ETV Bharat / entertainment

বন্যাৰ্তৰ কাষত আকৌ সুৰ বাহিনী

সুৰ বাহিনীৰ আদৰ্শৰে বানাক্ৰান্ত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়িছে স্বেচ্ছাসেৱী সংগঠন সৃষ্টিসাধনা আৰু স্বৰাঞ্জলি ।

'Sur Bahini' will help provide flood assistance in Upper Assam
বন্যাৰ্তৰ কাষত আকৌ সুৰ বাহিনী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 27, 2026 at 2:59 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: সুৰ বাহিনীৰ আদৰ্শৰে স্বেচ্ছাসেৱী সংগঠন সৃষ্টিসাধনা আৰু স্বৰাঞ্জলিৰ উদ্যোগত জ্যেষ্ঠ শিল্পীসকলৰ সহযোগত বানাক্ৰান্তসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে এটি দল ৰাওনা হ'ব । শিল্পী মণিষা হাজৰিকাৰ নেতৃত্বত আজি অৰ্থাৎ ২৭ আগষ্টত উজনি অসমলৈ যাত্ৰা কৰিছে দলটোৱে ।

বুধবাৰে চানমাৰিস্থিত জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত একত্ৰিত হয় দুয়োটা NGOৰ লগতে সুৰ বাহিনীৰ সদস্যসকল । জয়ন্ত হাজৰিকা উদ্যানত উপস্থিত সংগীতশিল্পী মণিষা হাজৰিকাই বানাক্ৰান্ত প্ৰায় ৩৫ টা পৰিয়ালক ২০০০ টকাকৈ প্ৰদান কৰিব বুলি উল্লেখ কৰে ।

বন্যাৰ্তৰ কাষত আকৌ সুৰ বাহিনী (ETV Bharat Assam)

এই সন্দৰ্ভত মণিষা হাজৰিকাই কয়,"আমি জ্যেষ্ঠসকলে এটা অনুভৱ কৰিলোঁ । আমি সকলোৱে যিহেতু বান বিধস্ত অঞ্চললৈ যাব নোৱাৰোঁ, কিন্তু মোৰ লগতে জড়িত সৃষ্টি সাধনা, স্বৰাঞ্জলি যিসকলে কেৱল জয়ন্ত হাজৰিকাৰ কামেই নহয়, সংগীত ক্ষেত্ৰৰ বহু কাম কৰি আছে । তেওঁলোকে অৱশ্যে ইতিমধ্যে কেইবাবাৰো সাহায্য প্ৰদান কৰি আহিলে ।"

তেওঁ কয়,"কিন্তু আমি যিসকল জ্যেষ্ঠজন আছোঁ আমি সকলোৱে কেইঘৰমান লোকক আৰ্থিকভাৱে সহায় কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিলোঁ । আমাৰ সকলোৰে সামৰ্থ অনুসৰি আমি পইচা অকণমান সংগ্ৰহ কৰিছোঁ, এইখিনি লৈ আমি বানবিধ্বস্ত অঞ্চললৈ যাম । নৱ প্ৰজন্মৰ কেইগৰাকীমানৰ লগত জ্যেষ্ঠসকলক প্ৰতিনিধিত্ব কৰি মই যাম লগত ।"

লগতে তেওঁ কয়,"১৯৭৬ চনতে জয়ন্ত হাজৰিকাই কণ্ঠ আৰু সুৰেৰে বানপানীত সহায়-সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যৰে লগতে দুৰ্দশাগ্ৰস্ত শিল্পীক সহায় কৰাৰ উদ্দেশ্যেৰে সুৰ-বাহিনীৰ জন্ম দিছিল । সেয়ে তেওঁৰ আদর্শৰে এনেধৰণৰ সমস্যাৰ সময়ত সদায় আমি সহায়ৰ বাবে চেষ্টা কৰিছিলোঁ । কিন্তু এইবাৰৰ পৰিস্থিতি পূৰ্বতকৈ অকণমান বেলেগ ।"

হাজৰিকাই কয়,"এতিয়া আৰু ট্ৰাকত উঠি গান গায় টকা পইচা সংগ্ৰহ কৰাৰ পৰিৱেশ নাই । সেয়ে আমি নিজেই অকণমান টকা-পইচা সংগ্ৰহ কৰি আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ ওলাই যাম । প্ৰায় ৫০ গৰাকী জ্যেষ্ঠ শিল্পীয়ে সামৰ্থ অনুসৰি আমাক আৰ্থিক সাহায্য প্ৰদান কৰিছে । আমি প্ৰায় ৩৫ ঘৰ লোকক ২০০০ কৈ টকা প্ৰদান কৰাৰ চিন্তা কৰিছোঁ ।"

লগতে পঢ়ক: শিল্পা শ্বেট্টীৰ পৰা ছলমান খানলৈ, কোন কোন তাৰকাই অতিশয় মৰম কৰে নিজৰ পোহনীয়া কুকুৰটোক

নিৰ্যাতন নে ৰোমাঞ্চ? কেজিএফ তাৰকা যশৰ ‘টক্সিক’ ছবিখন চাই দৰ্শকে কি ক’লে শুনক!