‘এয়া আকাশবাণী ডিব্ৰুগড়’ বুলি কোৱা সেই চিনাকি কণ্ঠ চিৰদিনৰ বাবে হেৰাই গ'ল
যশস্বী সুৰকাৰ, কবি, অভিনেতা, ঘোষক, নাট্যকাৰ আৰু গীটাৰিষ্ট চৈয়দ ছাদুল্লাৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰ ৷

By ETV Bharat Entertainment Team
Published : October 30, 2025 at 3:01 PM IST
ডিব্ৰুগড়: জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত আজিও শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী । প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই আজিও স্বাভাৱিক হ'ব পৰা নাই অসমৰ ৰাইজ । কিন্তু ইয়াৰ মাজতে আহিল আন এটা দুখৰ খবৰ । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰিলে যশস্বী সুৰকাৰ, কবি, অভিনেতা, ঘোষক, নাট্যকাৰ আৰু গীটাৰিষ্ট চৈয়দ ছাদুল্লাই ।
‘এয়া আকাশবাণী ডিব্ৰুগড়’ বুলি কোৱা ৰেডিঅ'ৰ সেই চিনাকি কণ্ঠ চিৰদিনৰ বাবে হেৰাই গ'ল । যশস্বী সুৰকাৰ, কবি, অভিনেতা, ঘোষক, নাট্যকাৰ আৰু গীটাৰিষ্টগৰাকীৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰ । কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ তথা অনাতাঁৰ ঘোষক হিচাপে অতি জনপ্ৰিয় হৈ পৰা চৈয়দ ছাদুল্লাই জন্মগ্ৰহণ কৰিছিল ডিব্ৰুগড়ত ১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰীত ।
সৰুৰে পৰা গীটাৰত সুৰ তুলি ভালপোৱা শিল্পীগৰাকীয়ে বৰ্নাধ্য জীৱনকালত ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে । ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা চৈয়দ ছাদুল্লাই সৰু কালছোৱাত শ্বিলঙত পঢ়া-শুনা কৰিছিল । কিন্তু তেওঁ সপ্তম শ্ৰেণীলৈ উন্নীত হওঁতে তেওঁলোক ডিব্ৰুগড়লৈ ঘূৰি আহে ৷ স্কুলীয়া শিক্ষা সমাপ্ত কৰি তেওঁ ডিব্ৰুগড়ৰ কানৈ কলেজত কলেজীয়া শিক্ষা আৰম্ভ কৰে ৷ সেই সময়ৰ ৰাজ্যৰ জনপ্ৰিয় সাংস্কৃতিক দল কুইভাৰ্চৰ অন্যতম সদস্য আছিল চৈয়দ ছাদুল্লা ৷

সৰুৰে পৰা সংগীত আৰু ৰেডিঅ' ভালপোৱা চৈয়দ ছাদুল্লাই কানৈ কলেজত অধ্যয়ন কৰা সময়তে ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল । বিশিষ্ট সাংস্কৃতিক কৰ্মী ভৱেশ গোস্বামী, নজিফুৰ ৰহমান, জিয়াউৰ ৰহমান, বিজু ফুকন, হেমন্ত দত্ত আদি ব্যক্তিসকলৰ সৈতে আৰম্ভ কৰিছিল সাংস্কৃতিক ক্ষেত্ৰখনৰ কাম ।
১৯৬৫ চনত এই ব্যক্তিসকলৰ সৈতে চৈয়দ ছাদুল্লাই ৰাজ্যৰ জনপ্ৰিয় সাংস্কৃতিক দল কুইভাৰ্চ (The Quivers) গঠন কৰিছিল ৷ এই সাংস্কৃতিক দলটোত গীটাৰ বজাইছিল চৈয়দ ছাদুল্লাই । এই দলটোৰ জৰিয়তে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি অত্যন্ত জনপ্ৰিয় হৈ উঠে চৈয়দ ছাদুল্লা । তেতিয়া ড৹ ভূপেন হাজৰিকা, খগেন মহন্তকে আদি কৰি বহু স্বনামধন্য শিল্পীৰ সান্নিধ্য লাভ কৰিছিল তেওঁ ।

ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰৰ বিভাগীয় শিল্পী হিচাপে যোগদান :
সৰুৰে পৰা ৰেডিঅ'ৰ প্ৰতি আছিল তেওঁৰ বিশেষ টান । চৈয়দ ছাদুল্লাই জীৱন কালত বিভিন্ন সময়ত কৈ গৈছিল যে ৰেডিঅ'ৰ গান শুনি আৰু ৰেডিঅ'ত ঘোষকৰ ঘোষণা শুনি তেখেতৰ ৰেডিঅ'ৰ এজন ঘোষক হ'বলৈ তীব্ৰ ইচ্ছা হৈছিল । সেয়ে কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰি ১৯৬৯ চনত চৈয়দ ছাদুল্লাই ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰৰ বিভাগীয় শিল্পীৰ পদত যোগদান কৰিছিল । চৈয়দ ছাদুল্লাই ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰত যোগদান কৰা পাছত নতুনকৈ ৰাজ্যত আৰম্ভ হৈছিল ৰেডিঅ'ৰ প্ৰতি ৰাইজৰ আগ্ৰহ ।

চৈয়দ ছাদুল্লা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা । তেওঁ দূৰদৰ্শন, নেশ্যনেল জিঅ’গ্ৰাফিক আৰু ডিস্ক'ভাৰী চেনেলৰ সৰ্বমুঠ ১০০ খনতকৈ অধিক ডকুমেণ্টৰীৰ ঘোষক আছিল । আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এসময়ৰ প্ৰতি দেওবাৰে সন্ধিয়া চাৰে সাতটা বজাত পোন্ধৰ মিনিটৰ বাবে প্ৰচাৰিত মনোৰঞ্জনধৰ্মী 'বৰ্ণালী' অনুষ্ঠান সঞ্চালনা কৰি অনুষ্ঠানটো অধিক আকৰ্ষণীয় আৰু জনপ্ৰিয় কৰি তুলিছিল ।
ইয়াৰ উপৰিও আকাশবাণী ডিব্ৰুগড়ৰ পৰা প্ৰচাৰিত হোৱা কেইটিমান অনুষ্ঠান ডাকপখিলী, হেল্লো মন্দাকিনী আদিৰ আঁত ধৰি সকলো শ্ৰোতা-ৰাইজৰে এইসমূহ অনুষ্ঠান প্ৰিয় কৰি তুলিবলৈ সক্ষম হৈছিল ।
নাট্যকাৰ আৰু অভিনেতা হিচাপেও জনপ্ৰিয় আছিল চৈয়দ ছাদুল্লা :
অসমবাসীয়ে আজি এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন শিল্পীক হেৰুৱালে । চৈয়দ ছাদুল্লা এগৰাকী কবি, লেখক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, সূত্ৰধাৰ, আবৃত্তিকাৰ, গায়ক, গীটাৰবাদক আৰু বলিষ্ঠ অভিনেতা আছিল । ১৯৭৫ চনৰে পৰাই তেখেতে আকাশবাণীৰ বাবে নাট লিখি প্ৰযোজনা আৰু পৰিচালনা কৰিছিল ৷ বহুতো ধাৰাবাহিকৰ কাহিনী ৰচনা কৰি নিজেই অনাতাঁৰ আৰু মঞ্চৰ নাটকত অভিনয় কৰিছিল ৷
তেখেতে ১৯৭৪ চনত প্ৰযোজনা পৰিচালনা আৰু অভিনয়ৰ বাবে "উৰুখা" আৰু "বিচাৰ" নামেৰে দুখন নাটকত Akashbani Annual Award ৰ সন্মান লাভ কৰিছিল ।

বিভিন্ন বঁটা আৰু সন্মানেৰে সমৃদ্ধিশালী হৈছিল চৈয়দ ছাদুল্লা :
বনাৰ্ধ্য জীৱন পৰিক্ৰমাত বিভিন্ন বঁটা আৰু সন্মানেৰে সমৃদ্ধিশালী হৈছিল চৈয়দ ছাদুল্লা । ২০২১ বৰ্ষত বিষ্ণু ৰাভা দিৱসত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আহমদ আলী বাঁশকান্দী বঁটাৰে সন্মানিত কৰিছিল তেখেতক ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই বঁটা প্ৰদান কৰিছিল ৷ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাই চৈয়দ ছাদুল্লাক 'আই অসমী' বঁটা, আকাশবাণীৰ বাৰ্ষিক বঁটা প্ৰতিযোগীতাত সৰ্বভাৰতীয় ভিত্তিত কেইবাটিও বঁটা, ২০২৪ চনত শিল্পী সাধনা বঁটা, সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে 'কণ্ঠশিৰোমণি' বঁটা, শিৱসাগৰ জিলা সাহিত্য সভাই আগবঢ়োৱা জিকিৰ শিল্পী কেৰিমুদ্দিন আহমেদ সোঁৱৰণী শিল্পী বঁটা ২০২৫ আদিৰে সন্মানিত । ইয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ ।
লগতে পঢ়ক : হাঁহিৰে মুখৰ কৰা ক্ষণবোৰ বৰ্ণালী... আৰু কেতিয়াও ৰেডিঅ'টোত ভাঁহি নাহিব চৈয়দ ছাদুল্লাৰ সেই কণ্ঠ

