অন্যৰ বাবেই জীয়াই আছোঁ আমি... ! টাবুৰ মুখত জীৱনৰ কঠিন সত্য
মানুহক সন্তুষ্ট কৰাৰ হাবিয়াহ আৰু নিজকে হেৰাই পেলোৱাৰ যাত্ৰা ৷

By ETV Bharat Entertainment Team
Published : July 13, 2026 at 5:39 PM IST
হায়দৰাবাদ: প্ৰখ্যাত অভিনেত্ৰী টাবুৱে এবাৰ এটা অনুষ্ঠানত আনক সন্তুষ্ট কৰাৰ মানুহৰ চিৰন্তন প্ৰয়োজনীয়তাৰ বিষয়ে বহু গভীৰ কথা কৈছিল । তেওঁ উল্লেখ কৰিছিল যে, মানুহে নিজৰ জীৱনৰ বেছিভাগ সময় আনৰ বাবেই জীয়াই থাকে ।
টাবুৱে উল্লেখ কৰিছিল, "মানৱ প্ৰকৃতিৰ এক অংশ হিচাপে আমি সাধাৰণতে আনৰ পৰা স্বীকৃতি বা সন্মতি বিচাৰিয়েই বহু সময় পাৰ কৰোঁ ।" 'চান্দনী বাৰ'খ্যাত অভিনেত্ৰীগৰাকীয়ে লগতে কৈছিল যে, ইয়াৰ ফলত মানুহবোৰৰ জীৱনটো প্ৰায় এটা ৰবটৰ দৰে হৈ পৰে ।
নিজক আৱিষ্কাৰ কৰাৰ যাত্ৰাক সোঁৱৰণ কৰি টাবুৱে কৈছিল, "আপুনি আনৰ বাবে কাম কৰি আছে । আপুনি আন কাৰোবাৰ সময় সাপেক্ষে সাৰ পাইছে, আনৰ সময়মতে শুবলৈ গৈছে আৰু মানুহে আপুনি যি পিন্ধাটো বিচাৰে, আপুনি তাকেই পিন্ধিছে । আপুনি এই জীৱনটো এটা ৰবটৰ দৰে জীয়াই আছে । আপুনি পাহৰি যায় যে, আপোনাৰ নিজৰো এটা স্বতন্ত্ৰ সত্তা বা ব্যক্তিত্ব আছে । গতিকে ই এটা অন্তহীন চক্ৰ হৈ পৰে ৷"
আনক সন্তুষ্ট কৰাৰ মানুহৰ চিৰন্তন প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি টাবুৱে আগলৈ কৈছিল, "আপুনি সদায় আপোনাৰ সময়ানুবৰ্তিতা, পেছাদাৰী জীৱন শৈলী, ভদ্ৰতা আৰু সহযোগী মনোভাৱেৰে মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰি থাকে । আপুনি বিচাৰে যে মানুহে আপোনাৰ বিষয়ে ভাল কথা কওক আৰু আপোনাক লৈ সুখী হওক । কাৰণ ক’ৰবাত নহয় ক’ৰবাত আমাৰ সকলোৰে মনত এটা ভয় থাকে যে, জানোচা আমি আন কাৰোবাক দুখ দিওঁ, বা নিজৰ কাম আৰু পেছাৰ ক্ষতি কৰোঁ, অথবা আনক হতাশ কৰোঁ । আপুনি সদায় নিজকে এজন অমায়িক আৰু নিখুঁত ব্যক্তি হিচাপে দাঙি ধৰিব খোজে । কাৰণ আনৰ পৰা সন্মতি বা প্ৰশংসা বিচৰাটোৱেই হৈছে মানুহৰ প্ৰকৃতি ৷"
কৰ্মক্ষেত্ৰৰ দিশৰ পৰা চাবলৈ গ’লে, টাবুৱে শেহতীয়াকৈ প্ৰখ্যাত পৰিচালক প্ৰিয়দৰ্শনৰ পৰিচালনাত নিৰ্মিত অক্ষয় কুমাৰৰ হৰৰ-কমেডী ছবি 'ভূত বাংলা'ত অভিনয় কৰিছে । বালাজী টেলিফিল্মছৰ বেনাৰত শোভা কাপুৰ আৰু একতা আৰ কাপুৰৰ প্ৰযোজনা আৰু অক্ষয় কুমাৰৰ বেনাৰ 'কেপ অফ গুড ফিল্মছ'ৰ যৌথ সহযোগত নিৰ্মিত 'ভূত বাংলা' ছবিখনত টাবুৰ উপৰিও পৰেশ ৰাৱাল, ৱামিকা গাব্বী, ৰাজপাল যাদৱ আৰু গোবৰ্ধন আছৰাণীয়ে গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছে ।
লগতে পঢ়ক : ৰিতেশ দেশমুখৰ আৱেগিক ক্ষণ: 'মুখ্যমন্ত্ৰীৰ পুত্ৰ' হোৱাৰ বাবে কেৰিয়াৰৰ আৰম্ভণিতে শুনিছিল কটু কথা

