ETV Bharat / entertainment

অপূৰ্ণ হৈ ৰ’ল আশা ভোছলেৰ সপোন; ৮ ছেপ্টেম্বৰত জন্মদিন উদযাপন কৰিব বিচাৰিছিল কিংবদন্তি গায়িকাগৰাকীয়ে

আশা ভোছলেৰ ডাঙৰ ইচ্ছা আছিল ৯৩ সংখ্যক জন্মদিনত এটা সংগীতানুষ্ঠান কৰাৰ ৷ পুৰণি বাৰ্তালাপ সুঁৱৰি আৱেগিক হৈ পৰিল সুদেশ ভোছলে ।

Sudesh Bhosle reveals Asha Bhosle's unfulfilled wish of a musical show on her 93rd birthday in September
অপূৰ্ণ ৰৈ গ’ল আশা ভোছলেৰ সপোন (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : May 5, 2026 at 11:49 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : প্ৰখ্যাত গায়ক সুদেশ ভোছলেয়ে কিংবদন্তি গায়িকা আশা ভোছলেৰ এটি অপূৰ্ণ ইচ্ছাৰ বিষয়ে শেহতীয়াকৈ ব্যক্ত কৰিছে । তেওঁ জনোৱা মতে, ৮ ছেপ্টেম্বৰত আশা ভোছলেৰ ৯৩ সংখ্যক জন্মদিনত তেওঁ এটি বৃহৎ সংগীতানুষ্ঠান (musical show) কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল । কিন্তু সুদেশ ভোছলেয়ে দুখেৰে উল্লেখ কৰে যে, এই বিশেষ অনুষ্ঠানটো এতিয়া আৰু সম্ভৱ নহ’ব ।

সংগীত অনুষ্ঠান ‘ইণ্ডিয়ান আইডল’ত অংশগ্ৰহণ কৰা গায়কজনে কিংবদন্তি গায়িকা আশা ভোছলেৰ মনৰ ইচ্ছাৰ কথা ব্যক্ত কৰিছে । এজন গায়ক তথা কবি হিচাপে পৰিচিত সুদেশ ভোছলেয়ে কয়, “প্ৰায় ডেৰ মাহ আগতে মই তেওঁৰ ঘৰলৈ গৈছিলো । মোক দেখাৰ লগে লগে তেওঁ কৈছিল - ‘‘সুদেশ, ৮ ছেপ্টেম্বৰৰ তাৰিখটো মনত ৰাখিবি, মোৰ জন্মদিনত আমি এটা শ্ব’ কৰিব লাগিব’।” এই কথাখিনি কৈ আৱেগিক হৈ পৰা সুদেশে থোকাথুকি মাতেৰে কয়, “যিটো এতিয়া আৰু কেতিয়াও সম্ভৱ নহ’ব ।”

তেওঁ পুনৰ কয়, “মাজতে এনেকুৱা কিছুমান কথা ঘটিল যে মই দুবছৰমান তেওঁৰ লগত নাছিলোঁ । তাৰ পাছত এদিন আশা জীৰ ফোন আহিল । তেওঁ ক’লে - ‘‘সুদেশ, তই নাই যেতিয়া মই আজিকালি ডুয়েট (যুগল গীত) নাগাওঁ । মই অকল ছ’ল’ (একক গীত) হে গাই আছোঁ ।’’ সেই কথা পাতি থাকোঁতে আমি দুয়ো কান্দি পেলাইছিলোঁ ।

Sudesh Bhosle reveals Asha Bhosle's unfulfilled wish of a musical show on her 93rd birthday in September
আশা ভোছলেৰ ডাঙৰ ইচ্ছা আছিল ৯৩ সংখ্যক জন্মদিনত এটা সংগীতানুষ্ঠান কৰাৰ (Photo : IANS)

প্ৰতিযোগীসকলক উদ্দেশ্য কৰি তেওঁ আৰু কয়, “মই আমাৰ প্ৰতিযোগীসকলক ক’ব বিচাৰোঁ যে যদি তোমালোকৰ কোনো গুৰু নাই, তেন্তে লতা জী আৰু আশা জীৰ গানবোৰ এশবাৰকৈ শুনা । অৰুণ পাডৱাল জীয়ে কৈছিল - প্ৰথমে ‘কানসেন’ (ভালদৰে শুনিব পৰা লোক) হোৱা, তাৰ পাছতহে ‘তানসেন’ (সংগীতজ্ঞ) হ’বলৈ চেষ্টা কৰিবা ।”

আৰু অধিক আৱেগিক হৈ সুদেশ ভোছলেয়ে কয়, “মোৰ মনে এতিয়াও মানি ল’বলৈ প্ৰস্তুত নহয় যে তেওঁ (আশা ভোছলে) আমাৰ মাজত আৰু নাই ।” ইয়াৰ পিছতে তেওঁ ‘জিন্দেগী এক ছফৰ হে সুহানা’ গীতটি আশা ভোছলেৰ নামত উৎসৰ্গা কৰে । সংগীত জগত আৰু চলচ্চিত্ৰলৈ এইগৰাকী জ্যেষ্ঠ শিল্পীৰ অৱদানৰ কথা স্মৰণ কৰি সেই বিশেষ অনুষ্ঠানটোত উপস্থিত থকা মনোজ মুণ্টাশ্বিৰে কয়, “এজন ব্যক্তিয়ে গোটেই জীৱনত সিমানবোৰ গান শুনিব নোৱাৰে, যিমানবোৰ গান অকলে আশা জীয়ে গাই থৈ গৈছে ।”

কিংবদন্তি গায়িকা আশা ভোছলেৰ ৮৩ বছৰীয়া বৰ্ণিল সংগীত যাত্ৰাৰ সমাপ্তি ঘটে এইবছৰতে । বিগত ১২ এপ্ৰিলত বুকুৰ সংক্ৰমণ আৰু অত্যাধিক ভাগৰুৱা অনুভৱ কৰাৰ বাবে ৯২ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

লগতে পঢ়ক : বৰেলীত ১৪ ফুট ওখ ‘ঝুমকা’: আশা ভোছলেৰ প্ৰতি চৰকাৰৰ এক অনন্য শ্ৰদ্ধাঞ্জলি