ETV Bharat / entertainment

হাতযোৰ কৰি ছানী দেওলে কাক পাৰিলে গালি ?

‘শৰম নেহি আতি’-লাহে লাহে খোজ কাঢ়ি আহি থকা ছানী দেওল অকস্মাতে চিঞৰি উঠিল, তাকো হাতযোৰ কৰি !

Sunny Deol Confronts Paparazzi Stationed Outside His Home
ছানী দেওল অকস্মাতে চিঞৰি উঠিল (Photo : Poster/ ANI)
author img

By ETV Bharat Entertainment Team

Published : November 13, 2025 at 11:27 AM IST

2 Min Read
Choose ETV Bharat

মুম্বাই : পাপাৰাজ্জীৰ ওপৰত জাঙুৰ খাই উঠিল ছানী দেওল ৷ পিতৃ ধৰ্মেন্দ্ৰৰ স্বাস্থ্যক লৈ মানসিক চাপত থকা অভিনেতাগৰাকীয়ে অৱেশষত বৃহস্পতিবাৰে পাপাৰাজ্জীৰ আগত হেৰুৱাই পেলালে ধৈৰ্য ৷ অভিনেতাগৰাকীক তেওঁৰ জুহু বাসগৃহৰ বাহিৰত ক্লিক কৰা হৈছিল ৷ তেওঁ লাহে লাহে খোজকাঢ়ি গৈ আছিল, পাপাৰাজ্জীক দেখি ৰৈ যায় আৰু হাতযোৰ কৰি কেমেৰাৰ আগত নিজৰ ৰোষ প্ৰকাশ কৰে ।

তেওঁ কয়, "আপোনালোকৰ ঘৰত পৰিয়াল, পিতৃ-মাতৃ আৰু ল'ৰা-ছোৱালী আছে আৰু আপোনালোকে c******ৰ দৰে ভিডিঅ' ক্লিক কৰি আছে । লাজ নাই নেকি ?" তাৰ পিছত তেওঁ নিজৰ বাসগৃহৰ বাহিৰত ৰৈ থকা সংবাদ মাধ্যমৰ কৰ্মীসকলক প্ৰত্যক্ষ কৰে । খং প্ৰকাশ কৰাৰ পিছত অভিনেতাজন খোজ কাঢ়ি গুচি যায় ।

বিভিন্ন সংবাদ মাধ্যমে ধৰ্মেন্দ্ৰৰ স্বাস্থ্যক লৈ ভিন্ন বাতৰি প্ৰকাশ কৰে ৷ বাতৰিসমূহে নিশ্চয়কৈ ধৰ্মেন্দ্ৰৰ পৰিয়ালক মানসিকভাৱে আঘাত দিয়ে ৷ পৰিয়ালৰ লোকৰ পৰা কোনো ধৰণৰ মন্তব্য নোপোৱাকৈয়ে বহুতেই প্ৰবীণ অভিনেতাগৰাকী মৃত বুলি ঘোষণা কৰে ৷ ছ’চিয়েল মিডিয়াত এই বাতৰিয়ে তোলপাৰ লগায় ৷ অনুৰাগীসকলো বতাশ হৈ পৰে ৷ কিন্তু জুইক দৰে এই খবৰ বিয়পি পৰাত ই অসহ্যকৰ হৈ পৰে ধৰ্মেন্দ্ৰৰ পৰিয়াৰ বাবে ৷ পত্নী-কন্যা-পুত্ৰ সকলোৱে সামাজিক মাধ্যমৰ জৰিয়তে এইসমূহ বাতৰিক লৈ মনৰ ভাৱ প্ৰকাশ কৰে ৷ ঈশা দেওল আৰু ছানী দেওলৰ টীমে, ধৰ্মেন্দ্ৰ সুস্থ হৈ উঠিছে বুলি জনোৱাৰ লগতে হেমা মালিনীয়ে কিন্তু এই ঘটনাক গৰিহণা দিয়ে ৷ হেমা মালিনীয়ে নিজৰ ছ’চিয়েল মিডিয়াত লিখে, "যি হৈছে সেয়া ক্ষমাৰ যোগ্য নহয় ! চিকিৎসাৰ প্ৰতি সঁহাৰি জনাই সুস্থ হৈ উঠা ব্যক্তি এজনৰ বিষয়ে দায়িত্বশীল চেনেলসমূহে কেনেকৈ মিছা খবৰ বিয়পাই দিব পাৰে ? এইটো হৈছে অত্যন্ত অসন্মানজনক আৰু দায়িত্বহীন কাণ্ড । অনুগ্ৰহ কৰি পৰিয়ালটো আৰু ইয়াৰ গোপনীয়তাৰ প্ৰয়োজনীয়তাক যথাযথ সন্মান দিয়ক ।"

মৃত্যুৰ বাতৰিয়ে ইমানেই ক্ৰিয়া কৰিলে যে কেৱল সাধাৰণ মানুহেই নহয়, ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি বলীউডৰ বহু প্ৰভাৱশালী লোকেও তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাই ছ’চিয়েল মিডিয়া পোষ্ট কৰে ৷ পৰিয়ালৰ লোকৰ স্পষ্টীকৰণৰ পাছতে প্ৰচাৰ হোৱা বাতৰিসমূহ ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰ কৰোৱা হয় ৷

বুধবাৰে যাবলৈ দিয়া হয় প্ৰবীণ অভিনেতাগৰাকীক আৰু বৰ্তমান ঘৰতে চিকিৎসা গ্ৰহণ কৰি আছে তেওঁ ।

লগতে পঢ়ক : এতিয়াও অসুস্থ ! কিয় হাস্পতালৰ পৰা ৰিলিজ দিয়া হ’ল ধৰ্মেন্দ্ৰক ? ডাক্তৰৰ উত্তৰ