জীৱন ঘড়ীৰ প্ৰতিটো পল, যেন গলি গলি গ'ল... গাবলৈ আৰু নাই সুমন কল্যাণপুৰ
বহু কালজয়ী গীতেৰে অসমীয়া সংগীত জগতত খলখনি তোলা সুমন কল্যাণপুৰৰ মৃত্যু ৷

Published : June 1, 2026 at 2:34 PM IST
হায়দৰাবাদ: 'আকাশৰে নীলাই পৃথিৱী সাবটে, জোনাকে সাবটে সাগৰ, ফুলে ফুলে আজি সাবটা সাবটি...৷' নব্বৈ দশকত ৰেডিঅ'টো পকাই দিলেই ভাহি আহিছিল এই গীতটি ৷ অসমীয়াৰ প্ৰাণে প্ৰাণে আলোড়নৰ সৃষ্টি কৰা সেই সময়ৰ আৰু যে কত সুমধুৰ গীত ! 'জীৱন ঘড়ীৰ প্ৰতিটো পল, যেন গলি গলি গ'ল...৷' কোন অসমীয়াই পাহৰিব পাৰে এই কালজয়ী গীতসমূহ ৷
বহু কালজয়ী অসমীয়া গীতত কণ্ঠদান কৰা ভাৰতীয় সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ পদ্মভূষণ বঁটা বিজয়ী সুমন কল্যাণপুৰ আৰু নাই ৷ ৮৯ বছৰ বয়সত সকলোকে কন্দুৱাই দেওবাৰে ইহ-সংসাৰ ত্যাগ কৰে সুমন কল্যাণপুৰে ৷ হিন্দী, মাৰাঠী, বাংলা, ওড়িয়াৰ লগতে অসমীয়া ভাষাত কণ্ঠদান কৰা সুমন কল্যাণপুৰৰ মৃত্যুত শোকাহত সংগীত জগত ৷
১৯৬৪ চনত মুক্তি পোৱা অসমীয়া বোলছবি 'প্ৰতিধ্বনি' ত 'অয় অয় আকাশ শুব' গীতটিত কণ্ঠদানেৰে অসমীয়া সংগীত জগত প্ৰৱেশ কৰিছিল সুমন কল্যাণপুৰে ৷ সংগীত সূৰ্য ডঃ ভূপেন হাজৰিকাৰ কথা, সুৰেৰে এই গীতটোৱে ৬০ দশকত খুবেই জনপ্ৰিয়তা লাভ কৰিছিল ৷ তাৰ পিছত আৰু থমকি ৰ'ব লগা হোৱা নাছিল সুমনে ৷ ইটোৰ পিছত সিটো জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল সুমন কল্যাণপুৰে ৷
১৯৬৯চনত মুক্তি পোৱা 'চিকমিক বিজুলী' নামৰ অসমীয়া বোলছবিখনত ভূপেন হাজৰিকাৰ কথা, সুৰ, সংগীত পৰিচালনাৰে 'মিলনৰে এই শুভক্ষণ' গীতেৰে ভূপেন-সুমনৰ যুটিক ৰাইজে আদৰি লৈছিল ৷ একেদৰে 'পোনাকণ' ছবিত 'ফুল ভৰা ফুলনিত কি যে মিঠা হাঁহি...' আৰু "আকাশৰে নীলাই পৃথিৱী সাবটে,জোনাকে সাবটে সাগৰ, ফুলে ফুলে আজি সাবটা সাবটি..." শীৰ্ষক গীতেৰে অসমীয়া সংগীত জগতত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ ৷
তাৰ পিছত ১৯৭৫ চনত মুক্তি লাভ কৰা 'কাঁচঘৰ' নামৰ অসমীয়া বোলছবিত সংগীত সূৰ্য ভূপেন হাজৰিকাৰ গীতৰ কথা "জীৱন ঘড়ীৰ প্ৰতিটো প'ল..." শীৰ্ষক গীতত কণ্ঠদান কৰিছিল সুমন কল্যানপুৰে ৷ পৰৱৰ্তী সময়ত "অ’ নয়নমণি... !" শীৰ্ষক গীতত কণ্ঠদানেৰে অসমীয়া সংগীত জগতত খুবেই জনপ্ৰিয় হৈ পৰিছিল সুমন কল্যাণপুৰ ৷ কিন্তু সময় যিমানে বাগৰিল সিমানে অসমীয়া সংগীত জগতৰ পৰা ক্ৰমান্বয়ে যেন আঁতৰি আহিল সুমন কল্যানপুৰ ৷
আনহাতে সুমন কল্যানপুৰে হিন্দী ভাষাত কণ্ঠদান কৰা অতি জনপ্ৰিয় গীতসমূহৰ ভিতৰত আছে ইউ হি দিল নে চাহা থা (দিল হি তো হায়, ১৯৬৩), মেৰে মেহবুব না জা (নূৰমহল, ১৯৬৫), ছাৰবী ছাৰবী য়েহ সাৱন কা মৌসম (নূৰজেহান, ১৯৬৭), আপনে পিয়া কি মই তো বানি ৰে জোগনিয়া (কান কান মেইন ভগৱান, ১৯৬৫),ছোডো ছোডো মৰি বৈয়ান (মিয়ান বিৱি ৰাজী, ১৯৬০), বাত এক ৰাত কি (১৯৬২) আদি ৷
লগতে পঢ়ক:জুবিন গাৰ্গৰ সপোন বাস্তৱ হওক: ৰাজেশ ভূঞা

