ETV Bharat / entertainment

ভয় আৰু মৰমৰ মাজত পপ সম্ৰাট: কেনেকৈ পিতৃৰ কঠোৰ অনুশাসনে মাইকেলক গঢ়িছিল আৰু ভাঙিছিল ?

মুক্তিৰ পথত মাইকেল জেকছনৰ বায়’পিক: চিনেমাৰ পৰ্দাত পুনৰ জীৱন্ত হৈ উঠিব পিতৃ-পুত্ৰৰ সেই জটিল সম্পৰ্ক ৷

Michael Jackson's complicated relationship with his father Joe Jackson.
পপ সম্ৰাট (Photo : Film Poster)
author img

By ETV Bharat Entertainment Team

Published : April 22, 2026 at 3:18 PM IST

7 Min Read
Choose ETV Bharat

হায়দৰাবাদ : মাইকেল জেকছনৰ বায়’পিক 'Michael' ছবিখন মুক্তি দিয়াৰ প্ৰস্তুতি চলি থকাৰ সময়তে তেওঁৰ জীৱনৰ আটাইতকৈ চৰ্চিত বিষয়— পিতৃ জো জেকছনৰ সৈতে থকা জটিল সম্পৰ্কটো পুনৰ চৰ্চালৈ আহিছে ।

মাইকেল জেকছন আৰু তেওঁৰ পিতৃ: এক জটিল সম্পৰ্ক

আগন্তুক ২৪ এপ্ৰিলত ছবিগৃহত মুক্তি পাবলগীয়া বায়’পিক 'Michael' এ বিশ্ববিখ্যাত পপ সম্ৰাট মাইকেল জেকছনৰ জীৱনৰ বহুতো অজান কাহিনী আমাৰ মাজলৈ লৈ আহিব । বিশেষকৈ তেওঁৰ পিতৃ জো জেকছনৰ সৈতে থকা তেওঁৰ সম্পৰ্কটো কেনে আছিল, সেই বিষয়ে এই ছবিখনত আলোকপাত কৰা হৈছে ।

জো জেকছনক এগৰাকী কঠোৰ পিতৃ হিচাপে জনা যায়, যিয়ে মাইকেলক এজন মহান শিল্পী হিচাপে গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিছিল । তেওঁৰ কঠোৰ অনুশাসনৰ বাবেই মাইকেলে সংগীত জগতত ইমান খলকনি সৃষ্টি কৰিবলৈ সক্ষম হৈছিল । কিন্তু এই সফলতাৰ আঁৰত আছিল যন্ত্ৰণাৰ কাহিনী । মাইকেলে জীৱনকালত বহুবাৰ প্ৰকাশ কৰিছিল যে তেওঁৰ পিতৃৰ অত্যধিক কঠোৰ ব্যৱহাৰে তেওঁক মানসিকভাৱে আঘাত দিছিল । সৰুকালত পিতৃৰ পৰা পোৱা সেই কঠোৰ শাসনে মাইকেলৰ মনত গভীৰ দাগ বহুৱাই থৈ গৈছিল ।

এফালে পিতৃৰ প্ৰচেষ্টাত পোৱা বিশ্বজোৰা খ্যাতি আৰু আনফালে সেই একেজন মানুহৰ পৰা পোৱা মানসিক যন্ত্ৰণা— এই দুয়োটাই মাইকেলৰ জীৱনৰ এক ডাঙৰ ৰহস্য হৈ ৰৈছে । এতিয়াও অনুৰাগী আৰু সমালোচকসকলৰ মাজত জো জেকছনৰ ভূমিকাৰ বিষয়ে বিতৰ্ক চলি থাকে ।

ভিন্ন বাতৰি অনুসৰি জো জেকছনে মাইকেলক এজন বিখ্যাত তাৰকা বনাইছিল ঠিকেই, কিন্তু তাৰ বাবে মাইকেলে নিজৰ শৈশৱটো বিসর্জন দিবলগীয়া হৈছিল । এই ছবিখনে দর্শকক সেই আৱেগিক আৰু যন্ত্ৰণাদায়ক যাত্ৰাটো ওচৰৰ পৰা অনুভৱ কৰিবলৈ সুযোগ দিব ।

মাইকেলৰ জীৱন সংগ্ৰাম

এণ্টোইন ফুকুৱাৰ পৰিচালনাত নিৰ্মাণ হোৱা এই ছবিখনত মাইকেল জেকছনৰ চৰিত্ৰত অভিনয় কৰিছে তেওঁৰেই ভতিজাক জাফৰ জেকছনে । ছবিখনত মাইকেলৰ শৈশৱৰ 'জেকছন ৫' (Jackson 5) গ্ৰুপৰ পৰা আৰম্ভ কৰি একক সংগীত জগতত তেওঁ লাভ কৰা বিশ্বজোৰা সফলতাৰ কাহিনী দেখুওৱা হৈছে । এই কাহিনীত কেৱল তেওঁৰ জনপ্ৰিয় প্ৰদৰ্শনেই নহয়, বৰঞ্চ সফলতাৰ আঁৰত থকা ব্যক্তিগত সংগ্ৰাম আৰু বিশেষকৈ তেওঁৰ পিতৃৰ প্ৰভাৱৰ কথাও স্পষ্টকৈ ফুটাই তোলা হৈছে ।

পিতৃ জো জেকছন আৰু হেৰাই যোৱা শৈশৱ

জো জেকছন নিজে এজন বিফল সংগীতশিল্পী আছিল যদিও তেওঁ নিজৰ সন্তানসকলৰ মাজত থকা প্ৰতিভা চিনাক্ত কৰিছিল । ১৯৬০ চনৰ আৰম্ভণিতে তেওঁ সন্তানসকলক সংগীতৰ কঠোৰ অনুশীলনৰ মাজত ৰাখিছিল । তেওঁৰ এই নিয়মানুৱৰ্তিতাৰ বাবেই 'জেকছন ৫' সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছিল ।

কিন্তু এই নাম-যশৰ বাবে মাইকেলে বহু ডাঙৰ মূল্য দিবলগীয়া হৈছিল । তেওঁৰ শৈশৱটো খেল-ধেমালিৰ পৰিৱৰ্তে কেৱল কামৰ মাজতে অতিবাহিত হৈছিল । অপ্ৰা উইনফ্ৰীক দিয়া এটা বিখ্যাত সাক্ষাৎকাৰত মাইকেলে চকুলো টুকি কৈছিল— "মোৰ মনত আছে, যেতিয়া মই ৰেকৰ্ডিং ষ্টুডিঅ'লৈ গৈ আছিলোঁ, ৰাস্তাৰ সিপাৰে থকা পাৰ্কখনত সৰু ল’ৰা-ছোৱালীহঁতে খেলি থকা দেখিছিলোঁ । সেই দৃশ্যটো দেখি মোৰ কান্দোন ওলাই আহিছিল । সিহঁতৰ দৰে খেলাৰ সলনি মই যে কাম কৰিবলৈ যাবলগীয়া হৈছিল, সেই কথাই মোক বহুত দুখী কৰি তুলিছিল ।"

হেৰাই যোৱা শৈশৱ আৰু পিতৃৰ প্ৰতি থকা ভয়

মাইকেল জেকছনে ব্যাখ্যা কৰিছিল যে কেনেকৈ এটা স্বাভাৱিক শৈশৱৰ অভাৱে তেওঁৰ ব্যক্তিত্ব গঢ়ি তুলিছিল । তেওঁৰ মনৰ সেই অপূৰ্ণ ইচ্ছাবোৰ তেওঁৰ কথাৰ মাজেৰে প্ৰকাশ পাইছিল ৷ মানুহে প্ৰায়ে আচৰিত হৈছিল যে মাইকেলে কিয় সদায় শিশুৰ মাজত থাকি ভাল পায় । ইয়াৰ উত্তৰত তেওঁ কৈছিল, "মই যিটো বস্তু নিজৰ জীৱনত কেতিয়াও নাপালোঁ (শৈশৱ), মই শিশুসকলৰ মাজত সেইটোক বিচাৰি পাওঁ । মই যেতিয়া সৰু আছিলোঁ, মোৰ জীৱনত কেৱল কাম, কাম আৰু কামেই আছিল ।" এইকাৰণেই তেওঁ ডিজনীলেণ্ডৰ দৰে ঠাই বা নিজৰ ঘৰ 'নেভাৰলেণ্ড'ক শিশুৰ খেলপথাৰৰ দৰে সজাই ভাল পাইছিল ।

পিতৃ জো জেকছনৰ প্ৰতি মাইকেলৰ মনত একেলগে শ্ৰদ্ধা আৰু ভয়— এই দুই ভাৱেই আছিল । তেওঁ স্বীকাৰ কৰিছিল, "মই মোৰ পিতৃক ভাল পাওঁ, কিন্তু মই তেওঁক চিনি নাপালোঁ... কেতিয়াবা মোৰ বহুত খং উঠে । মই কেৱল তেওঁক বুজিবলৈ চেষ্টা কৰিছিলোঁ ।" তেওঁৰ মতে জো জেকছন এজন অত্যন্ত কঠোৰ ব্যক্তি আছিল । মাইকেলে কৈছিল যে তেওঁৰ পিতৃৰ চকুৰ এটা চাৱনিয়েই তেওঁক ভয় খুৱাবলৈ যথেষ্ট আছিল ।

জো জেকছনৰ স্থিতি আৰু পৰিয়ালৰ অভিজ্ঞতা

মাইকেলৰ ওপৰত চলা নিৰ্যাতনৰ অভিযোগবোৰ তেওঁৰ পিতৃ জো জেকছনে বাৰে বাৰে অস্বীকাৰ কৰি আহিছিল । তেওঁৰ মতে, তেওঁৰ কঠোৰ অনুশাসনেহে সন্তানসকলক লক্ষ্যত স্থিৰ কৰি ৰাখিছিল । কিন্তু পৰিয়ালৰ আন সদস্যসকলৰ ভাষ্য আছিল সম্পূৰ্ণ বেলেগ ৷

মাইকেলৰ ভাতৃ জাৰমেইন জেকছনে তেওঁৰ আত্মজীৱনীত লিখিছে, "আমাৰ কাৰোৰে মনত নপৰে যে তেওঁ কেতিয়াবা আমাক সাবটি ধৰিছিল বা 'মই তোমাক ভাল পাওঁ' বুলি কৈছিল ।" তেওঁৰ মতে, তেওঁলোকৰ শৈশৱ আছিল কেৱল দীঘলীয়া আখৰা, শাৰীৰিক শাস্তি আৰু কাৰাগাৰ সদৃশ বন্ধনৰ মাজত । জাৰমেইনৰ মতে, নাচৰ আখৰাৰ সময়ত কিবা ভুল হ’লে তেওঁলোকে পিতৃৰ হাতত মাৰ খাবলগীয়া হৈছিল অথবা অতিৰিক্ত কামৰ বোজা ল’বলগীয়া হৈছিল ।

কেৱল শাৰীৰিক আঘাতেই নহয়, পিতৃৰ পৰা পোৱা মানসিক চাপে মাইকেলক বেছিকৈ জোকাৰি গৈছিল । জো জেকছনে মাইকেলৰ নাকটো ডাঙৰ বুলি 'Big Nose' (ডাঙৰ নাক) বুলি জোকাইছিল । কোৱা হয় যে, পিতৃৰ এই ঠাট্টাই মাইকেলৰ মনত হীনমন্যতাৰ সৃষ্টি কৰিছিল আৰু সেইবাবেই তেওঁ পৰৱৰ্তী সময়ত বাৰে বাৰে প্লাষ্টিক চাৰ্জাৰী কৰাইছিল ।

ইমান যন্ত্ৰণাৰ পাছতো জাৰমেইনে স্বীকাৰ কৰিছিল যে পিতৃৰ সেই কঠোৰতাই তেওঁলোকৰ মাজত অনুশাসন আৰু জীৱনত কিবা এটা কৰাৰ তীব্ৰ হেঁপাহ জগাই তুলিছিল । মাইকেল জেকছনৰ সফলতাৰ ভেটিটো যিমান মজবুত আছিল, তাৰ আঁৰৰ কাহিনীটো আছিল সিমানেই কৰুণ ।

মাইকেল জেকছন যেতিয়া বিশ্বৰ এজন মহান তাৰকা হৈ পৰিল, তেতিয়াও পিতৃৰ সৈতে তেওঁৰ সম্পৰ্ক সহজ হোৱা নাছিল । বিশেষকৈ তেওঁৰ 'Thriller' এলবামটোৱে অভূতপূৰ্ব সফলতা লাভ কৰাৰ পিছত তেওঁ পৰিয়ালৰ যুটীয়া অনুষ্ঠানবোৰৰ পৰা আঁতৰি আহিছিল আৰু পিতৃৰ বিষয়ে ৰাজহুৱাকৈ কথা কোৱা প্ৰায় বন্ধ কৰি দিছিল । তথাপিও, তেওঁলোকৰ মাজৰ সেই আৱেগিক টানটো কেতিয়াও সম্পূৰ্ণৰূপে হেৰাই যোৱা নাছিল ।

পুৰণি যন্ত্ৰণাবোৰ পাহৰি মাইকেলে পাছলৈ পিতৃৰ সৈতে সম্পৰ্কটো শুধৰাবলৈ চেষ্টা কৰিছিল । তেওঁ নিজৰ ঘৰ 'নেভাৰলেণ্ড'ত পিতৃৰ সন্মানত "Joseph Jackson Day" পালন কৰিছিল । মাইকেলে বুজি উঠিছিল যে তেওঁৰ পিতৃৰ শৈশৱো হয়তো বহুত কঠিন আছিল, যাৰ বাবে তেওঁ ইমান কঠোৰ হৈ পৰিছিল ।

মাইকেলে পিতৃক ক্ষমা কৰিছিল যদিও তেওঁৰ মনৰ পৰা ভয়টো একেবাৰে আঁতৰি যোৱা নাছিল । অপ্ৰা উইনফ্ৰীয়ে লক্ষ্য কৰিছিল যে পিতৃৰ কথা ক’বলৈ ল’লেই মাইকেলৰ চকুৰ চাৱনি সলনি হৈ গৈছিল, যিয়ে তেওঁৰ মনৰ ভিতৰত থকা গভীৰ আৱেগিক প্ৰভাৱক সূচাইছিল ।

আগন্তুক 'Michael' ছবিখনে কেৱল মাইকেলৰ গান আৰু নাচকেই প্ৰদৰ্শন নকৰে, বৰঞ্চ তেওঁৰ সফলতাৰ আঁৰত থকা এই মানসিক প্ৰভাৱকো পুনৰ পৰীক্ষা কৰিব । জো জেকছনৰ কঠোৰ অনুশাসনে মাইকেলক এজন 'ছুপাৰষ্টাৰ' বনাইছিল ঠিকেই, কিন্তু একে সময়তে তেওঁক এজন নিৰাপত্তাহীন আৰু মৰমৰ ভোকাতুৰ মানুহ হিচাপেও গঢ়ি তুলিছিল ।

সামৰণিত ক’ব পাৰি যে, মাইকেল জেকছনৰ জীৱনটো আছিল যিমানেই উজ্জ্বল, সিমানেই যন্ত্ৰণাদায়ক । এই ছবিখনে আমাক সেই চকুৰে দেখা পোৱা জিলিকনিৰ আঁৰৰ অন্ধকাৰখিনি অনুভৱ কৰাবলৈ চেষ্টা কৰিব ।

লগতে পঢ়ক : চেহেৰা নহয়, কৰ্মহে সুন্দৰ হোৱা উচিত: সৌন্দৰ্যৰ প্ৰতি মোহক লৈ জীনত আমানৰ বিশেষ মন্তব্য