ETV Bharat / entertainment

'মই কি ক'ব পাৰো ?' কামৰ খাতিৰত স্বামীয়ে সুন্দৰী নাৰীৰ সৈতে কাম কৰাৰ বাবে ঈৰ্ষা হৈছিল পত্নীৰ

সুনীতা আহুজাই স্বীকাৰ কৰে যে গোবিন্দাই ধুনীয়া মহিলাৰ সৈতে কাম কৰাৰ বাবে ‘ঈৰ্ষা’ অনুভৱ কৰিছিল তেওঁ ৷

Sunita Ahuja Admits Being 'Jealous' About Govinda Working With Gorgeous Women
স্বামীয়ে সুন্দৰী নাৰীৰ সৈতে কাম কৰাৰ বাবে ঈৰ্ষা হৈছিল পত্নীৰ (Photo: IANS)
author img

By ETV Bharat Entertainment Team

Published : January 20, 2026 at 5:32 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ৯০ দশকৰ ছুপাৰষ্টাৰ গোবিন্দা আজিকালি নিজৰ কামতকৈ পত্নী সুনীতা আহুজাৰ আচৰিত ধৰণৰ মন্তব্যৰ বাবেহে শিৰোনামত থাকে । প্ৰায় চাৰি দশক ধৰি বিবাহিত গোবিন্দা আৰু সুনীতা শেহতীয়াকৈ তেওঁলোকৰ বৈবাহিক সম্পৰ্কৰ বাবে সঘনাই চৰ্চাত আছে । সুনীতাই গোবিন্দাৰ বিৰুদ্ধে অবিশ্বাসৰ অভিযোগ উত্থাপন কৰিছে, বিপৰীতে এই অভিযোগ অভিনেতাজনে তীব্ৰভাৱে অস্বীকাৰ কৰিছে ।

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত তাৰকা পত্নীগৰাকীয়ে কয় যে সৰু সৰু ছোৱালীয়ে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ আকাংক্ষাৰে গোবিন্দাক প্ৰলোভিত কৰে । তেওঁলোকৰ বিবাহ বেমেজালিৰ মাজত সোমাই পৰিছে বুলি খবৰ বিয়পি পৰাৰ মাজতে এতিয়া অনলাইনত প্ৰকাশ পাইছে সুখৰ সময়ৰ এটা ভিডিঅ’ । ভিডিঅ'টোত, সুনীতাক বৰ্তমানৰ নিৰ্ভীক ৰূপৰ বিপৰীতে এগৰাকী প্ৰাণচঞ্চলা অভিনেতা পতিৰ প্ৰতি আনুগত্যশীল পত্নী হিচাপে দেখা গৈছে ।

Sunita Ahuja Admits Being 'Jealous' About Govinda Working With Gorgeous Women
পৰিয়ালৰ সৈতে গোবিন্দা (Photo: IANS)

উক্ত ভিডিঅ'টো গোবিন্দা আৰু সুনীতাৰ কন্যা টিনাৰ প্ৰথমটো জন্মদিনৰ । মন কৰিবলগীয়া যে, অভিনেতাজনে অনুৰাগীক নিৰাশ কৰাৰ ভয়ত নিজৰ বিবাহ বহুদিন ধৰি লুকুৱাই ৰাখিছিল । ছোৱালীজনী এবছৰীয়া হোৱাৰ পিছতহে তেওঁলোকে নিজৰ সংসাৰৰ কথা ৰাজহুৱা কৰে ।

এতিয়া ভাইৰেল হৈ পৰা এই চুটি ক্লিপটোৱেই বিবাহিত দম্পতী হিচাপে তেওঁলোকক প্ৰথম দৰ্শন । গোবিন্দাই নিজৰ জীৱনৰ তিনিগৰাকী গুৰুত্বপূৰ্ণ মহিলাৰ বিষয়ে আৱেগিক সুৰেৰে কোৱা দেখা যায় : মাক, পত্নী আৰু কন্যা ।

অভিনেতাগৰাকীয়ে কয় যে তেওঁ শ্ৰেষ্ঠত্বৰ উপহাৰেৰে ধন্য, আৰু ভগৱানে তেওঁৰ প্ৰতি দয়া কৰিছে ।

Sunita Ahuja Admits Being 'Jealous' About Govinda Working With Gorgeous Women
২০২৫ চনৰ গণেশ চতুৰ্থীৰ সময়ত গোবিন্দা আৰু সুনীতা আহুজা (Photo: IANS)

যেতিয়া সুনীতাৰ কথা কোৱাৰ পাল পৰিছিল, সংযত ভংগীমাৰে তেওঁ স্বীকাৰ কৰিছিল যে, গোবিন্দাক ছেটত সুন্দৰী মহিলাই আগুৰি থকাৰ বাবে তেওঁ ঈৰ্ষা অনুভৱ কৰিছিল । "এয়া তেওঁৰ পেছা । মই কি ক'ব পাৰিম ? এয়া তেওঁৰ কাম; তেওঁ এইটো কৰিবই লাগিব," তেওঁ কৈছিল । "যদি আপুনি মোক সোধে যে মই ঈৰ্ষান্বিত অনুভৱ কৰোঁ নেকি, যিকোনো মহিলাই কৰিব । কিন্তু যিহেতু এয়া তেওঁৰ পেছা, মই বিশেষ একো নকওঁ," তেওঁ লগতে আৰু কয় ।

শেহতীয়াকৈ এটা নিউজৱায়াৰৰ সৈতে হোৱা এক মত বিনিময়ত গোবিন্দাই নিজৰ ব্যক্তিগত জীৱনত সৃষ্টি হোৱা অশান্তি আঁৰত “ষড়যন্ত্ৰ”ৰ গোন্ধ পাইছে বুলি কয় ৷ তেওঁৰ পৰিয়ালক গম নোপোৱাকৈয়ে “ব্যৱহাৰ” কৰা হৈছে বুলিও দাবী কৰে ।

“কিমানবাৰ বিয়া হৈছো ? ৪০ বছৰ হ’ল । ২–৩ বাৰ বিয়া হৈছে নেকি ? যিসকলে বহুবাৰ বিয়া পাতিছে, তেওঁলোকৰ পত্নীয়ে একো নকয়, আৰু তেওঁলোকে ঘূৰি ফুৰে আৰু জীৱন উপভোগ কৰে,” অভিনেতাগৰাকীয়ে কয় । “ফিল্ম লাইনত থকা মানুহে এইবোৰ কথা সামাজিকভাৱে আলোচনা নকৰে... অৱশ্যে একাষৰীয়া হ’লে এইবোৰৰ পৰা কেনেকৈ ওলাই আহিব পাৰি সেই কথা চিন্তা কৰে ।”

Sunita Ahuja Admits Being 'Jealous' About Govinda Working With Gorgeous Women
টিনা আহুজা, গোবিন্দা আৰু সুনীতা আহুজা (Photo: IANS)

গোবিন্দাই প্ৰকাশ কৰে যে, তেওঁৰ পৰিয়ালে আঘাতজনক বক্তব্য দিয়াটো বন্ধ কৰিলে তেওঁ ভাল পাব । “মই অনুৰোধ কৰিব বিচাৰো যে মোৰ জীৱনত এনে পৰিস্থিতিৰ সৃষ্টি নকৰিব যিয়ে মোৰ বাবে শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে ৷ এয়া মোৰ অনুৰোধ- বিশেষকৈ মোৰ নিজৰ পৰিয়াললৈ ।”

ই টিভি ভাৰতৰ সৈতে হোৱা এক মত বিনিময়ত সুনীতাই নতুন বছৰত গোবিন্দাৰ পৰা কি আশা কৰিছে সেই বিষয়ে কোৱাৰ পিছতে তেওঁৰ এই মন্তব্য আহিছে ।

“নতুন বছৰ অৰ্থাৎ ২০২৬ত গোবিন্দাই নিজক সলনি কৰি ঘৰলৈ উভতি আহক । পৰিয়ালতকৈ এই পৃথিৱীত কোনো ডাঙৰ নহয় । টকাৰ বাবে মানুহ আহে আৰু যায়, কিন্তু পৰিয়ালৰ প্ৰেম হৃদয়ৰ পৰাই আহে”, বিগত সপ্তাহত শিৰডী সাই বাবা মন্দিৰত প্ৰাৰ্থনা কৰাৰ পিছত ইটিভি ভাৰতক এইদৰে কয় সুনীতাই ।

গোবিন্দা আৰু সুনীতাৰ বিচ্ছেদৰ খবৰ চলি থকা এতিয়া প্ৰায় এবছৰতকৈও অধিক সময় হ’ল । ২০২৫ চনত যেতিয়া তেওঁলোকে একেলগে গণেশ চতুৰ্থী উদযাপন কৰিছিল, তেতিয়া চমুকৈ এই দম্পতীটোৱে নতুনকৈ জীৱন আৰম্ভ কৰা বুলি ভবা হৈছিল ।

লগতে পঢ়ক : প্ৰথমে সমস্যা পৰিয়ালতেই আৰম্ভ হয়, তাৰ পাছতহে সমাজলৈ কথাবোৰ বিয়পে : গোবিন্দা