গন্ধৰ্ব নাট সমাৰোহ, চিত্ৰাংকণ আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ সামৰণি
অভিনয় আৰু সংগীত প্ৰতিষ্ঠান ‘গন্ধৰ্ব’ই একবিংশতিতম বৰ্ষপূৰ্তিত আয়োজন কৰে দুদিনীয়াকৈ গন্ধৰ্ব নাট মহোৎসৱ, জীৱন শিল্পী আদ্য শৰ্মা সোঁৱৰণী চিত্ৰাংকণ প্ৰতিযোগিতা আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা ৷

By ETV Bharat Entertainment Team
Published : December 12, 2025 at 2:53 PM IST
হায়দৰাবাদ : ৫ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ মালিগাঁও বৰিপাৰাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অভিনয় আৰু সংগীত প্ৰতিষ্ঠান ‘গন্ধৰ্ব’ই একবিংশতিতম বৰ্ষপূৰ্তিত আয়োজন কৰা দুদিনীয়া গন্ধৰ্ব নাট মহোৎসৱ, জীৱন শিল্পী আদ্য শৰ্মা সোঁৱৰণী চিত্ৰাংকণ প্ৰতিযোগিতা আৰু ৭ ডিচেম্বৰত পঞ্চদশ বাৰ্ষিক সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ সফল সামৰণি পৰিছে ৷
তৃতীয় বাৰ্ষিক গন্ধৰ্ব নাট মহোৎসৱৰ ৫ ডিচেম্বৰৰ প্ৰথম নাট্য সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে নাট সমালোচক অতুল মজুমদাৰে ৷ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে তেওঁৰ বৰ্ণিল জীৱনৰ আধাৰত ধ্ৰুৱজ্যোতি কুমাৰ পৰিকল্পিত, বিনোদ শৰ্মাৰ ৰচিত আৰু অখিলেশ হাজাৰীৰ পৰিচালিত নাট ‘মই আৰু মোৰ ছা’ মঞ্চস্থ কৰা হয় ৷
নাট সমালোচক অতুল মজুমদাৰে জন্ম শতবাৰ্ষিকীত ‘মই আৰু মোৰ ছা’ গন্ধৰ্বৰ এক দায়বদ্ধ নাট্যাৰ্ঘ বুলি অভিহিত কৰি নাটখন অসমৰ বিভিন্ন ঠাইৰ লগতে ৰাজ্যৰ বাহিৰতো মঞ্চায়ন কৰাত গুৰুত্ব আৰোপ কৰে ৷ নাটখনিৰ সফল মঞ্চায়নে দৰ্শকক মন্ত্ৰমুগ্ধ কৰে ৷ নাটখনিৰ সামৰণিত ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদিকা মঞ্জুলা হাজৰিকা আৰু বিশিষ্ট সংগীত শিল্পী মনীষা হাজৰিকা আৰু লোক-সাংস্কৃতিৰ গৱেষক লীলাধৰ হাজৰিকাই ‘মই আৰু মোৰ ছা’ৰ দৰে এখন জটিল নাটক সফলতাৰে মঞ্চায়ন কৰি সামাজিক দায়বদ্ধতাৰ উজ্জ্বল চানেকি দাঙি ধৰা বুলি গন্ধৰ্বক প্ৰশংসাৰে ওপচাই দিয়ে ৷

৬ ডিচেম্বৰৰ সন্ধিয়াৰ দ্বিতীয় নাট্য সন্ধিয়াটি সদ্যপ্ৰয়াত শিল্পী জুবিন গাৰ্গৰ নামত উছৰ্গিত কৰা হয় ৷ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে জ্যেষ্ঠ নাট্য যোদ্ধা মকবুল হকে ৷ দীৰ্ঘকাল ধৰি পেচাদাৰী-অপেচাদাৰী নাট্যদলত অভিনয়, নাট পৰিচালনা, বোলছবিত অভিনয় কৰি সুখ্যাতি অৰ্জা বৰ্তমান পাটাছাৰকুছিৰ বাসিন্দা মকবুল হকক সম্বদ্ধৰ্না জনোৱাৰ লগতে দ্বিতীয় নাট্য সন্ধিয়াটি তেখেতৰ দ্বাৰা মঞ্চ মুকলি কৰা হয় ৷ নাট্য সন্ধিয়াটিত নিবেদিত আলহী দলৰ নাট দুখন হৈছে– সৃষ্টি কলা-কৃষ্টি কেন্দ্ৰ, গুৱাহাটীৰ ‘চকু’ আৰু নটতীৰ্থ, গুৱাহাটীৰ ‘এ বিউটিফুল মেলডী’ ৷
সেইদিনা আবেলি জীৱন শিল্পী আদ্য শৰ্মা সোঁৱৰণী চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ উক্ত প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰি বঁটা লাভ কৰে যথাক্ৰমে– কৰিস্মিতা কলিতা (পূৰ্ণকান্ত দাস সোঁৱৰণী বঁটা), আৰাধ্যা দত্ত (কমলাকান্ত দাস সোঁৱৰণী বঁটা) আৰু কৃষ্টিনা বৈশ্যই (বিমল চন্দ্ৰ হাজৰিকা সোঁৱৰণী বঁটা) ৷

৭ ডিচেম্বৰৰ পুৱা গন্ধৰ্বৰ পঞ্চদশ বাৰ্ষিক সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগেয়ে ‘গন্ধৰ্ব’ৰ পতাকা উত্তোলন কৰে বিশিষ্ট সংগীত শিল্পী কমল কটকীয়ে ৷ প্ৰতিযোগিতাৰ মঞ্চ মুকলি কৰে আন এগৰাকী বিশিষ্ট সংগীত শিল্পী অঞ্জু দেৱীয়ে ৷ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় চাৰি কুৰি প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ‘ক’ শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰি বঁটা পাবলৈ সক্ষম হয় যথাক্ৰমে– গুৱাহাটীৰ মুনমী দেৱী (গীতা ঠাকুৰীয়া সোঁৱৰণী বঁটা), গুৱাহাটীৰ কাংকান মিলি (যুগমায়া বৈশ্য সোঁৱৰণী বঁটা) আৰু নগাঁৱৰ (চকলাঘাট]ৰ কৃষ্টিকন্যা শইকীয়াই (যুঁজীৰাম কুমাৰ আৰু নিৰ্মলা কুমাৰ সোঁৱৰণী বঁটা) ৷
ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ‘খ’ শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰি বঁটা লাভ কৰে যথাক্ৰমে– গুৱাহাটীৰ ভাৰ্গৱী গোস্বামী (হৰেন্দ্ৰনাথ কুমাৰ আৰু কুসুম কুমাৰ সোঁৱৰণী বঁটা), গুৱাহাটী (মালিগাঁও)ৰ নিৰ্মালী দাস (আইকন ডেকা সোঁৱৰণী বঁটা) আৰু নলবাৰীৰ জেনিফাৰ আহমেদে (আনন্দ ভূঞা আৰু বনফুল ভূঞা সোঁৱৰণী বঁটা) ৷
বিজয়ী প্ৰতিযোগীসকলক ডঃ ভূপেন হাজৰিকাৰ একোখনকৈ গ্ৰন্থ প্ৰদান কৰা হয় (গ্ৰন্থৰ দাঁতা- অখিলেশ হাজাৰী) ৷ ভূপেন্দ্ৰ সংগীতৰ বিচাৰকৰ আসন শুৱনি কৰে বিশিষ্ট সংগীত শিল্পীদ্বয় কমল কটকী আৰু অঞ্জু দেৱীয়ে ৷
গন্ধৰ্ব নাট মহোৎসৱ, জীৱন শিল্পী আদ্য শৰ্মা সোঁৱৰণী চিত্ৰাংকণ প্ৰতিযোগিতা আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী সমূহ শিল্পীলৈ গন্ধৰ্ব পৰিয়ালবৰ্গই শলাগৰ শৰাই আগবঢ়াই আৰু সহৃদয় দৰ্শক আৰু বিচাৰক মণ্ডলীৰ আন্তৰিকতাপূৰ্ণ সহযোগৰ বাবেও কৃতজ্ঞতা জনায় ৷

