল । ইয়াৰে বাছনি কৰি ৮ খন প্ৰদৰ্শনী কৰা হয় মহোৎসৱত । এখন তথ্যচিত্ৰৰ ওপৰত এখন গ্ৰন্থও উন্মোচন কৰা হয় ।

এই বছৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছতে সাংস্কৃতিক দিশটোত পৰা শোকৰ ছাঁ পৰে । যাৰ বাবে এদিনীয়াকৈ মহোৎসৱখন অনুষ্ঠিত কৰা হয় । এই কথা জানিবলৈ দিয়ে মহোৎসৱখনৰ উদ্যোক্তা পংকজ দত্তই ।

এদিনীয়াকৈ আয়োজন কৰা এই মহোৎসৱৰ পুৱাৰ ভাগত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে জুবিন-ভূপেন শীৰ্ষক এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় । য'ত প্ৰথম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ বিষয়ত কুইজ অনুষ্ঠিত হয় । এই মুকলি কুইজ প্ৰতিযোগিতা অংশ লয় অসমৰ ভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক প্ৰতিযোগীয়ে ।

লগতে পঢ়ক : 'জুবিন গাৰ্গক শ্যামকানুৱে ব্লেকমেইলিং কৰি লৈ গৈছিল ছিংগাপুৰলৈ'এই দাবীৰে যতীন বৰাই বিচাৰিলে দোষীৰ কঠোৰ শাস্তি

লগতে পঢ়ক : জুবিন গাৰ্গ হত্যা তদন্তৰ SIT ৰ চাৰ্জশ্বীটক লৈ মুঠেও সন্তুষ্ট নহয় অভিনেতা ৰবি শৰ্মা