জন্মদিনৰ প্ৰাকক্ষণত জুবিনৰ বাসগৃহত জুবিনৰ প্ৰতিমূৰ্তি স্থাপন
সাজু হৈছে প্ৰাণৱন্তৰূপত জুবিনৰ প্ৰতিমূৰ্তি । প্ৰায় এমাহজোৰা প্ৰচেষ্টাৰ অন্তত জুবিনৰ প্ৰতিমূৰ্তি সাজু ৷ জুবিনৰ কাহিলীপাৰাৰ বাসগৃহত প্ৰতিষ্ঠা কৰা হ’ব জুবিনৰ প্ৰতিমূৰ্তি ।

By ETV Bharat Entertainment Team
Published : November 17, 2025 at 5:54 PM IST
গুৱাহাটী : ১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন । সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিনৰ এই বিশেষ দিনটোত গুৱাহাটীৰ কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত প্ৰতিষ্ঠা কৰা হ’ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ।
বিগত প্ৰায় এমাহজুৰি কেইগৰাকীমান ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰি থকা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো সাজু হৈ উঠিছে । প্ৰায় এমাহৰ অন্তত শিল্পীসকলে দিনে-নিশাই কৰা কষ্টই প্ৰাণ পাই উঠিছে ৷ প্ৰাণৱন্ত ৰূপত সম্পূৰ্ণ কৰি তোলা হৈছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো ।
গুৱাহাটীৰ নুনমাটিত নিৰ্মাণ কৰি থকা এই প্ৰতিমূৰ্তিটো যেন সাইলাখ জুবিন গাৰ্গৰ ৰূপত প্ৰাণ পাই উঠিছে । জুবিন গাৰ্গৰ জন্মদিনৰ প্ৰাকমুহূৰ্তত নিৰ্মাণ হৈ থকা প্ৰতিমূৰ্তিটোত শেষ পৰশ দি জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহলৈ লৈ যোৱাৰ বাবে সাজু কৰি তোলা হৈছে ।
ভাস্কৰ্য শিল্পী জ্যোতিশংকৰ ভট্টাচাৰ্যৰ তত্বাৱধানত মঞ্জিত কলিতা, হীৰকজ্যোতি ডেকা, ৰূপম ডেকা আৰু দ্বীপজ্যোতি ডেকাৰ হাতৰ পৰশত প্ৰায় এমাহৰ অন্তত আজি প্ৰাণ পাই উঠিছে জুবিন গাৰ্গৰ দৰে অবিকল ৰূপত তেওঁৰ প্ৰতিমূৰ্তিটো । জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ হোৱাৰ পিছতেই সংবাদ মাধ্যমৰ আগত ভাস্কৰ্য শিল্পী জ্যোতিশংকৰ ভট্টাচাৰ্যই কয়, "প্ৰতিমূৰ্তিটো সম্পূৰ্ণ কৰোঁতে প্ৰায় এমাহ সময় লাগিল । আমাৰ গোটেই টীমটোত সাতজন লোক জড়িত আছিল । আমাৰ দলটোত কাঠৰ ফ্ৰেম, মাটিৰ ফ্ৰেম, তথা কাষ্টিং কৰাৰ পৰা সকলোৱে কষ্ট কৰিছে । জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত প্ৰতিমূৰ্তিটো প্ৰতিষ্ঠা কৰা হ’ব ।”
তেওঁ লগতে কয়, “আমি স-সন্মানেৰে গামোচা পাৰি গাড়ীৰ চীট খুলি প্ৰতিমূৰ্তিটো কাহিলীপাৰাৰ বাসগৃহলৈ লৈ যাম । প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা আমাৰ গোটেই টীমটোত ফাইবাৰ কাষ্টিঙৰ কাম কৰিছে দুই ভাই-ককাই ৰূপম ডেকা, দ্বীপজ্যোতি ডেকাই, আৰ্টিষ্ট ৰূপে কাম কৰিছে হীৰকজ্যোতি ডেকা, কাঠৰ আৰু মাটিৰ কাম কৰিছে ধৰ্মেন্দ্ৰ কলিতা আৰু গোপাল দাসে আৰু মোৰ সৈতে আছিল শিল্পী মঞ্জিত কলিতা । আমি সকলোৱে টীম হিচাপে কামসমূহ কৰি যাওঁ ।"
আনহাতে প্ৰতিমূৰ্তিটো কাঠেৰে ফ্ৰেম বনাই মাটিৰে ভাস্কৰ্য নিৰ্মাণ কৰাৰ পিছত ফাইবাৰ গ্লাছ লগাই কপাৰ ব্ৰঞ্জ ৰং সানি সাজু কৰি তোলা হৈছে । উল্লেখ্য যে জুবিনৰ সৈতে বহু ঘনিষ্ঠ তথা মিছন চাইনা, কাঞ্চনজংঘা, ৰৈ ৰৈ বিনালে, কলাগুৰু ফেষ্টিভেলত কলা নিৰ্দেশক ৰূপে কাম কৰা ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰাপক কলা নিৰ্দেশক জ্যোতিশংকৰ ভট্টাচাৰ্যৰ তত্বাৱধানতে নিৰ্মাণ কৰা হৈছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো । কোনো পাৰিশ্ৰমিক নোহোৱাকৈ সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাত নিৰ্মাণ কৰিছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো ।
লগতে পঢ়ক : গাৰ নোম শিঁয়ৰি উঠা কথা, অসমত এটা নতুন জাতি-ধৰ্মৰ সৃষ্টি হৈছে

